• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

ব্ৰিকছক বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ অৰ্থনৈতিক মিত্ৰতা হিচাপে তুলি ধৰিছে পুটিনে। তেওঁৰ মতে, বিশ্ব অৰ্থনীতিত এতিয়া বৃহৎ পৰিৱৰ্তন ঘটিছে। সেই পৰিৱৰ্তনৰ লগত সংগতি ৰাখি ব্ৰিকছৰ সদস্য দেশসমূহৰ প্ৰভাৱো বাঢ়িছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 12, 2026 7:50 am
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব অৰ্থনীতিত কাৰ আধিপত্য বেছি? G7 নে BRICSৰ? এই প্ৰশ্নই এতিয়া কূটনৈতিক মহলক চিন্তিত কৰি তুলিছে। ব্ৰিকছ বিজনেছ ছামিট ২০২৬ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে জি-৭ দেশসমূহৰ অৰ্থনৈতিক গুৰুত্বক লৈ প্ৰত্যক্ষভাৱে প্ৰশ্ন উত্থাপন কৰিছে। একে সময়তে তেওঁ ব্ৰিকছৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ ওপৰতো আলোকপাত কৰে।

পুটিনে দাবী কৰে যে বৰ্তমান বিশ্ব অৰ্থনীতিত ব্ৰিকছ দেশসমূহৰ অংশ প্ৰায় ৪০ শতাংশ। আনহাতে জি-৭ দেশৰ অংশ প্ৰায় ১৮ শতাংশ। পৰিসংখ্যাৰ উদ্ধৃতি দি ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ব্ৰিকছৰ অৰ্থনৈতিক শক্তি দ্ৰুতগতিত বৃদ্ধি পাইছে। তেওঁ জি-৭ৰ গুৰুত্বকো কটাক্ষ কৰে। পুটিনে কয়, ‘মই নাজানো তেওঁলোকক কিয় জি ৭ বুলি কোৱা হয়।’

ব্ৰিকছক বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ অৰ্থনৈতিক মিত্ৰতা হিচাপে তুলি ধৰিছে পুটিনে। তেওঁৰ মতে, বিশ্ব অৰ্থনীতিত এতিয়া বৃহৎ পৰিৱৰ্তন ঘটিছে। সেই পৰিৱৰ্তনৰ লগত সংগতি ৰাখি ব্ৰিকছৰ সদস্য দেশসমূহৰ প্ৰভাৱো বাঢ়িছে।

Apply Now

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাষণে ভাৰতকো চুই গৈছে। তেওঁ উল্লেখ কৰে যে বিশ্ব অৰ্থনীতিত ভাৰতৰ অৱদান দ্ৰুতগতিত বৃদ্ধি পাইছে। তেওঁৰ মতে অনাগত দিনত অৰ্থনৈতিক শক্তিৰ ভাৰসাম্যৰ আৰু অধিক পৰিৱৰ্তন দেখা যাব পাৰে।

কেৱল সদস্য দেশসমূহৰ সৈতে নহয়, ব্ৰিকছৰ বাহিৰৰ দেশসমূহৰ সৈতেও সহযোগিতা বৃদ্ধিৰ বাৰ্তা প্ৰদান কৰিছে পুটিনে। অৰ্থাৎ তেওঁৰ ভাষণত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু অৰ্থনীতিৰ ক্ষেত্ৰত ব্ৰিকছৰ পৰিসৰ আৰু অধিক বৃদ্ধিৰ পৰিকল্পনাৰ কথা উল্লেখ কৰা হৈছে।

ব্ৰিকছৰ ক্ৰমবৰ্ধমান প্ৰভাৱক লৈ পশ্চিমীয়া দেশসমূহৰ সৈতে হোৱা প্ৰতিযোগিতাৰ বিষয়েও পুটিনে কয়। তেওঁ অভিযোগ কৰে যে কিছুমান পশ্চিমীয়া দেশে নিজৰ পুৰণি অৰ্থনৈতিক প্ৰভাৱ পুনৰ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে। ব্ৰিকছক দুৰ্বল কৰাৰ বাবে বিভিন্ন পৰ্যায়ত চাপ সৃষ্টি হোৱা বুলিও তেওঁ দাবী কৰে।

পুটিনে ৰাছিয়াৰ ওপৰত পশ্চিমীয়া দেশসমূহে নিষেধাজ্ঞা আৰোপ কৰাৰ বিষয়টোও উত্থাপন কৰে। তেওঁ দাবী কৰে যে মস্কোৰ ওপৰত একাধিক অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো ৰাছিয়াই নিজৰ অৰ্থনৈতিক কাৰ্যকলাপ বজাই ৰাখিবলৈ সক্ষম হৈছে।

অৱশ্যে পুটিনৰ ভাষণ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰেক্ষাপটতে দেখা গৈছে। দীৰ্ঘদিন ধৰি পশ্চিমীয়া দেশৰ নিষেধাজ্ঞাৰ বিৰোধিতা কৰি আহিছে ৰাছিয়াই। ব্ৰিকছৰ মঞ্চত ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে সেই স্থিতি পুনৰবাৰ দোহাৰিছে।

একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিকছৰ ২০ বছৰীয়া যাত্ৰাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে ২০০৬ চনত মাত্ৰ চাৰিখন দেশৰ সৈতে মিত্ৰতা আৰম্ভ হৈছিল। এতিয়া সদস্য দেশ আৰু অংশীদাৰ দেশকে ধৰি ব্ৰিকছ পৰিয়ালত ২১খন দেশ আছে।

মোদীয়ে দাবী কৰে যে বৰ্তমান ব্ৰিকছ দেশসমূহে বিশ্বৰ প্ৰায় ৫০ শতাংশ জনসংখ্যাক প্ৰতিনিধিত্ব কৰে। বিশ্বৰ জিডিপিৰ প্ৰায় ৪০ শতাংশ আৰু বিশ্বৰ মুঠ বাণিজ্যৰ ২৫ শতাংশতকৈ অধিক এই দেশসমূহৰ সৈতে জড়িত।

প্ৰধানমন্ত্ৰীয়ে বিগত দুটা দশকত ব্ৰিকছৰ অৰ্থনৈতিক বিকাশৰ ওপৰতো আলোকপাত কৰে। তেওঁৰ মতে, এই সময়ছোৱাত সমগ্ৰ বিশ্বৰ জিডিপি প্ৰায় ডেৰ-দুগুণ বৃদ্ধি পোৱাৰ বিপৰীতে ব্ৰিকছ দেশসমূহৰ মুঠ জিডিপি প্ৰায় চাৰে চাৰিগুণ বৃদ্ধি পাইছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd