NORTHEAST NOW (Assamese)

দিব্যাংগক অৱহেলা মন্ত্ৰী হিমন্তৰ : নিযুক্তি-চৰকাৰী আঁচনিত কৌশলৰে বঞ্চিত কৰাৰ অভিযোগ

September 9, 2020 9:14 pm · কল্পজ্যোতি শইকীয়া

ৰাজ্যৰ লক্ষাধিক দিব্যাংগ লোকক নিযুক্তিকে ধৰি চৰকাৰী আঁচনিত বিজেপি নেতৃত্বাধীন চৰকাৰ তথা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৌশলৰে বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে।

আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি সংস্থাৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে কয় ‘ৰাজ্যখনত থকা লাখ লাখ প্ৰতিবন্ধী ব্যক্তিৰ উন্নয়নৰ ক্ষেত্ৰত জাতি-মাটি ভেটি ৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰখনে বিগত চাৰে চাৰিবছৰ কোনো এটা কামেই সম্পূৰ্ণকৈ নকৰিলে।’

ইপিনে, বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই সৌ সিদিনা ঘোষণা কৰা অৰুণোদয় আঁচনিৰ নামতো কিছু কিছু ঠাইত বৈষম্যৰ সৃষ্টি হোৱা বুলি অভিযোগ তুলি মালাকাৰে কয় ‘দিব্যাংগলোকক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ কথা আছিল যদিও কিছু কিছু ঠাইত হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত ব্যাপক খেলি-মেলি হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবন্ধী হোৱা স্বত্তেও পুৰুষ মহিলাৰ প্ৰভেদ আনি প্ৰতিবন্ধীক বঞ্চিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।’

‘বিজেপি কৰ্মী নোহোৱাৰ অজুহাত দেখুৱাই প্ৰতিবন্ধীসকলক প-পত্ৰ দিয়াৰ পৰাও বঞ্চিত কৰিছে। এইখন চৰকাৰৰ আঁচনি নে বিজেপিৰ আঁচনি চৰকাৰে স্পষ্ট কৰক। যদি বিজেপি দলৰ আঁচনি তেন্তে হেঙেৰাবাৰীৰ পৰা আমাক এই আঁচনিৰ সুবিধা দিয়াৰ ব্যৱস্থা কৰক।’

ইয়াৰোপৰি, দিব্যাংগসকলক প্ৰতিমাহে দিয়া ১০,০০ টকা ভাট্টাৰ লগত অৰুণোদয় আঁচনিৰ ৮৩০ টকা ধন যোগ দিবলৈ মালাকাৰে হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।

আনহাতে, নিযুক্তিৰ ক্ষেত্ৰতো চৰকাৰখনে দিব্যাংগক প্ৰতাৰাণা কৰা বুলি অভিযোগ তুলি মালাকাৰে কয় ‘বিগত ফেব্ৰুৱাৰি মাহৰ ১১ তাৰিখে নিযুক্তিৰ ক্ষেত্ৰত দিব্যাংগৰ বাবে ৪ শতাংশ সংৰক্ষণ দাবী কৰি স্বাস্থ্য বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাত এসপ্তাহৰ ভিতৰত বিষয়টো মীমাংসা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও আজিকোপতি ৰহস্যজনক কাৰণত বিষয়টো আলোচনা নকৰাকৈ অৱহেলিত কৰি ৰাখিলে।’

ইপিনে, কেইদিনমান পূৰ্বে শিক্ষকক নিযুক্তি দিলে যদিও এইক্ষেত্ৰতো দিব্যাংগ লোক এগৰাকীকো নিযুক্তি নিদি বা ৪ শতাংশ পদত নিযুক্তি নিদি শিক্ষামন্ত্ৰীয়ে প্ৰতাৰণাৰ আশ্ৰয় লোৱা বুলি তেওঁ দাবী কৰে তেওঁ।

আনহাতে, ৰাজ্যৰ ৩৮২ খন বিদ্যালয় প্ৰাদেশিকীকৰণ কৰিলে যদিও গুৱাহাটী বশিষ্ঠত অৱস্থিত একমাত্ৰ দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে কোনো এখন প্ৰতিবন্ধী বিদ্যালয়ে প্ৰাদেশিকীকৰণ নকৰিলে বুলিও মালাকাৰে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

Related News