• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

এইবাৰ লক্ষ্য কুতুব মিনাৰ! ৰাজা বিক্ৰমাদিত্যইহে নিৰ্মাণ কৰিছিল কুতুব মিনাৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2022 5:49 pm
Qutub Minar row
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত এতিয়া প্ৰাচীন কীৰ্তি-চিহ্ন সমূহত হিন্দুত্বৰ ৰং সনাৰ ধুম উঠিছে। বিশেষকৈ মোগল সাম্ৰাজ্য তথা মুছলমান শাসক গোষ্ঠীয়ে নিৰ্মাণ কৰা কীৰ্তি-চিহ্ন তথা সমলসমূহত হিন্দুত্বৰ ৰং চটিওৱাত নামি পৰিছে দেশৰ হিন্দুত্ববাদী মহল।

এই ধাৰাক প্ৰতিনিধিত্ব কৰিয়েই এইবাৰ বিতৰ্কৰ মাজলৈ আহিছে কুতুব মিনাৰ। ইতিহাসৰ তথ্য মতে কুতুব মিনাৰ কুতুবুদ্দিন আইবাকে নিৰ্মাণ কৰা বুলিয়েই ইমানদিনে প্ৰচলন হৈ আহিছে। পিছে শেহতীয়া এক দাবী অনুসৰি এই তথ্য ভুল।

Apply Now

এই দাবী অনুসৰি কুতুবুদ্দিন আইবাকে নহয়, ৰাজা বিক্ৰমাদিত্যইহে নিৰ্মাণ কৰিছিল কুতুব মিনাৰ। এই দাবী কৰিছে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (ASI)ৰ এজন প্ৰাক্তন বিষয়াই।

ধৰমবীৰ শৰ্মা নামৰ ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (ASI)ৰ এজন প্ৰাক্তন আঞ্চলিক সঞ্চালকে দাবী কৰিছে যে কুতুবুদ্দিন আইবাকে নহয়, ৰাজা বিক্ৰমাদিত্যইহে কুতুব মিনাৰ নিৰ্মাণ কৰিছিল। সূৰ্যৰ দিশ অধ্যয়ন কৰিবলৈ কুতুব মিনাৰ নিৰ্মাণ কৰা হৈছিল।

তেওঁৰ দাবী অনুসৰি পঞ্চম শতিকাত ৰাজা বিক্ৰমাদিত্যই এই টাৱাৰ নিৰ্মাণ কৰিছিল। আনকি এই সন্দৰ্ভত তেওঁৰ ওচৰত পৰ্যাপ্ত প্ৰমাণ আছে বুলিও তেওঁ দাবী কৰে।

“কুতুব মিনাৰ টাৱাৰটো ২৫ ইঞ্চি হেলনীয়া। ইয়াৰ কাৰণ হৈছে সূৰ্য পৰ্যবেক্ষণ কৰিবলৈ এই টাৱাৰটো প্ৰস্তুত কৰা হৈছিল আৰু সেয়েহে ২১ জুনত এটা বিশেষ ক্ষণত সূৰ্যৰ ছাঁটো কমেও আধা ঘণ্টাৰ বাবে সেই স্থানত নপৰে। এয়া বিজ্ঞান আৰু পুৰাতাত্ত্বিক সত্য।”— তেওঁ লগতে কয়।

“কুতুব মিনাৰ বুলি নামাকৰণ কৰা এই টাৱাৰটো এক স্বতন্ত্ৰ গাঁথনি। এই টাৱাৰটো ইয়াৰ কাষৰ মছজিদৰ সৈতে কোনো প্ৰকাৰে সম্পৰ্কিত নহয়।”- শৰ্মাই লগতে কয়। তদুপৰি তেওঁ কয় যে, কুতুব মিনাৰৰ দুৱাৰখনো উত্তৰদিশে মুখ কৰি আছে। ৰাতিৰ আকাশত ধ্ৰুৱ তৰাটো চাবলৈয়ে এইদৰে এই টাৱাৰটো নিৰ্মাণ কৰা বুলি তেওঁ যুক্তি দিয়ে।

অৱশ্যে কুতুব মিনাৰ সন্দৰ্ভত ইয়াৰ পূৰ্বেও বহু সময়ত বিতৰ্কৰ সূত্ৰপাত হৈছে। চলিত বৰ্ষৰ এপ্ৰিলত বিশ্ব হিন্দু পৰিষদৰ এজন মুখপাত্ৰই কুতুব মিনাৰ প্ৰকৃততে এক ‘বিষ্ণু স্তম্ভ’ আছিল বুলি দাবী কৰিছিল। ২৭ টা হিন্দু-জৈন মন্দিৰ ভাঙি পেলোৱাৰ পাছত হিন্দু সম্প্ৰদায়ক অপমান কৰিবলৈ সেই স্থানত কুতুব মিনাৰ নিৰ্মাণ কৰিছিল বুলি এই হিন্দুত্ববাদী নেতাজনে দাবী কৰিছিল।

যোৱা বৰ্ষৰ শেষৰ ফালে কুতুব মিনাৰৰ ভিতৰত জৈন দেৱতা তীৰ্থংকৰ ভগৱান ঋষভ দেৱ আৰু হিন্দু দেৱতা ভগৱান বিষ্ণুৰ নামত উপাসনা কৰাৰ অধিকাৰ বিচাৰি একাংশ হিন্দুত্বাদীয়ে আদালতত আবেদন দাখিল কৰিছিল।

মহম্মদ গৌৰীৰ সেনাপতি কুতুবুদ্দিন আইবাকে হিন্দু আৰু জৈন ধৰ্মৰ ২৭ টা মন্দিৰ ধ্বংস কৰি কুৱাত-উল-ইছলাম মছজিদ নিৰ্মাণ কৰিছিল বুলি দাবী কৰি আবেদনকাৰী হিন্দুত্ববাদী সকলে হিন্দু-জৈন ধৰ্মৰ দেৱতাসকলক পুনৰুদ্ধাৰ কৰি কুটুব মিনাৰৰ ভিতৰত প্ৰাৰ্থনাৰ অধিকাৰ প্ৰদান কৰিব লাগে বুলি আবেদনত উল্লেখ কৰিছিল।

কিন্তু দিল্লীৰ এক স্থানীয় আদালতে এই আবেদন নাকচ কৰে। আদালতে এই আবেদনৰ শুনানি গ্ৰহণ কৰি অতীতৰ অন্যায়ৰ আধাৰত বৰ্তমান আৰু ভৱিষ্যতৰ শান্তি বিঘ্নিত কৰাৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে বুলি উল্লেখ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd