আজি ৰাণী এলিজাবেথ দ্বিতীয়ক শেষ বিদায় জনাব বিশ্বই। ৰাণীক বিদায় জনোৱাৰ বাবে সোমবাৰে লণ্ডনত প্ৰায় ১০০ গৰাকী ৰজা, ৰাণী আৰু শীৰ্ষ ৰাষ্ট্ৰ নেতা নেতা উপস্থিত থাকিব।ভাৰতীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ব্ৰিটেইনৰ স্বৰ্গীয় ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ তিনিদিনীয়া ভ্ৰণসূচীৰে লণ্ডনলৈ গৈছে। শনিবাৰে লণ্ডনত উপস্থিত হোৱাৰ পিছত মুৰ্মুৱে দেওবাৰে ৱেষ্টমিনষ্টাৰ হললৈ যায়।
টেমছৰ পাৰত থকা ৱেষ্টমিনষ্টাৰ হলৰ কফিনত ৰাণীৰ নশ্বৰ দেহ ৰখা হৈছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে তালৈ গৈ ৰাণীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ১০ ডাউনিং ষ্ট্ৰীটত ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু মোদীয়ে এছচিঅ’ৰ বৈঠকৰ বাবে যাব নোৱাৰিলে। ৰাণী দ্বিতীয় এলিজাবেথৰ ৮ ছেপ্টেম্বৰত স্কটলেণ্ডৰ বালম’ৰেল প্ৰাসাদত মৃত্যু হৈছিল। তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ১১ ছেপ্টেম্বৰত ভাৰতত ৰাষ্ট্ৰীয় শোক পালন কৰা হৈছিল। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈছে যে এলিজাবেথৰ শাসনকালত ভাৰত-ব্ৰিটেইনৰ সম্পৰ্ক অধিক উন্নত হৈছিল । বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সমবেদনা জ্ঞাপন কৰিবলৈ নতুন দিল্লীৰ ব্ৰিটিছ হাই কমিছনলৈ শোকবাৰ্তা প্ৰেৰণ কৰিছিল।
ৰাণী দ্বিতীয় এলিজাবেথৰ ৯৬ বছৰ বয়সত মৃত্যু হৈছে। তেওঁ ব্ৰিটেইনৰ ইতিহাসত সিংহাসনত আটাইতকৈ দীঘলীয়া সময়ৰ বাবে অধিস্থিত হৈ থকা ৰাণী হিচাবে অভিলেখ গঢ়িছে। । তেওঁৰ মৃত্যুৰ লগে লগে এটা ব্ৰিটেইনৰ ৰাজপৰিয়ালৰ এটা যুগৰ সমাপ্তি ঘটিল। ৰাণীৰ অসুস্থতাৰ খবৰ পোৱাৰ পিছত ৰাজপৰিয়ালৰ সদস্যসকলে বৃহস্পতিবাৰে স্কটলেণ্ডত উপস্থিত হয়। ৰাজকুমাৰ চাৰ্লছ আৰু তেওঁৰ পত্নী কেমিলা, ৰাণীৰ জীয়ৰী এনি, এলিজাবেথৰ কাষত উপস্থিত আছিল। দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ খবৰ পোৱাৰ পিছত প্ৰিন্স হেৰী আৰু মেঘান স্কটলেণ্ডত উপস্থিত হয়।
দ্বিতীয় এলিজাবেথ কিছু দিন ধৰি অসুস্থ আছিল। তেওঁক তেওঁৰ ৰাজকীয় কৰ্তব্যৰ পৰা সকাহ দিবলৈ কেইদিনমান আগতে বাকিংহাম পেলেচৰ পৰা স্থানান্তৰিত কৰা হৈছিল। তেওঁক স্কটলেণ্ডৰ বালম’ৰেল কেচেলত প্ৰিন্স উইলিয়ামৰ সৈতে ৰখা হৈছিল। তাৰ পৰা, তেওঁ সকলো কাৰ্যকলাপ পৰিচালনা কৰি আছিল। ব্ৰিটেইনৰ পৰম্পৰা ভংগ কৰি ৰাণীয়ে দেশখনৰ নতুন প্ৰধানমন্ত্ৰীক বাকিংহাম পেলেচৰ বাহিৰৰ পৰা নিযুক্তি দিছিল। ৰাণীৰ শাৰীৰিক অৱস্থাৰ হঠাৎ অৱনতি হোৱাৰ বাবে নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান স্থগিত ৰখা হৈছিল।
দ্বিতীয় এলিজাবেথক ১৯৫৩ চনত ২৫ বছৰ বয়সত ব্ৰিটেইনৰ ৰাণীৰ মুকুট পিন্ধোৱা হৈছিল। ৰাজপৰিয়ালৰ প্ৰত্যক্ষ উত্তৰাধিকাৰী হোৱাৰ বাবেতেওঁক ৰাণীৰ মুকুটপিন্ধোৱা হৈছিল। তেওঁৰ মৃত্যুৱে ব্ৰিটেইনলৈ শোকৰ ছাঁ পেলাইছে।