• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভৱিষ্যতে এনেকুৱা মন্তব্য নকৰিবলৈ ৰাহুল গান্ধীক সকীয়নি সাংসদ কুইন ওজাৰ

কংগ্ৰেছৰ বিৰুদ্ধে শাসকীয় বিজেপিৰ প্ৰতিবাদ হ’লগৈ ছেলফি প্ৰতিযোগিতা! নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীক বাই বাই দিহে এৰিলে প্ৰতিবাদস্থলী

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , November 16, 2019 8:46 pm

2 min read

876
VIEWS
Share on FacebookShare on Twitter

ৰাফাল বিমান কেতিয়াবাই ক্ৰয় কৰিব লাগিছিল যদিও কংগ্ৰেছে সেয়া নকৰিলে বুলি অভিযোগ কৰিছে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই।

আজি বিজেপিয়ে উলিওৱা এটা প্ৰতিবাদী কাৰ্য্যসূচীত ভাগ লৈ সাংসদগৰাকীয়ে ৰাফাল বিমান ক্ৰয় সম্পৰ্কীয় বিতৰ্ক আৰু গোচৰৰ বাবে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক সমালোচনা কৰে।

গোচৰটোত উচ্চতম ন্যায়ালয়ে চৰকাৰক ক্লীনশ্বীট দিয়াৰ পাছত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক দেশবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবীৰে আজি বিজেপিয়ে প্ৰতিবাদ কাৰ্য্যসূচী লৈছিল। সমগ্ৰ দেশৰ সমান্তৰালভাৱে ৰাজ্যিক বিজেপিয়ে এই কাৰ্য্যসূচী লৈ ভিন্ন প্ৰান্তত আৰু গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদত ভাগ লোৱা ওজাৰ মন্তব্য, “ৰাহুল গান্ধীয়ে দিয়া আবেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে। এই কথাই কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ মিথ্যাচাৰ প্ৰমাণিত কৰিলে। কংগ্ৰেছে দেশৰ সুৰক্ষাৰ কথা চিন্তা কৰা নাছিল। দেশৰ সুৰক্ষাৰ স্বাৰ্থত বহু পূৰ্বেই ৰাফেল বিমানখন ক্ৰয় কৰিব লাগিছিল যদিও কংগ্ৰেছে নকৰিলে।”

ৰাহুল গান্ধীক সকীয়াই কুইন ওজাই কয়, “ৰাহুল গান্ধী সাৱধান, ভৱিষ্যতে এনে মন্তব্য দিয়াৰ পৰা বিৰত থাকিব, নহ’লে ইয়াৰ পৰিণাম ভয়াবহ হ’ব।”

বিজেপিৰ নেতা-কৰ্মীসকলে গুৱাহাটীৰ খ্ৰীষ্টান বস্তিস্থিত জিলা বিজেপিৰ কাৰ্য্যালয়ৰ পৰা এ বি চিস্থিত কংগ্ৰেছৰ কাৰ্য্যালয় ৰাজীৱ ভৱনলৈ উলিয়ায় প্ৰতিবাদ।

কিন্তু এটা গুৰুত্বপূৰ্ণ বিষয়ত প্ৰতিবাদী কাৰ্য্যসূচী লোৱা বিজেপিৰ নেতা-কৰ্মীসকলে প্ৰতিবাদস্থলীক পৰিণত কৰে আমোদজনক দৃশ্যৰ সমাহাৰত।

ৰাহুল গান্ধী গ’ বেক ধ্বনি দি থকাৰ সমান্তৰালভাৱে বিজেপিৰ নেতা-কৰ্মীসকল মুখত এমোকোৰা হাঁহি লৈ ছেলফি উঠাত ব্যস্ত হোৱাও দেখা গ’ল।

আনহাতে, পূৰ্বৰে পৰা পৰিকল্পনা কৰি থোৱাৰ দৰে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত বেৰিকেইড ঠেলাঠেলিৰ এখন নাটক দেখা পোৱা গ’ল মহানগৰীৰ প্ৰতিবাদস্থলীত।

আনকি কৰ্তব্যৰত আৰক্ষীয়েও মুখত এমোকোৰা হাঁহি লৈয়ে বেৰিকেইড ঠেলাৰ অভিনয় কৰি গ’ল।

তাৰ মাজতে দেখা গ’ল কেইগৰাকীমান মহিলা প্ৰতিবাদকাৰীক আৰক্ষী জোৱানসকলৰ সৈতে মাজে মাজে ধেমালীয়া কথা পতাৰ দৃশ্য।

মুঠতে মহানগৰীৰ ৰাজপথত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত পূৰ্বে নেদেখা ধৰণৰ মিলা-প্ৰীতিয়ে বিৰাজ কৰা দেখা যায়। সাধাৰণতে প্ৰতিবাদকাৰীয়ে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে লাঠিচালনা কৰি গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ নজিৰেই বেছি।

শেষ দৃশ্য হিচাপে দেখা গ’ল- আৰক্ষীক বাই বাই দি প্ৰতিবাদকাৰী ঘৰমুৱা হোৱাৰ বিৰল উদাহৰণ।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd