• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভৱিষ্যতে এনেকুৱা মন্তব্য নকৰিবলৈ ৰাহুল গান্ধীক সকীয়নি সাংসদ কুইন ওজাৰ

কংগ্ৰেছৰ বিৰুদ্ধে শাসকীয় বিজেপিৰ প্ৰতিবাদ হ’লগৈ ছেলফি প্ৰতিযোগিতা! নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীক বাই বাই দিহে এৰিলে প্ৰতিবাদস্থলী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 16, 2019 8:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাফাল বিমান কেতিয়াবাই ক্ৰয় কৰিব লাগিছিল যদিও কংগ্ৰেছে সেয়া নকৰিলে বুলি অভিযোগ কৰিছে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই।

আজি বিজেপিয়ে উলিওৱা এটা প্ৰতিবাদী কাৰ্য্যসূচীত ভাগ লৈ সাংসদগৰাকীয়ে ৰাফাল বিমান ক্ৰয় সম্পৰ্কীয় বিতৰ্ক আৰু গোচৰৰ বাবে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক সমালোচনা কৰে।

Apply Now

গোচৰটোত উচ্চতম ন্যায়ালয়ে চৰকাৰক ক্লীনশ্বীট দিয়াৰ পাছত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক দেশবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবীৰে আজি বিজেপিয়ে প্ৰতিবাদ কাৰ্য্যসূচী লৈছিল। সমগ্ৰ দেশৰ সমান্তৰালভাৱে ৰাজ্যিক বিজেপিয়ে এই কাৰ্য্যসূচী লৈ ভিন্ন প্ৰান্তত আৰু গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদত ভাগ লোৱা ওজাৰ মন্তব্য, “ৰাহুল গান্ধীয়ে দিয়া আবেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে। এই কথাই কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ মিথ্যাচাৰ প্ৰমাণিত কৰিলে। কংগ্ৰেছে দেশৰ সুৰক্ষাৰ কথা চিন্তা কৰা নাছিল। দেশৰ সুৰক্ষাৰ স্বাৰ্থত বহু পূৰ্বেই ৰাফেল বিমানখন ক্ৰয় কৰিব লাগিছিল যদিও কংগ্ৰেছে নকৰিলে।”

ৰাহুল গান্ধীক সকীয়াই কুইন ওজাই কয়, “ৰাহুল গান্ধী সাৱধান, ভৱিষ্যতে এনে মন্তব্য দিয়াৰ পৰা বিৰত থাকিব, নহ’লে ইয়াৰ পৰিণাম ভয়াবহ হ’ব।”

বিজেপিৰ নেতা-কৰ্মীসকলে গুৱাহাটীৰ খ্ৰীষ্টান বস্তিস্থিত জিলা বিজেপিৰ কাৰ্য্যালয়ৰ পৰা এ বি চিস্থিত কংগ্ৰেছৰ কাৰ্য্যালয় ৰাজীৱ ভৱনলৈ উলিয়ায় প্ৰতিবাদ।

কিন্তু এটা গুৰুত্বপূৰ্ণ বিষয়ত প্ৰতিবাদী কাৰ্য্যসূচী লোৱা বিজেপিৰ নেতা-কৰ্মীসকলে প্ৰতিবাদস্থলীক পৰিণত কৰে আমোদজনক দৃশ্যৰ সমাহাৰত।

ৰাহুল গান্ধী গ’ বেক ধ্বনি দি থকাৰ সমান্তৰালভাৱে বিজেপিৰ নেতা-কৰ্মীসকল মুখত এমোকোৰা হাঁহি লৈ ছেলফি উঠাত ব্যস্ত হোৱাও দেখা গ’ল।

আনহাতে, পূৰ্বৰে পৰা পৰিকল্পনা কৰি থোৱাৰ দৰে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত বেৰিকেইড ঠেলাঠেলিৰ এখন নাটক দেখা পোৱা গ’ল মহানগৰীৰ প্ৰতিবাদস্থলীত।

আনকি কৰ্তব্যৰত আৰক্ষীয়েও মুখত এমোকোৰা হাঁহি লৈয়ে বেৰিকেইড ঠেলাৰ অভিনয় কৰি গ’ল।

তাৰ মাজতে দেখা গ’ল কেইগৰাকীমান মহিলা প্ৰতিবাদকাৰীক আৰক্ষী জোৱানসকলৰ সৈতে মাজে মাজে ধেমালীয়া কথা পতাৰ দৃশ্য।

মুঠতে মহানগৰীৰ ৰাজপথত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত পূৰ্বে নেদেখা ধৰণৰ মিলা-প্ৰীতিয়ে বিৰাজ কৰা দেখা যায়। সাধাৰণতে প্ৰতিবাদকাৰীয়ে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে লাঠিচালনা কৰি গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ নজিৰেই বেছি।

শেষ দৃশ্য হিচাপে দেখা গ’ল- আৰক্ষীক বাই বাই দি প্ৰতিবাদকাৰী ঘৰমুৱা হোৱাৰ বিৰল উদাহৰণ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd