DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত চলি আছে কয়লাৰ ব্যাপক চিণ্ডিকেট   : জাতীয় যুৱবাহিনীৰ সংবাদমেল

অবৈধ কয়লাভৰ্তি গাড়ীসমূহে মাৰ্ঘেৰিটা অঞ্চলৰ পৰা কয়লা কঢ়িয়াই আনিলে প্ৰতি গাড়ীত ৬৫,০০০ টকা, লিডু অঞ্চলৰ পৰা কয়লা কঢ়িয়াই আনিলে প্রতি গাড়ীত ৭০,০০০ টকা আৰু লেখাপানী অঞ্চলৰ পৰা কয়লা কঢ়িয়াই আনিলে প্ৰতি গাড়ীত ৭৭,০০০ টকা ছিণ্ডিকেট চক্ৰক দিব লাগে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2022 3:17 pm
76
VIEWS
Share on FacebookShare on Twitter

ৰাইজৰ দলৰ ভাতৃ সংগঠন অসম জাতীয় যুৱ বাহিনীয়ে বুধবাৰে সংবাদমেল যোগে সদৰী কৰে বিস্ফোৰক তথ্য। মুখ্যমন্ত্ৰীৰ লক্ষিতে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মন্ত্ৰীৰ পৃষ্ঠপোষকতা আৰু কেইবাজনো শাসকীয় বিধায়কৰ সহযোগত ৰাজ্যত চলি আছে কয়লাৰ বৃহৎ চিণ্ডিকেট। অসমৰ চুবুৰীয়া ৰাজ্যলৈ অবৈধ কয়লা সৰবৰাহত গ্ৰীণ কৰিডৰ হৈ পৰিছে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ।

সংগঠনটোৰ নেতা লক্ষ্যজ্যোতি গগৈৰ মতে , দুৰ্নীতিবিৰোধী শ্লোগানেৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ দিনত বৃহৎ ছিণ্ডিকেট চক্ৰই গা কৰি উঠিছে। দৈনন্দিন প্রয়োজনীয় খাদ্য সামগ্ৰীৰ উপৰিও অসমৰ বনজ সম্পদ আৰু

খনিজ সম্পদৰ ছিণ্ডিকেটৰাজ চলাই ব্যাপক লুণ্ঠন চলাইছে হিমন্ত বাহিনীহে ৷ অসমৰ এজন মন্ত্ৰীক ছিণ্ডিকেটৰ মূল সেনাপতি নিযুক্তি দি কেইবাজনো শাসকীয় বিধায়কৰ প্রত্যক্ষ পৃষ্ঠপোষকতাত কয়লাৰ অবাধ ছিণ্ডিকেট চলি আছে। ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ তিনিচুকীয়া জিলাৰ নামদাং, আৰাধৰা, নামটক, বমগাৰা, চালিকী, পাহাৰপুৰ, লালপাহাৰত ব্যাপকভাবে বন ধ্বংস কৰি কয়লাখননৰ কাম অব্যাহত ৰাখিছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু অসমৰ সীমামূৰীয়া অঞ্চল খাণ্ডবস্তি, ফিনবেৰো ইত্যাদি অঞ্চলটো অবৈধ কয়লা খনন অব্যাহত আছে। প্রায় ৫০০ ৰো অধিক জেচিবি আৰু এক্সাভেটৰে ৰে সংৰক্ষিত বনাঞ্চলৰ ভিতৰত কয়লাৰ অবৈধ খনন অব্যাহত ৰাখিছে আৰু উক্ত কয়লাসমূহ কঢ়িয়াই আনিবলৈ ভুটানৰ পৰা শ শ ডাম্পাৰ আমদানি কৰিছে।

তদুপৰি অসমৰ বিভিন্ন জিলাৰ পৰা যোৱা হাজাৰ হাজাৰ শ্রমিকে বিপদসংকুলভাৱে Rat Hole Mining কৰি কয়লা খনন কৰি আছে। জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে বৰ্তমান কয়লা খনন চলি থকা মাৰ্ঘেৰিটা-লিডু-লেখাপানীৰ শেহতীয়া Google Map আৰু ২০১৫ চনৰ Google Map প্রদৰ্শন কৰি কিদৰে কয়লা মাফিয়াই ঐতিহাসিক স্মৃতি বিজড়িত দিহিং পাটকাই পাহাৰৰ বুকু খান্দি তহিলং কৰিছে। কয়লা মাফিয়াৰ দৌৰাত্মত এতিয়া মাৰ্ঘেৰিটা মহকুমাত সাধাৰণ ৰাইজৰ ৰাস্তালৈ ওলাব নোৱাৰা অৱস্থা হৈছে। আজি কিছুদনৰ পূৰ্বে মন বাহাদুৰ প্রধান নামৰ এজন ব্যক্তিক কয়লা পৰিবাহী গাড়ীয়ে খুন্দিয়াই হত্যা কৰিলে, দুদিনৰ পূৰ্বে এখন কয়লা পৰিবাহী ডাম্পাৰে এটা বিদ্যুতৰ খুটাত খুন্দিয়াই পোষ্টটো ভাঙি পেলাই আৰু যাৰ ফলত নিখিল দেৱনাথ নামৰ এজন ব্যক্তিক বিদ্যুতৰ শ্বক লাগে। মাৰ্ঘেৰিটা মহকুমাত চলি থকা কয়লাৰ এই অবৈধ খনন-পৰিবহন বন্ধ কৰিবলৈ মাৰ্ঘেৰিটা মহকুমাধিপতি প্ৰীতি কুমাৰী ডাঙৰীয়ানিয়ে যোৱা ৭ ডিচেম্বৰত ১৪৪ ধাৰা প্রয়োগ কৰে যদিও তিনিচুকীয়া জিলা আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো নিতৌ শ শ অবৈধ কয়লাভৰ্তি গাড়ী গৈ আছে। অবৈধ কয়লাভৰ্তি গাড়ীসমূহে মাৰ্ঘেৰিটা অঞ্চলৰ পৰা কয়লা কঢ়িয়াই আনিলে প্ৰতি গাড়ীত ৬৫,০০০ টকা, লিডু অঞ্চলৰ পৰা কয়লা কঢ়িয়াই আনিলে প্রতি গাড়ীত ৭০,০০০ টকা আৰু লেখাপানী অঞ্চলৰ পৰা কয়লা কঢ়িয়াই আনিলে প্ৰতি গাড়ীত ৭৭,০০০ টকা ছিণ্ডিকেট চক্ৰক দিব লাগে। এইদৰে লিডু-মাৰ্ঘেৰিটাত ব্যাপক অবৈধ কয়লাৰ ছিণ্ডিকেট চলি থকাৰ পিছতো বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাই ছিণ্ডিকেট চলি থকা নাই বুলি সংবাদ মাধ্যমত দিয়া বক্তব্যৰ প্ৰতিক্ৰিয়া দি লক্ষ্যজ্যোতি গগৈয়ে বিজেপি মুখপাত্ৰ ৰঞ্জীৱ শৰ্মা ডাঙৰীয়াক এদিন মাৰ্ঘেৰিটালৈ আহিবলৈ আহ্বান জনায় আৰু গগৈয়ে নিজেই অবৈধ কয়লা খনন চলি থকা স্থানসমূহ দেখুৱাই দিম বুলি প্ৰত্যাহ্বান জনায়। ইফালে কয়লা মাফিয়াসকলে ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ ডিব্ৰুগড় জিলাৰ জয়পুৰ অঞ্চলটো অবৈধ কয়লা খনন কৰিবলৈ প্ৰস্তুতি চলাই আছে বুলি অভিযোগ উত্থাপন কৰে। কেৱল তিনিচুকীয়া জিলাতেই নহয়, বৰ্তমান কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ কয়লাজন আৰু গৰমপানী অঞ্চলটো ব্যাপক কয়লাৰ অবৈধ খনন আৰম্ভ হৈছে।

অসমৰ উপৰিও অৰুণাচল প্ৰদেশৰ খাৰচাং, ৰিমা ইত্যাদি অঞ্চলত খনন চলি থকা অবৈধ কয়লাৰ সৰবৰাহ, নাগালেণ্ডত খনন চলি থকা কয়লাৰ অবৈধ সৰবৰাহ আৰু মেঘালয়ত চলি থকা অবৈধ কয়লাৰ সৰবৰাহৰো এতিয়া গ্ৰীণ কৰিডৰ হৈ পৰিছে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ ৷ চুবুৰীয়া তিনিওখন ৰাজ্যৰ পৰা সম্পূৰ্ণ অবৈধভাৱে কোটি কোটি টকাৰ ৰাজহ ফাঁকি দি নিতৌ শ শ কয়লাভৰ্তি গাড়ী অসমলৈ আহে। এই সন্দৰ্ভত সকলো তথ্য পৰৱৰ্তী সংবাদমেলত ফাদিল কৰাৰ হুংকাৰ দিয়ে জাতীয় যুৱ বাহিনীয়ে। এই অবৈধ কয়লাৰ ছিণ্ডিকেটৰ পৰা সংগ্ৰহ কৰা ধনেৰেই বিজেপিৰ দল চলাই আছে আৰু বৃহৎ বৃহৎ পঞ্চতাৰকা সদৃশ কাৰ্যালয় নিৰ্মাণ কৰিছে। জাতীয় যুৱ বাহিনীয়ে অসমত চলি থকা এই ছিণ্ডিকেট বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰিছে, অন্যথা জাতীয় যুৱ বাহিনীহে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd