নিতি আয়োগৰ শেহতীয়া এক প্ৰতিবেদনত অসম তলফালৰ পৰা দেশৰ তৃতীয় ৰাজ্যলৈ “অধোগামী” হোৱা বুলি উল্লেখ কৰি অখিল গগৈয়ে সোণোৱাল চৰকাৰক কঠোৰ সমালোচনা কৰিছে।
সোমবাৰে গুৱাহাটীত এক সংবাদমেলত তেওঁ কয় যে ২০১৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰি তোলাৰ শ্ল’গান দিয়াৰ বিপৰীতে অসম এতিয়া কেৱল চিণ্ডিকেটত শ্ৰেষ্ঠ ৰাজ্যত পৰিণত হৈছে।
নিতি আয়োগৰ বহনক্ষম বিকাশ লক্ষ্য প্ৰতিবেদন ২০১৮ (Sustainable Development Goal Report 2018)ত বিভিন্ন ক্ষেত্ৰত অসমৰ “পুতৌ”জনক স্থানক লৈ সোণোৱাল চৰকাৰক অখিল গগৈয়ে সমালোচনা কৰিছে।
“নিতি আয়োগে এই প্ৰতিবেদনত ১৪টা বিশেষ খণ্ডত দেশখনৰ প্ৰতিখন ৰাজ্যৰ গুণগত অৱস্থান নিৰূপণৰ চেষ্টা কৰিছে আৰু এই ১৪টা খণ্ডৰ ১৩টাতেই অসমৰ অৱস্থান তালিকাৰ শেষত দেখা গৈছে। উদাহৰণ স্বৰূপে, বহনক্ষম উন্নয়নৰ সূচাংকত ২৯খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান ২৭। অৰ্থাৎ উন্নয়নৰ ক্ষেত্ৰত অসমে ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰত শেষৰ ফালৰ পৰা তৃতীয় স্থান অধিকাৰ কৰি বদনাম কঢ়িয়াই আনিছে। দৰিদ্ৰতা দূৰীকৰণৰ ক্ষেত্ৰত অসমৰ স্থান ১৭তম, ক্ষুধাহীনতাত ১৪তম, স্বাস্থ্য খণ্ডত ২৮তম, শিক্ষা খণ্ডত ১৭তম, লিংগ সমতাত ১৯তম, বিশুদ্ধ খোৱাপানী তথা অনাময়ত ২৬তম, শক্তিখণ্ডত ২৮তম, কাম আৰু অৰ্থনৈতিক প্ৰগতিত ১৫তম, উদ্যোগ আৰু আন্তঃগাঁথনিত ১৬তম, বহনক্ষম নগৰ আৰু জনজীৱনত ২২তম আৰু শান্তি আৰু ন্যায় প্ৰদানত ২৮তম,” নিতি আয়োগৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে সংগঠনটোৰ বিবৃতিত প্ৰকাশ।
আনহাতে প্ৰতিবেদনখনত পৰিৱেশ সুৰক্ষা (লাইফ অন লেণ্ড)ৰ ক্ষেত্ৰত অসমে দেশৰ শ্ৰেষ্ঠ ৰাজ্যৰ স্থান পোৱাটোকো কৃষক মুক্তিৰ নেতাজনে “বিভ্ৰান্তিকৰ” আখ্যা দিছে। “অসমৰ ঐতিহ্য বহনকাৰী পাটকাই পৰ্বত কয়লা মাফিয়াই খান্দি শেষ কৰি দিব ধৰিছে, তেনে ক্ষেত্ৰত এনে তথ্য বিভ্ৰান্তিকৰ,” গগৈৰ মত।
সংগঠনটোৱে লগতে কয় যে ভাৰত চৰকাৰৰ প্ৰতিখন প্ৰতিবেদনতে দিনে দিনে অসমৰ স্থান অতি দুখজনকভাৱে ধৰা পৰাৰ বিপৰীতে বিজেপি চৰকাৰ আৰু দলে উন্নয়নৰ ফটাঢোল বজাই অসম ৰজনজনাই ফুৰিছে।
“মুখ্য মন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ মুখত আখৈ ফুটাদি ফুটিয়েই আছে অসমক শ্ৰেষ্ঠ ৰাজ্য কৰাৰ দম্ভ। মুখেৰে সাত হাল বায়, কিন্তু বিজেপি চৰকাৰখনে বাস্তৱত একো কৰিব পৰা নাই। অসমৰ বিজেপি মন্ত্ৰী-সাংসদে ভিক্ষাৰ জোলোঙালৈ দিল্লীলৈ গৈছে কিন্তু ৰাষ্ট্ৰীয় ঘাইপথকেইটাকে বনাব পৰা নাই। অসমত চৰকাৰ এতিয়া দেউলিয়া। এই কথা লুকুৱাবলৈ ধৰ্মীয় মেৰুকৰণ কৰিবৰ চেষ্টা কৰিছে,” অখিল গগৈয়ে কয়।
“অসম শ্ৰেষ্ঠ এতিয়া কেৱল চিণ্ডিকেটত। কয়লা, চুপাৰি আৰু গৰু চিণ্ডিকেটত শ্ৰেষ্ঠ” বুলি উল্লেখ কৰি গগৈয়ে কয়, “মুখ্য মন্ত্ৰীয়ে কাছাৰৰ কয়লা কেলেংকাৰিৰ চি বি আই তদন্ত ঘোষণা কৰিছিল। কিন্তু এতিয়ালৈকে চি বি আয়ে তদন্ত নকৰিলে। তাৰ অৰ্থই হ’ল মুখ্য মন্ত্ৰীয়ে চি বি আই তদন্ত বিচৰা নাই।”
টেট উত্তীৰ্ণ শিক্ষকসকলক লৈ চৰকাৰৰ স্থিতিক সমালোচনা কৰি গগৈয়ে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী
জনায়।