ভাৰতৰ কূটনৈতিক জয়! কাটাৰে মুক্তি দিলে ৮ ভাৰতীয় প্ৰাক্তন নৌসেনাৰ বিষয়াক

বিদেশৰ মাটিত ভাৰত চৰকাৰৰ কূটনীতিৰ এক ডাঙৰ জয়। কাটাৰে মুক্ত কৰি দিলে মৃত্যুদণ্ডৰ শাস্তি পোৱা ৮জন প্ৰাক্তন নৌসেনাৰ বিষয়াক। যোৱা বছৰ কাটাৰৰ আদালতে চোৰাংচোৱাগিৰিৰ বাবে তেওঁলোকৰ মৃত্যুদণ্ডৰ শাস্তি ঘোষণা কৰিছিল।

ইয়াৰ পিছতে ভাৰত চৰকাৰে হস্তক্ষেপ কৰিছিল। ভাৰতৰ অনুৰোধত প্ৰথমে মৃত্যুদণ্ড স্থগিত ৰখা হৈছিল আৰু এইবাৰ প্ৰাক্তন নৌসেনাৰ আঠজন বিষয়াক সম্পূৰ্ণৰূপে মুকলি কৰি দিয়া হৈছে।

সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে কাটাৰৰ এই সিদ্ধান্তক আদৰণি জনোৱা হৈছে। ইতিমধ্যে কাটাৰৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰিবলৈ যোৱা আঠজন প্ৰাক্তন নৌসেনাৰ বিষয়াৰ ভিতৰত সাতজন ঘৰলৈ উভতি আহিছে। এজন এতিয়াও ঘূৰি আহিবলৈ বাকী।

লগতে পঢ়কঃ গুৱাহাটীৰ পাৰ্ল্লাৰত দেহ ব্যৱসায় , আৰক্ষীৰ অভিযানত উদ্ধাৰ কেইবাগৰাকীও মহিলা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বিবৃতিত কয় যে “দহৰা গ্ল’বেল কোম্পানীত কাম কৰিবলৈ গৈ কাটাৰত বন্দী হৈ থকা আঠজন ভাৰতীয় নাগৰিকক মুকলি কৰি দিয়াৰ সিদ্ধান্তক আমি আদৰণি জনাইছো। আঠজনৰ ভিতৰত ৭ জন ঘৰলৈ উভতি আহিল। ভাৰতীয়সকলক মুকলি কৰি ঘৰলৈ উভতি যাবলৈ অনুমতি দিয়াৰ বাবে কাটাৰৰ এমিৰেটছৰ সিদ্ধান্তৰ আমি শলাগ লৈছো।”

উল্লেখ্য যে যোৱা বছৰৰ অক্টোবৰ মাহত জানিব পৰা গৈছিল যে চোৰাংচোৱাগিৰিৰ অভিযোগত কাটাৰৰ আদালতে আঠজন ভাৰতীয়ক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। তেওঁলোক ভাৰতীয় নৌসেনাৰ প্ৰাক্তন বিষয়া। ২০২২ চনত তেওঁলোকক গ্ৰেপ্তাৰ হৈছিল।

মৃত্যুদণ্ড ঘোষণা কৰাৰ পিছতে অভিযুক্তৰ পৰিয়ালে ভাৰত চৰকাৰৰ ওচৰত আবেদন জনায়। কাটাৰৰ প্ৰশাসনৰ সৈতেও বাৰ্তালাপ কৰে চৰকাৰে। পিছত কাটাৰৰ আদালতে মৃত্যুদণ্ড কাৰাগাৰলৈ হ্ৰাস কৰে। দেওবাৰে জনা গৈছে যে প্ৰাক্তন সেনা বিষয়াসকলে কাৰাদণ্ডৰ শাস্তিও ভুগিব নালাগে। কাটাৰ চৰকাৰে তেওঁলোকক মুকলি কৰি দিছে।