• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ইউক্ৰেইনৰ সকলোখিনি আমাৰ’! দাবী ভ্লাদিমিৰ পুটিনৰ, তীব্ৰ প্ৰতিবাদ ভ’ল’ডিমাইৰ জেলেনস্কিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2025 2:52 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁ ভাবে যে সমগ্ৰ ইউক্ৰেইনেই ৰাছিয়াৰ। এইদৰেই জনালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। সেইদৰে ইউক্ৰেইনৰ অধিক ভূমি দখল কৰাৰো সতৰ্কবাণী দি ৰাখে। শুকুৰবাৰে পুটিনে এই মন্তব্য কৰাৰ পিছতে সৰৱ হৈছে ইউক্ৰেইন।

তেওঁলোকে কয় যে আমেৰিকাই ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত শান্তি ঘূৰাই আনিবলৈ চেষ্টা কৰা পদক্ষেপৰ প্ৰতি পুটিনৰ ‘ঘৃণা’ তেওঁৰ মন্তব্যত স্পষ্ট। ইউক্ৰেইনৰ অধিক মাটি দখল কৰা আৰু অধিক নাগৰিকক হত্যা কৰাৰ দিশত তেওঁৰ প্ৰৱণতা প্ৰৱল।

Apply Now

ইউক্ৰেইনৰ এক পঞ্চমাংশ ভূমি এতিয়া ৰাছিয়াৰ নিয়ন্ত্ৰণত আছে। ৰাছিয়াই ক্ৰিমিয়াকো দখল কৰিছে। ৰাছিয়াই লুহানস্ক অঞ্চলৰ ৯৯ শতাংশ, ডনেস্ক অঞ্চলৰ ৭০ শতাংশ, জাপ’ৰিজিয়া, খেৰচন অঞ্চল, খাৰ্কিভ, ছুমি আৰু ড্নিপ্ৰ’পেট্ৰ’ভস্ক অঞ্চলৰ কিছু অংশ নিয়ন্ত্ৰণ কৰে।

শুকুৰবাৰে চেণ্ট পিটাৰ্ছবাৰ্গ আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক মঞ্চত পুটিনক সোধা হৈছিল যে ইউক্ৰেইনত ৰাছিয়াই কিমান দূৰলৈ যাব। ইয়াৰ উত্তৰত তেওঁ কয় যে তেওঁ ৰাছিয়ান আৰু ইউক্ৰেইনীয়সকলক একে বুলি গণ্য কৰে। তেওঁৰ ভাষাত “সেই সূত্ৰে গোটেই ইউক্ৰেইনে আমাৰ।”

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে আৰম্ভণিৰে পৰাই পুটিনৰ এই দাবী নাকচ কৰি আহিছে। তেওঁ বাৰে বাৰে দাবী কৰি আহিছে যে ৰাছিয়ান আৰু ইউক্ৰেইনৰ লোক কেতিয়াও একে নহয়। কিয়েভ আৰু পশ্চিমৰ ইয়াৰ “বন্ধুত্বপূৰ্ণ” দেশসমূহেও কয় যে ৰাছিয়াই ক্ৰিমিয়া আৰু ইউক্ৰেইনৰ অঞ্চলসমূহ নিয়ন্ত্ৰণ কৰাৰ দাবী অবৈধ।

পূব ইউক্ৰেইনক আক্ৰমণ কৰাৰ আঠ বছৰ পিছত ২০২২ চনত ৰাছিয়াই সেই দেশখনৰ সৈতে প্ৰত্যক্ষ সংঘাতত লিপ্ত হয়। শুকুৰবাৰে পুটিনে কয় যে তেওঁ ইউক্ৰেইনৰ স্বাধীনতাৰ সন্দৰ্ভত কোনো প্ৰশ্ন উত্থাপন কৰিব নিবিচাৰে। কিন্তু ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত যেতিয়া ইউক্ৰেইনে স্বাধীনতা ঘোষণা কৰিছিল, তেতিয়া ই নিৰপেক্ষ হৈ থকাৰ প্ৰতিশ্ৰুতি দিছিল।

পুটিনে দাবী কৰে যে ইউক্ৰেইনে সেই নিৰপেক্ষতা বজাই ৰাখিব পৰা নাই। পুটিনে ইউক্ৰেইনৰ নাটোত যোগদান আৰু আমেৰিকা আৰু পশ্চিম ইউৰোপৰ দেশসমূহৰ সৈতে ইয়াৰ “ঘনিষ্ঠতা”ৰ কথা উল্লেখ কৰা বুলি অনুমান কৰা হৈছে। তেওঁ এটা ফকৰাও উল্লেখ কৰে। তেওঁৰ কথাত ‘’ৰাছিয়াৰ সেনাই য’তেই ভৰি দিয়ে, সেয়াই আমাৰ।’

ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী এণ্ড্ৰি ছিবিহাই টুইটাৰত লিখিছে, “পুটিনৰ এই মন্তব্যই শান্তি পুনৰুদ্ধাৰৰ বাবে আমেৰিকাৰ প্ৰচেষ্টাৰ প্ৰতি অৱজ্ঞা প্ৰকাশ কৰিছে।” তেওঁ লগতে কয় যে আমেৰিকা আৰু বিশ্বৰ অন্যান্য দেশসমূহে যুদ্ধ বন্ধ কৰিবলৈ চেষ্টা কৰাৰ সময়তে ৰাছিয়াই ইউক্ৰেইনৰ অধিক ভূখণ্ড দখল কৰি ইউক্ৰেইনৰ লোকক হত্যা কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। জেলেনস্কিয়ে ভিডিঅ’ বাৰ্তাযোগে কয় যে ৰাছিয়াই আচলতে যুদ্ধ অব্যাহত ৰাখিব বিচাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd