ভৰিৰে ডিঙি গচকি বোৱাৰীয়েকক নৃশংস হত্যাৰ চেষ্টা ব্ৰিটেইনৰ কুইন এলিজাবেথৰ! সঁচাকৈয়েনে?

হজৰত মহম্মদৰ কাৰ্টুন প্ৰকাশ কৰি কিছু বছৰ পূৰ্বে বিতৰ্কত সোমাই পৰা ফ্ৰান্সৰ ব্যংগাত্মক আলোচনী ‘চাৰ্লী হেবডো’ পুনৰ চৰ্চালৈ আহিছে।

মহম্মদ নহয়, এইবাৰ আলোচনীখনৰ তীক্ষ্ন ব্যংগৰ চিকাৰ হৈছে ব্ৰিটেইনৰ ৰাণী কুইন এলিজাবেথ।

আলোচনীখনৰ বেটুপাতত প্ৰকাশ কৰা কাৰ্টুনটোত কুইন এলিজাবেথেে তেওঁৰ সোঁভৰিৰে সৰু বোৱাৰী তথা হলিউডৰ অভিনেত্ৰী মেগান মাৰ্কলেৰ ডিঙিত গচকি আছে, অৰ্থাৎ নৃশংসভাৱে হত্যাৰ চেষ্টা কৰিছে।

শুকুৰবাৰে প্ৰকাশ পোৱা আলোচনীখনৰ বেটুপাতত হেডলাইন হিচাপে লিখা হৈছে- ”মেগানে কিয় বাকিংহাম এৰি আহিছিল?”

তাৰ উত্তৰস্বৰূপে কাৰ্টুনটোত মেগানে কৈছে- ”কাৰণ, মই তাত উশাহ ল’ব নোৱাৰিছিলো।”

 

উল্লেখযোগ্য যে ”I can’t breathe” শীৰ্ষক শ্লোগানটো হৈছে যোৱা বছৰ আমেৰিকা যুক্তৰাষ্ট্ৰত ঘটি যোৱা ”Black Lives Matter” নামৰ বৰ্ণবিদ্বেষবিৰোধী আন্দোলনৰ  এটা শ্লোগান।

জৰ্জ ফ্লয়ড (৪৬) নামৰ এজন কৃষ্ণাংগ লোকে যোৱা বছৰ মে’ মাহত ডেৰেক চৌৱিন নামৰ এজন শ্বেতাংগ আৰক্ষী বিষয়াৰ হাতত বৰ্ণবিদ্বেষৰ বলি হৈ মৃত্যু হোৱাৰ সময়ত তেওঁ এইদৰে মুখেৰে কৈছিল।

পুলিচ বিষয়াজনে প্ৰায় ৯ মিনিট সময় ফ্লয়ডৰ ডিঙিটো কাৰ্টুনখনত উপস্থাপন কৰাৰ দৰেই গচকি হত্যা কৰি আছিল।

যাৰ ফলত ফ্লয়ডে কেঁকাই কেঁকাই কৈ উঠিছিল- I can’t breathe!

পাছত পুলিচ বিষয়াজনক থাৰ্ড ডিগ্ৰী মাৰ্ডাৰৰ শাস্তি স্বৰূপে কাৰাবন্দী কৰা হয়।

তাৰ পাছতে ”I can’t breathe” শীৰ্ষক শ্লোগানটো বৰ্ণবিদ্বেষৰ প্ৰতিবাদত ব্যৱহাৰ হৈ আহিছে।

এইবাৰ চাৰ্লি হেবডোৱে মেগান মাৰ্কলেৰ স’তে এই শ্লোগানটো ব্যৱহাৰ কৰিছে।

উল্লেখযোগ্য যে, কিছুদিন আগতে এটা জনপ্ৰিয় টিভি ইণ্টাৰভিউত ব্ৰিটিছ ৰাজপৰিয়ালৰ বৰ্ণবিদ্বেষ সম্পৰ্কে কুইন এলিজাবেথৰ পুত্ৰ প্ৰিন্স হেৰীৰ পত্নী মেগান মাৰ্কলেয়ে অৱগত কৰিছিল।

বৰ্তমান গৰ্ভাৱস্থাত থকা মাৰ্কলেয়ে কৈছিল যে তেওঁৰ আহিবলগা সন্তানৰ ছালৰ ৰং সম্পৰ্কে ৰাজপৰিয়ালটোৱে সন্দেহ প্ৰকাশ কৰিছে, কাৰণ মাৰ্কলে এগৰাকী কৃষ্ণাংগ মহিলা।

ব্ৰিটিছ ৰাজপৰিয়ালত মাৰ্কলে প্ৰথমগৰাকী সদস্য, যি শ্বেতাংগ নহয়।

তদুপৰি, ব্ৰিটিছ ৰাজপৰিয়ালে তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰাৰো অভিযোগ তেওঁ তুলিছিল।

চাৰ্লি হেবডোৰ কাৰ্টুনটোত জৰ্জ ফ্লয়ড হত্যাকাণ্ডটোৰ স’তে মেগান আৰু ৰাজপৰিয়ালৰ বিষয়টোক একেলগ কৰা হৈছে।

চাৰ্লি হেবডোৰ উক্ত কাৰ্টুনটোৱে চচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।

কিছুৱে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰি কৈছে প্ৰকৃত ঘটনাটো আলোচনীখনে বিকৃত উপস্থাপন কৰিছে।

আন কিছুৱে ইয়াক কৌতুক হিচাপে লৈ কৈছে যে ইয়াৰ দ্বাৰা বৰ্ণবিদ্বেষৰ প্ৰতিবাদ কৰা হৈছে।

উল্লেখযোগ্য যে, ফ্ৰান্সৰ এখন বাওঁপন্থী ব্যংগ আলোচনী চাৰ্লি হেবডোই বিভিন্ন ৰাজনৈতিক-সামাজিক বিষয়ক কাৰ্টুনৰ দ্বাৰা উপস্থাপন কৰি আহিছে।

২০১৫ চনত আলোচনীখনৰ  বেটুপাতত হজৰত মহম্মদৰ কাৰ্টুন প্ৰকাশ কৰা বাবে সম্পাদক, কাৰ্টুনিষ্টকে ধৰি ১১জনকৈ লোকক ইছলামিক উগ্ৰবাদীয়ে হত্যা কৰা হৈছিল।

হত্যাকাণ্ডটোৰ উপৰিও আলোচনীখনৰ পেৰিছস্থিত মুখ্য কাৰ্যালয়ো আক্ৰমণ কৰা হৈছিল।

তৎসত্বেও আলোচনীখনে পাছৰ বছৰ পুনৰ কাৰ্টুনটো প্ৰকাশ কৰিছিল।