NORTHEAST NOW (Assamese)

ভাৰত জোড়ো যাত্ৰাত আন এক মুখ: ৰাহুল গান্ধীক সংগ দিলে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে

December 14, 2022 10:06 am · এন ই নাও নিউজ, গুৱাহাটী

দেশত বিজেপিয়ে বিভাজনৰ ৰাজনীতিৰে অপশাসন চলোৱাৰ অভিযোগ তুলি বিজেপি চৰকাৰৰ এই অপশাসনৰ বিৰুদ্ধে দেশবাসীক একত্ৰিত কৰাৰ লক্ষ্যৰে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাই ইতিমধ্যে তিনিমাহ অতিক্ৰম কৰিছে।

কংগ্ৰেছৰ এই বিশেষ কাৰ্যসূচীয়ে ব্যাপক জনসমৰ্থন লাভ কৰা দেখিবলৈ পোৱা গৈছে। যোৱা ৮ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা দলটোৰ এই ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰা যাত্ৰীসকলে বৰ্তমান ৰাজস্থানৰ মাজেৰে যাত্ৰা অব্যাহত ৰাখিছে।

আজি পুৱা ভাৰত জোড়ো যাত্ৰাৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে দেখিবলৈ পোৱা যায় এগৰাকী বিশেষ ব্যক্তিক। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে আজি ৰাহুল গান্ধীক যাত্ৰাত সংগ দিয়ে।

সামাজিক মাধ্যমত প্ৰকাশিত এক ভিডিঅ’ত ৰাজস্থানৰ ছাৱাই মধোপুৰৰ পৰা আজি কংগ্ৰেছৰ পদযাত্ৰা পুনৰ আৰম্ভ হোৱাৰ সময়তে ৰঘূৰাম ৰাজন আৰু ৰাহুল গান্ধীয়ে বাৰ্তালাপ কৰি পদযাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ পদৰ কাৰ্যকাল সমাপ্তিৰ পাছত দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ পিছৰ পৰাই কেন্দ্ৰীয় চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে মাত আহিছে ৰাজনে।

বিশিষ্ট অৰ্থনীতিবিদ গৰাকীয়ে বিশেষকৈ বিজেপি চৰকাৰৰ অৰ্থনৈতিক নীতিৰ বিষয়ত যথেষ্ট সৰৱ হৈ আহিছে। গতিকে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত ৰঘূৰাম ৰাজনৰ অংশগ্ৰহণ লক্ষণীয় হৈ পৰিছে।

 

উল্লেখ্য যে ভাৰত জোড়ো যাত্ৰাত বিগত সময়চোৱাত ৰাজনৰ উপৰি আন বহুকেইগৰাকী বিশিষ্ট লোকেও অংশগ্ৰহণ কৰিছে। সমাজ কৰ্মী মেধা পাটকাৰ, যোগেন্দ্ৰ যাদৱ, মহাত্মা গান্ধীৰ আজো-নাতি লেখক তথা সমাজ কৰ্মী তুষাৰ গান্ধী, অভিনেত্ৰী স্বাৰা ভাস্কৰ, বক্সাৰ বিজেন্দৰ সিঙৰ লগতে আন বহুকেইগৰাকী ব্যক্তিয়ে ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীক সংগ দিছে।

তদুপৰি দেশৰ ৰাজনীতিত খলকনি তোলা, জাতিভেদ ব্যৱস্থাৰ নিষ্ঠুৰতাৰ বলি হৈ ২০১৭ চনত আত্মহত্যাৰ পথ বাচি লোৱা হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰোহিত ভেমুলাৰ মাতৃ, ২০১৭ চনতে আততায়ীৰ গুলীত প্ৰাণ হেৰুওৱা সাংবাদিক গৌৰী লংকেশৰ মাতৃ-ভগ্নীয়েও ৰাহুল গান্ধীৰ সৈতে ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল।

Related News