NORTHEAST NOW (Assamese)

বোৰ্খা আৰু মাদ্ৰাছা নিষিদ্ধৰ প্ৰস্তাৱ : সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়া, ক’ত?

March 15, 2021 8:31 pm · এন ই নাও নিউজ

শ্ৰীলংকা চৰকাৰৰৰ এটা সিদ্ধান্তক ‘বৰ্ণাবাদী’ তথা সাম্প্ৰদায়িক বুলি বহুতে অভিহিত কৰিছে।

শেহতীয়াকৈ শ্ৰীলংকাই মুছলিম মহিলাই পৰিধান কৰা বোৰ্খাক নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ‘ৰাষ্ট্ৰীয় সুৰক্ষা’ আৰু ‘ধৰ্মীয় উগ্ৰবাদ’ৰ ভিত্তিত।

শনিবাৰে, দেশখনৰ ৰাজহুৱা সুৰক্ষা মন্ত্ৰী সৰথ ৱীৰাছেকেৰাই কৈছিল যে বোৰ্খা নিষিদ্ধ আইনৰ খচৰাত তেওঁ চহী কৰিছে আৰু কেবিনেটলৈ ইয়াক প্ৰেৰণ কৰা হৈছে।

তদুপৰি ৰাষ্ট্ৰীয় শৈক্ষিক নীতি অনুসৰি দেশখনৰ প্ৰায় ১,০০০খন ইছলামিক বিদ্যালয় তথা মাদ্ৰাছাও বন্ধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা আৰু ধৰ্মীয় উগ্ৰবাদৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

মন্ত্ৰীগৰাকীয়ে জনায় যে, প্ৰস্তাৱটোৰ খচৰা শুকুৰবাৰে প্ৰস্তুত কৰা হৈছিল।

কেবিনেট আৰু সংসদে ইয়াক গ্ৰহণ কৰাৰ পাছতে ই আইন হিচাপে লাঘু হ’ব।

শ্ৰীলংকাৰ মুছলিমধৰ্মী লোকসকলে চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে।

তেওঁলোকে কৈছে যে ইয়াৰ দ্বাৰ দেশখনৰ সংখ্যাগৰিষ্ঠ বুদ্ধধৰ্মী লোকসকলক তোষণ কৰা হৈছে।

তদুপৰি দেশখনৰ জনসাধাৰণৰ মাজত ভাগ ভাগ কৰিব বিচৰা হৈছে।

উল্লেখযোগ্য যে দেশখনৰ ২২ মিলিয়ন নাগৰিকৰ ভিতৰত সিংহলী বৌদ্ধৰ সংখ্যা হৈছে ৭৫ শতাংশ।

মুছলিমৰ সংখ্যা হৈছে ৯ শতাংশ।

আনহাতে, অন্য সংখ্যালঘু জনগোষ্ঠী তামিলসকলৰ জনসংখ্যা হৈছে ১৫ শতাংশ।

উল্লেখযোগ্য যে, যোৱামাহত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে শ্ৰী লংকাক তলৱ কৰিছিল।

আয়োগে দেশখনৰ ২৬ বছৰীয়া গৃহযুদ্ধৰ সময়ত মুছলিমকে ধৰি সংখ্যালঘুসকলে সমুখীন হোৱা অত্যাচাৰৰ ভিত্তিত শ্ৰীলংকাক জাননী প্ৰেৰণ কৰিছিল।

Related News