• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৰুখুটিৰ সংকট? কোটি টকীয়া প্ৰকল্পৰ গৰু নিখোজ, অৰাজকতাৰ উত্তৰ দিবলৈ কোনো নাই!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2025 1:00 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ বাবে অসম চৰকাৰে ক্ৰয় কৰা গীৰ গাইৰ সংখ্যাক লৈ বিভ্ৰান্তি বাঢ়িছে, কিয়নো একাধিক চৰকাৰী বক্তব্য আৰু তথ্যই বিপৰীত পৰিসংখ্যা দাঙি ধৰিছে। ২০২১ চনত বহু ধুমধামেৰে আৰম্ভ কৰা চৰকাৰী কৃষি প্ৰকল্পটো এতিয়া আৰ্থিক স্বচ্ছতা, পশু কল্যাণ, ৰাজনৈতিক দায়বদ্ধতাক লৈ বিতৰ্কৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে।

দৰং জিলাত অৱস্থিত গৰুখুটি প্ৰকল্পটো ২০২১ চনৰ ছেপ্টেম্বৰ মাহত ব্যাপক উচ্ছেদ অভিযানৰ পিছত স্থাপন কৰা হৈছিল। উচ্ছেদৰ ফলত গাঁৱৰ শ শ লোক স্থানচ্যুত হৈছিল, ইয়াৰ অধিকাংশই সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ লোক। আৰক্ষীৰ হাতত নিহত হৈছিল এজন লোক।

Apply Now

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদৰ পক্ষ লৈ কৈছিল যে এই মাটিখিনি বহুমুখী কৃষি পদক্ষেপৰ বাবে প্ৰয়োজনীয় যিয়ে গ্ৰাম্য জীৱিকাৰ নতুন ৰূপ দিব আৰু থলুৱা কৃষি পদ্ধতিক প্ৰসাৰিত কৰিব।

প্ৰথম অৱস্থাত জিলা প্ৰশাসনৰ দ্বাৰা পৰিচালিত এই প্ৰকল্পটো পৰৱৰ্তী সময়ত ২০২২ চনত কেবিনেটৰ সিদ্ধান্তৰ পিছত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত এখন পঞ্জীয়নভুক্ত সমিতিৰ অধীনলৈ অনা হয়। এতিয়ালৈকে ১৭ কোটি টকাতকৈ অধিক বিনিয়োগ কৰা চৰকাৰে দাবী কৰিছিল যে এই প্ৰকল্পটোৱে গুজৰাটৰ পৰা উচ্চ উৎপাদনক্ষম গিৰ গাই আমদানি কৰি অঞ্চলটোৰ গাখীৰ উৎপাদন আৰু কৃষি আয় বৃদ্ধি কৰিব।

কিন্তু চাৰি বছৰৰ পাছত সেই স্থানত ক্ৰয় কৰা, বিতৰণ কৰা বা বৰ্তমান বৰ্তি থকা গৰুৰ প্ৰকৃত সংখ্যাক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে। মঙলদৈৰ পশু চিকিৎসা বিষয়াৰ পৰা ২৫ ছেপ্টেম্বৰ, ২০২২ তাৰিখৰ আৰ টি আইৰ উত্তৰত উল্লেখ কৰা হৈছে যে ২০২১ চনৰ ২৫ নৱেম্বৰত ৯৮টা গৰু লাভ কৰা হৈছিল, যাৰ ব্যয় আছিল ৮২ লাখ টকা। আন এখন আৰ টি আইৰ নথিত প্ৰকাশ পাইছে যে ২০২২ চনৰ ১৮ জানুৱাৰীত এ পি এ আৰ টি আঁচনিৰ পৰা ২৪টা গৰু আৰু এটা ম’হ আহিছিল।

২০২২ চনৰ ৩ এপ্ৰিলত ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ডে (এনডিডিবি) যোগান ধৰা গৰুৰ চালানক লৈ অধিক বিতৰ্কৰ সৃষ্টি হয়। নথি অনুসৰি গৰুবোৰৰ গুণগত মান নিম্ন আৰু বহুতেই অসুস্থ হোৱাৰ ফলত মৃত্যু হয়। ২০২২ চনৰ নৱেম্বৰ মাহত এনডিডিবিয়ে গৰুবোৰ ঘূৰাই লৈছিল বুলি জানিব পৰা গৈছে আৰু সেই চালানৰ বাবে কোনো চৰকাৰী ধন ব্যৱহাৰ কৰা হোৱা নাছিল।

