NORTHEAST NOW (Assamese)

নিজৰ মুখমণ্ডলত ‘বোটক্স’ ব্যৱহাৰ কৰিছে পুটিনে, কি এই বোটক্স, কিয় লগাইছে পুটিনে?

April 28, 2022 1:06 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: April 28, 2022 1:08 pm

তেওঁ অপ্ৰতিৰোধ্য। তেওঁ এগৰাকী শক্তিশালী ৰাষ্ট্ৰনায়ক। তাৰ মাজতে গুঞ্জন উঠে, ভদ্ৰলোকজন অমৰ! ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছৰে পৰা বিশ্বৰ চকু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ওপৰতে নিবদ্ধ হৈ আছে। খবৰ আহিছে পুটিন একাধিক শাৰীৰিক সমস্যাত ভুগি আছে।

ৰাছিয়াই ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনত যুদ্ধ আৰম্ভ কৰিছিল। ইমান দিনৰ বিৰতিৰ মূৰতো পুটিন বাহিনীয়ে কিয়েভ দখল কৰাত এতিয়ালৈ সফল হ’ব পৰা নাই। ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ নেতৃত্বত ইউক্ৰেইনৰ বাহিনীয়ে মৰণ পণ যুঁজ দিয়েই আছে। এনে পৰিস্থিতিত স্পষ্ট যে পুটিন প্ৰৱল চাপত আছে। যুদ্ধৰ উত্তেজনা, আমেৰিকা আৰু নাটোৰ সৈতে সংঘৰ্ষৰ আশংকা আৰু ৰুছ বাহিনীৰ “বিফলতা”ই পুটিনক মানসিকভাৱে যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছে। বহুতে কব বিচাৰে যে ঘটনাবোৰৰ প্ৰভাৱ তেওঁৰ শৰীৰৰ ওপৰতো পৰিছে। শেহতীয়াকৈ, চিডনীৰ এগৰাকী শল্য চিকিৎসকে ইনষ্টাগ্ৰামত পুটিনৰ ভিন ভিন বয়সৰ দুখন ফটো পোষ্ট কৰিছে। চিকিৎসকগৰাকীৰ দাবী পুটিনে তেওঁৰ যৌৱন বজাই ৰাখিবলৈ মুখত বোটক্স প্ৰয়োগ কৰি আছে।

এতিয়া প্ৰশ্ন হৈছে, পুটিনে মুখত কিয় কছমেটিক অস্ত্ৰোপচাৰ কৰিছে? news.com.au নামৰ সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বিশ্বৰ সন্মুখত ষ্ট্ৰং মেনৰ ইমেজ বজাই ৰখাৰ বাবেই পুটিনৰ এই প্ৰচেষ্টা। পুটিনে নিজৰ বয়স-সম্পৰ্কীয় দুৰ্বলতা বিশ্বৰ আগত উন্মোচন কৰিব নিবিচাৰে। নিউয়ৰ্ক পোষ্টে দাবী কৰিছে যে পুটিনক শেহতীয়াকৈ দেশৰ অলিম্পিক খেলুৱৈসকলৰ সৈতে এটা অনুষ্ঠানত দেখা পোৱা গৈছিল। অনুষ্ঠানৰ ফটোবোৰত ৰাষ্ট্ৰপতিজনক স্পষ্টভাৱে শেঁতা পৰা অৱস্থাত দেখা গৈছিল। কেইদিনমান আগতে বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেঙ্কোৰ সৈতে হোৱা বৈঠকতো পুটিনক অতি দুৰ্বল যেন লাগিছিল।

অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, কানাডা, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ এই পাঁচখন দেশৰ ‘ফাইভ আইজ’ নামৰ এক গুপ্তচৰৰ মিত্ৰজোঁট আছে। মিত্ৰজোঁটটোৱে দাবী কৰিছে যে পুটিনৰ শেহতীয়া ফুটেজবোৰত তেখেতৰ শৰীৰত বৃদ্ধাৱস্থা স্পষ্টকৈ প্ৰতিফলিত হৈছে। তাৰোপৰি পুটিনে কিছু অস্বাভাৱিক আচৰণো কৰা দেখা গৈছে। পুটিনে নিজকে বিশ্বৰ সন্মুখত কেতিয়াও বুঢ়া হোৱাটো দেখুৱাব নিবিচাৰে। সেইবাবেই ব্যয়বহুল বোটক্সৰ সহায় লৈছে।

বোটক্স হৈছে এবিধ বিশেষ ভাবে প্ৰস্তুত কৰা দৰৱ, যি দৰৱ প্ৰয়োগ কৰাৰ ফলত শৰীৰৰ , বিশেষকৈ মুখমণ্ডলৰ স্নায়ুসমূহে পেশীলৈ সংকেত প্ৰেৰণ কৰিব নোৱাৰা হৈ পৰে। স্নায়ুৰ পৰা সংকেত নোপোৱাৰ ফলত পেশীবোৰ সংকুচিত নহয়। ফলত মানুহ এজনৰ ছালত বলি ৰেখা পৰিব নোৱাৰে আৰু তেওঁৰ বয়স যিমান বাঢ়িলেও ডেকা হৈয়েই থাকে।

Related News