গোচৰ ৰুজু হোৱাৰ পিছতে ছয় ঘণ্টাতকৈ অধিক সময় ধৰি চলোৱা ধৰ্ণা সামৰিলে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। দিল্লীৰ সংসদ মাৰ্গ আৰক্ষী থানাৰ বাহিৰত পেলেট গানত আহত হোৱা যুৱক সাহিল লোচাবৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰাৰ দাবীত ৰাহুল গান্ধীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰিছিল।
২১ আগষ্টৰ পুৱা সাহিল লোচাব আৰু তেওঁৰ মাতৃক লগত লৈ ৰাহুল গান্ধী প্ৰথমে মন্দিৰ মাৰ্গ আৰক্ষী থানালৈ যায়। অভিযোগ অনুসৰি, ২০ জুলাইত যন্তৰ মন্তৰত হোৱা প্ৰতিবাদৰ সময়ত সাহিল পেলট গানৰ গুলীত গুৰুতৰভাৱে আহত হৈছিল। পিছত তেওঁ সংসদ মাৰ্গ আৰক্ষী থানাৰ ডিচিপি কাৰ্যালয়ত উপস্থিত হৈ গোচৰ ৰুজু কৰাৰ দাবী জনায়।
আৰক্ষীয়ে তৎক্ষণাত গোচৰ ৰুজু নকৰাত ৰাহুল গান্ধীয়ে আৰক্ষী থানাৰ বাহিৰতে ধৰ্ণাত বহি পৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে গোচৰ ৰুজু নোহোৱালৈকে তেওঁ স্থান ত্যাগ নকৰে। তেওঁৰ সৈতে কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু অন্যান্য দলীয় নেতাও উপস্থিত থাকে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত Rapid Action Force (RAF)-ৰ জোৱানো মোতায়েন কৰা হৈছিল।
কংগ্ৰেছৰ দাবী অনুসৰি, ১৯ বছৰীয়া সাহিল লোচাবৰ শৰীৰত প্ৰায় ২০০টা পেলেট আঘাত কৰিছিল আৰু ইয়াৰে কেইটামান তেওঁৰ চকুত সোমাই যোৱাৰ ফলত দৃষ্টিশক্তি ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা সৃষ্টি হৈছে। ৰাহুল গান্ধীয়ে এই ঘটনাক শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত হোৱা গুৰুতৰ আৰক্ষী অত্যাচাৰ বুলি অভিহিত কৰি জবাবদিহিৰ দাবী জনাই আহিছে।
অৱশেষত দিল্লী আৰক্ষীয়ে সাহিল লোচাবৰ অভিযোগৰ ভিত্তিত অজ্ঞাত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। গোচৰ ৰুজু হোৱাৰ পিছতেই ৰাহুল গান্ধীয়ে ছয় ঘণ্টাতকৈ অধিক সময় ধৰি চলোৱা ধৰ্ণা সামৰে।