২০২৩ চনৰ ১৪ মাৰ্চত বিধানসভাৰ এক প্ৰশ্নৰ উত্তৰ দি কৃষি মন্ত্ৰী অতুল বৰাই বেলেগ ভাষ্য আগবঢ়ায়। তেওঁ উল্লেখ কৰে যে ২০২১ চনৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত চৰকাৰে ১২২টা গিৰ গাই ক্ৰয় কৰিছিল। তেওঁ লগতে কয় যে ৫৭টা গৰু দুবাৰকৈ পোৱালি জন্ম দিয়াৰ ফলত মুঠ পোৱালিৰ সংখ্যা ১৭৬টা হৈছে।ইয়াৰে ৫৭টা পোৱালিৰ বয়স দুদিনৰ পৰা ছমাহৰ ভিতৰত আছিল, বাকীবোৰৰ বয়স ১৫ মাহৰ তলৰ।

পুনৰ বিভ্ৰান্তিৰ সৃষ্টি কৰি প্ৰকল্পটোৰ পশু চিকিৎসা শাখাৰ ন’ডেল বিষয়াৰ পৰা ২০২৪ চনৰ ২৯ ফেব্ৰুৱাৰী তাৰিখৰ এখন পত্ৰত উল্লেখ কৰা হৈছে যে এনডিডিবিৰ পৰা ৩০০ টা গিৰ গাই লাভ কৰা হৈছিল। ইয়াৰে ২১০টা ২০২২ চনৰ ৩ এপ্ৰিলত প্ৰকল্পটোৰ হাতত অৰ্পণ কৰাৰ বিপৰীতে ৯০টা জনপ্ৰতিনিধিৰ জৰিয়তে কৃষকক বিতৰণ কৰা হয়। একেখন নথিতে উল্লেখ কৰা হৈছে যে ২১০টা গৰুৰ ভিতৰত ৫৬টা গৰু অসুস্থতাৰ বাবে মৃত্যুমুখত পৰিছে।

প্ৰাপ্তিৰ তথ্য অনুসৰি ২০২১ চনৰ ১১ নৱেম্বৰত ২৪টা, ১২ নৱেম্বৰত ৪৮টা, ১৫ নৱেম্বৰত ৪২টা আৰু ১৭ নৱেম্বৰত আন ৪০টা গৰু আহিছিল।

ইপিনে, ২৭ জুনত সাংবাদিকৰ আগত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই প্ৰকল্পৰ পৰা ২০ টা গৰু ক্ৰয় কৰা বুলি দাবী কৰে। তেওঁ কয় যে মুঠ ৩০০টা গৰু ক্ৰয় কৰা হৈছে আৰু ৯০টা গৰু বিক্ৰী কৰা হৈছে।

প্ৰকল্পটোৰ এজন জ্যেষ্ঠ বিষয়া যুগব্ৰত নাথে এই পৰিসংখ্যা স্পষ্ট কৰাৰ চেষ্টা কৰি কয় যে প্ৰকল্পটোৱে ৩০০টা গৰু ক্ৰয় কৰিছিল, ইয়াৰে ৯০টা গৰু জনপ্ৰতিনিধিক বিতৰণ কৰা হৈছে। ৫৬টা গৰুৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰি তেওঁ কয় যে প্ৰকল্পটোত বৰ্তমান ১৩০টা পোৱালিকে ধৰি ২১০টা গিৰ গাই আছে। তেওঁ লগতে দাবী কৰে যে এই প্ৰকল্পটোৱে পুৰণি গৰু বিক্ৰীৰ পৰা ৭৪ লাখ টকা উপাৰ্জন কৰিছে আৰু ২০২১-২২ চনত বাৰ্ষিক ৰাজহ ১.১৮ কোটি টকাৰ পৰা ২০২৪-২৫ চনত ৪.৬০ কোটি টকালৈ বৃদ্ধি পাইছে।

এই ব্যাখ্যাৰ পিছতো সংখ্যাবোৰ মিল নাখালে আৰু ৰাজহুৱা জবাবদিহিতাও দুৰ্লভ হৈয়েই আছে। কৃষি পৰিৱৰ্তনৰ এক সাহসী পৰীক্ষা হিচাপে আৰম্ভ হোৱা প্ৰকল্পটো এতিয়া গৰু হেৰুৱা, আৰ্থিক অপব্যৱস্থাপনা, ৰাজনৈতিক বাক চাতুৰ্যতাৰ মাজত ধূৱলী কুঁৱলী হৈ পৰিছে। স্বতন্ত্ৰ অডিট সন্দৰ্ভত চৰকাৰৰ মৌনতাই সন্দেহ আৰু অধিক গভীৰ কৰি তুলিছে। জনসাধাৰণে প্ৰশ্ন উত্থাপন কৰিছে যে প্ৰকৃততে কিমান গৰু কিনা হৈছিল, সেইবোৰ এতিয়া ক’ত আছে আৰু এই অৰাজকতাৰ বাবে কোন দায়ী?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am
অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd