চীনৰ সৈতে সীমান্তত চলি থকা উত্তেজনাৰ মাজতে ২৭ জুলাইত অতি কমেও চাৰিখন ৰাফেল ফাইটাৰ জেট ভাৰতৰ আম্বালাস্থিত বায়ুসেনা বাহিনীৰ ঘাটিত উপস্থিত হ’ব।
আম্বালাস্থিত বায়ুসেনা বাহিনীৰ ঘাটিত উপস্থিত হোৱাৰ পাছতে ৰাফেল ফাইটাৰ জেটে নিজৰ অভিযান আৰম্ভ কৰিব পাৰিব।
ইতিমধ্যে ফ্ৰাঞ্চে ৰাফেল ফাইটাৰ জেটৰ সৈতে সংলগ্ন হ’বলগীয়া মিছাইল ভাৰতক অৰ্পন কৰিব বুলিও জানিব পৰা গৈছে।
”২৭ জুলাইত ফ্ৰাঞ্চৰ পৰা আহি অতিকমেও চাৰিখন ৰাফেল ফাইটাৰ জেট ভাৰতত উপস্থিত হ’ব। আমাৰ তৰফৰ পৰা ছয়খন ৰাফেল ফাইটাৰ জেট অনাৰ বাবে চেষ্টা কৰি থকা হৈছে,” এগৰাকী বিভাগীয় প্ৰতিনিধিৰ মন্তব্য।
ভাৰতত ৰাফেল যুদ্ধ বিমানে পদাৰ্পন কৰাৰ পাছতে ই ভাৰতীয় বায়ুসেনা বাহিনীৰ শক্তি বৃদ্ধি কৰিব। ফ্ৰাঞ্চে ৰাফেলৰ সৈতে ভাৰতক মেটেঅ’ৰ আৰু এছ চি এ এল পি নামৰ দুবিধ বিধ্বংসী মিছাইলো যোগান ধৰিব।
উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ বাবে ৰাফেল যুদ্ধ বিমানৰ যোগানত কিছু পলম হৈছিল।
ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে চীনৰ সৈতে শেহতীয়াভাৱে চলি থকা সীমা বিবাদৰ বাবে ফ্ৰাঞ্চক ৰাফেল যুদ্ধ বিমান যিমান পাৰে সোনকালে যোগান ধৰাৰ বাবে আহ্বান জনাইছে।