• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি ৰাণী এলিজাবেথ দ্বিতীয়ক শেষ বিদায় জনাব বিশ্বই, ৱেষ্টমিনষ্টাৰ হলত ৰাণীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 19, 2022 6:58 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৰাণী এলিজাবেথ দ্বিতীয়ক শেষ বিদায় জনাব বিশ্বই। ৰাণীক বিদায় জনোৱাৰ বাবে সোমবাৰে লণ্ডনত প্ৰায় ১০০ গৰাকী ৰজা, ৰাণী আৰু শীৰ্ষ ৰাষ্ট্ৰ নেতা নেতা উপস্থিত থাকিব।ভাৰতীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ব্ৰিটেইনৰ স্বৰ্গীয় ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ তিনিদিনীয়া ভ্ৰণসূচীৰে লণ্ডনলৈ গৈছে। শনিবাৰে লণ্ডনত উপস্থিত হোৱাৰ পিছত মুৰ্মুৱে দেওবাৰে ৱেষ্টমিনষ্টাৰ হললৈ যায়।

টেমছৰ পাৰত থকা ৱেষ্টমিনষ্টাৰ হলৰ কফিনত ৰাণীৰ নশ্বৰ দেহ ৰখা হৈছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে তালৈ গৈ ৰাণীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ১০ ডাউনিং ষ্ট্ৰীটত ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু মোদীয়ে এছচিঅ’ৰ বৈঠকৰ বাবে যাব নোৱাৰিলে। ৰাণী দ্বিতীয় এলিজাবেথৰ ৮ ছেপ্টেম্বৰত স্কটলেণ্ডৰ বালম’ৰেল প্ৰাসাদত মৃত্যু হৈছিল। তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ১১ ছেপ্টেম্বৰত ভাৰতত ৰাষ্ট্ৰীয় শোক পালন কৰা হৈছিল। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈছে যে এলিজাবেথৰ শাসনকালত ভাৰত-ব্ৰিটেইনৰ সম্পৰ্ক অধিক উন্নত হৈছিল । বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সমবেদনা জ্ঞাপন কৰিবলৈ নতুন দিল্লীৰ ব্ৰিটিছ হাই কমিছনলৈ শোকবাৰ্তা প্ৰেৰণ কৰিছিল।

Apply Now

ৰাণী দ্বিতীয় এলিজাবেথৰ ৯৬ বছৰ বয়সত মৃত্যু হৈছে। তেওঁ ব্ৰিটেইনৰ ইতিহাসত সিংহাসনত আটাইতকৈ দীঘলীয়া সময়ৰ বাবে অধিস্থিত হৈ থকা ৰাণী হিচাবে অভিলেখ গঢ়িছে। । তেওঁৰ মৃত্যুৰ লগে লগে এটা ব্ৰিটেইনৰ ৰাজপৰিয়ালৰ এটা যুগৰ সমাপ্তি ঘটিল। ৰাণীৰ অসুস্থতাৰ খবৰ পোৱাৰ পিছত ৰাজপৰিয়ালৰ সদস্যসকলে বৃহস্পতিবাৰে স্কটলেণ্ডত উপস্থিত হয়। ৰাজকুমাৰ চাৰ্লছ আৰু তেওঁৰ পত্নী কেমিলা, ৰাণীৰ জীয়ৰী এনি, এলিজাবেথৰ কাষত উপস্থিত আছিল। দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ খবৰ পোৱাৰ পিছত প্ৰিন্স হেৰী আৰু মেঘান স্কটলেণ্ডত উপস্থিত হয়।

দ্বিতীয় এলিজাবেথ কিছু দিন ধৰি অসুস্থ আছিল। তেওঁক তেওঁৰ ৰাজকীয় কৰ্তব্যৰ পৰা সকাহ দিবলৈ কেইদিনমান আগতে বাকিংহাম পেলেচৰ পৰা স্থানান্তৰিত কৰা হৈছিল। তেওঁক স্কটলেণ্ডৰ বালম’ৰেল কেচেলত প্ৰিন্স উইলিয়ামৰ সৈতে ৰখা হৈছিল। তাৰ পৰা, তেওঁ সকলো কাৰ্যকলাপ পৰিচালনা কৰি আছিল। ব্ৰিটেইনৰ পৰম্পৰা ভংগ কৰি ৰাণীয়ে দেশখনৰ নতুন প্ৰধানমন্ত্ৰীক বাকিংহাম পেলেচৰ বাহিৰৰ পৰা নিযুক্তি দিছিল। ৰাণীৰ শাৰীৰিক অৱস্থাৰ হঠাৎ অৱনতি হোৱাৰ বাবে নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান স্থগিত ৰখা হৈছিল।

দ্বিতীয় এলিজাবেথক ১৯৫৩ চনত ২৫ বছৰ বয়সত ব্ৰিটেইনৰ ৰাণীৰ মুকুট পিন্ধোৱা হৈছিল। ৰাজপৰিয়ালৰ প্ৰত্যক্ষ উত্তৰাধিকাৰী হোৱাৰ বাবেতেওঁক ৰাণীৰ মুকুটপিন্ধোৱা হৈছিল। তেওঁৰ মৃত্যুৱে ব্ৰিটেইনলৈ শোকৰ ছাঁ পেলাইছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

September 21, 2026 9:16 pm
চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd