নিৰুপায় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ; অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা ৰহা টোলগেট

ৰহা টোলগেট

বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদত সেও মানি সাময়িকভাৱে বন্ধ ৰখা ৰহা টোলগেট এতিয়া অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব। শুকুৰবাৰে দিছপুৰত অনুষ্ঠিত এক উচ্চস্তৰীয় বৈঠকত কোনোধৰণৰ ফলপ্ৰসু সিদ্ধান্ত উলিয়াব নোৱাৰাৰ বাবেই টোলগেটখন অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে ৰহা টোলগেটখন মুকলি কৰাৰ লগে লগে কৃষক মুক্তি সংগ্ৰাম, জাতীয়তাবাদী যুৱ ছাত্ৰ-পৰিষদৰ লগতে বিভিন্ন দল-সংগঠনে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰিছিল, যাৰ ফলত দীৰ্ঘদিন ধৰি ৰহা টোলগেট সাময়িকভাৱে বন্ধ হৈ আছে।

ইফালে ৰহা টোলগেট পুনৰ মুকলি কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বিভিন্ন প্ৰকাৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে কালি এই সংক্ৰান্তত এখন বৈঠকো অনুষ্ঠিত কৰে।

দিছপুৰত অনুষ্ঠিত উক্ত বৈঠকত কৃষক মুক্তিৰ নেতা অখিল গগৈ, যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি, ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগৰ শীৰ্ষ নেতাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰধিকৰণৰ প্ৰকল্প সঞ্চালক আলোক কুমাৰ উপস্থিত থাকে।

বৈঠকত সংগঠন কেইটাৰ প্ৰতিনিধিয়ে অভিযোগ উত্থাপন কৰি কয় যে প্ৰয়োজনীয় আন্তঃগাঁথনি নোহোৱাকৈয়ে টোলগেট মুকলি কৰি দিয়া, অন্য ৰাজ্যৰ তুলনাত টোলগেটত সংগ্ৰহ কৰা ধনৰ হাৰ যথেষ্ট বেছি হোৱা আদি কাৰণতে আমি টোলগেট স্থাপনৰ বিৰোধিতা কৰিছো।

আনহাতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ তৰফৰ পৰাও সংগঠনকেইটাক পতিয়ন নিবলৈ নানান যুক্তি আগবঢ়াই বুলি জানিব পৰা যায়। তাৰোপৰি টোলগেট বন্ধ হৈ থকাৰ বাবে তেওঁলোকে কেইবা কোটি টকা লোকচানৰ সন্মুখীন হ’বলগীয়া হোৱা বুলিও সংগঠনকেইটাৰ আগত প্ৰকাশ কৰে।

এইদৰে দুয়োপক্ষৰ মাজত দীৰ্ঘ সময় ধৰি চলা যুক্তিৰ অন্তত একো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰাত পৰৱৰ্তী বৈঠক অনুষ্ঠিত নোহোৱা পৰ্যন্ত ৰহা টোলগেট বন্ধ থাকিব বুলি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰধিকৰণে জানিবলৈ দিয়ে।

ইফালে সমগ্ৰ বিষয়টো সন্দৰ্ভত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰধিকৰণৰ প্ৰকল্প সঞ্চালক আলোক কুমাৰে ঊৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰিব বুলি বৈঠকত আশ্বাস প্ৰদান কৰে।