‘মন কি বাত’ বন্ধ কৰি মোদীয়ে সাধাৰণ মানুহৰ কথা শুনক, ‘ভাৰত জোড়ো’ যাত্ৰাৰ পৰাই ৰাহুল গান্ধীয়ে জনালে দাবী

Rahul-Gandhi-

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাস্তালৈ ওলাই আহক আৰু সাধাৰণ মানুহৰ কথা শুনক। এই দাবী জনাইছে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে। মোদীৰ অল ইণ্ডিয়া ৰেডিঅ’ যোগে সম্প্ৰচাৰিত ’মন কি বাত’ অনুষ্ঠানটো বন্ধ কৰি সাধাৰণ মানুহৰ কথা শুনিবলৈহে মোদীক প্ৰত্যহ্বান জনাইছে ৰাহুলে।

অৰাহুল গান্ধীয়ে কয় ’মন কি বাত ’ বন্ধ কৰক, ইয়াৰ পৰিৱৰ্তে তেওঁ সাধাৰণ মানুহৰ কথা শুনক।” ৰাহুলে কয় যে দেশৰ চাৰিওফালে এতিয়া ঘৃণা আৰু ভয়ৰ পৰিৱেশ ৰচনা কৰা হৈছে । মোদীয়ে যদি সাহস আছে ৰাস্তালৈ ওলাই আহি মানুহৰ কথা শুনা উচিৎ।

উল্লেখ্য আজি কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’ মহাৰাষ্ট্ৰৰ চেগাঁও অঞ্চলত উপস্থিত হোৱাৰ পিছতে ৰাহুলে এনেদৰে মন্তব্য কৰে।

বিনায়ক দামোদৰ ছাভাৰকাৰ সম্পৰ্কে কৰা মন্তব্যৰ বাবে ছাভাৰকাৰৰ নাতি ৰঞ্জিত ছাভাৰকাৰ আৰু শিৱসেনাৰ সাংসদ ৰাহুল ছেৱালে মুম্বাইৰ শিৱাজী পাৰ্ক আৰক্ষী থানাত ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। ফলত শলঠেকত পৰিছে ৰাহুল গান্ধী।