ৰাহুল দ্ৰাবিড়ক অষ্ট্ৰেলিয়ালৈ পঠিয়াব লাগে; কোনো কৰিলে এই মন্তব্য?

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন মুখ্য দল নিৰ্বাচক দিলীপ ভেংচৰকাৰে ৰাহুল দ্ৰাবিড়ক অতি শীঘ্ৰে অষ্ট্ৰেলিয়ালৈ পঠিয়াব লাগে বুলি মত ব্যক্ত কৰিছে।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এডিলেইটত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত ভাৰতে দ্বিতীয় ইনিংছত ইতিহাসৰ শোচনীয় বেটিং প্ৰদৰ্শন দাঙি ধৰাৰ পাছতে বি চি চি আইক ৰাহুল দ্ৰাবিড়ক অষ্ট্ৰেলিয়ালৈ পঠিয়াই দিব লাগে বুলি আহ্বান জনায়।

‘‘ৰাহুল দ্ৰাবিড়ৰ বাহিৰে বেটছমেন সকলক অষ্ট্ৰেলিয়াত তীব্ৰ বেগী চুয়িং বল কিদৰে খেলিব লাগে আন কোনো শিকাব নোৱাৰে,’’ ভেংচৰকাৰে কয়।

আনহাতে, অষ্ট্ৰেলিয়াত ৰাহুল দ্ৰাবিড়ৰ উপস্থিতি নেট অনুশীলনৰ সময়ত ভাৰতীয় দলৰ খেলুৱৈ সকলৰ বাবে এক বৃহৎ মনোবল বৃদ্ধিৰ কাৰক হিচাপে পৰিগণিত হ’ব বুলিও প্ৰাক্তন দল নিৰ্বাচক গৰাকীয়ে মন্তব্য কৰে।

উল্লেখযোগ্য যে,. এডিলেইট টেষ্টৰ দ্বিতীয় ইনিংছত ভাৰতীয় ক্ৰিকেট দলটোৱে মাত্ৰ ৩৬ ৰানতে ইনিংছ সামৰিছিল।

ভাৰতৰ কোনো এগৰাকী বেটছমেনে দহকৰ ঘৰ স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাছিল।

ভাৰতীয় দলৰ বেটছমেন সকলৰ এনে চৰম লজ্জাজনক প্ৰদৰ্শনৰ পাছতে সকলোতে সমালোচনাৰ জোৱাৰ উঠিছিল।