NORTHEAST NOW (Assamese)

ক’ল’ন বক্সিং বিশ্বকাপত ফাইলাও বসুমতাৰীয়ে নিশ্চিত কৰিলে পদক

April 12, 2019 9:45 am · এন ই নাও নিউজ
Updated: April 12, 2019 10:16 am
ফাইলাও বসুমতাৰী(ৰঙা জাৰ্চি পৰিহিত)। ফটো উৎস : ইণ্টাৰনেট

ক’ল’নত অনুষ্ঠিত হৈ থকা বক্সিং বিশ্বকাপ (Cologne Boxing World Cup)ৰ  ছেমিফাইনেলত প্ৰৱেশ কৰি ভাৰতৰ হৈ পদক নিশ্চিত কৰিছে অসমৰ প্ৰতিভাসম্পন্ন মহিলা বক্সাৰ ফাইলাও বসুমতাৰীয়ে। এই খবৰে স্বাভাৱিকতে অসমৰ ক্ৰীড়া সমাজক উৎফুল্লিত কৰি তুলিছে।

৬৪ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ফাইলাওৱে প্ৰতিযোগিতাখনৰ ছেমিফাইনেলত প্ৰৱেশ কৰা সূত্ৰে তেওঁ ৰূপ নাইবা ব্ৰঞ্জৰ পদক লাভ কৰাতো নিশ্চিত হৈ পৰিছে।

উল্লেখ্য যে চলিত বছৰৰ ফেব্ৰুৱাৰি মাহত বুলগেৰিয়াৰ ছ’ফিয়াত অনুষ্ঠিত হোৱা ৭০ সংখ্যক ষ্ট্ৰেঞ্জা স্মৃতি বক্সিং প্ৰতিযোগিতাত ফাইলাও বসুমতাৰীয়ে ইটালীৰ প্ৰতিপক্ষ খেলুৱৈক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।

ইফালে অহা ১৬ এপ্ৰিলৰ পৰা বেংককত অনুষ্ঠিত হ’ব লগীয়া এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বাবেও অসমৰ এইগৰাকী প্ৰতিভাৱান বক্সাৰ ফাইলু বসুমতাৰীক ৬৪ কেজি শাখাৰ বাবে ৰিজাৰ্ভত ৰখা হৈছে।

আনহাতে অহা ২৭ এপ্ৰিলত অন্ত পৰিব লগীয়া এছিয়ান বক্সিং প্ৰতিযোগিতাখনত ভাৰতীয় মহিলা দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ আন এগৰাকী প্ৰতিভাশালী মহিলা বক্সাৰ লাভলিনা বৰগোহাঁই।

Related News