NORTHEAST NOW (Assamese)

সংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ শংকিত প্ৰধানমন্ত্ৰী; সেয়ে মোৰ সাংসদ পদ খাৰিজ কৰা হ’ল: ৰাহুল গান্ধী

March 25, 2023 2:41 pm · এন ই নাও নিউজ, নতুন দিল্লী

সাংসদ হিচাপে বৰ্খাস্ত হোৱাৰ পিছত তেওঁৰ প্ৰথম সংবাদমেলত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু “তেওঁৰ ঘনিষ্ঠ” উদ্যোগপতি গৌতম আদানিক প্ৰশ্ন কৰে। তেওঁ কয় যে সংসদত মোডী-আদানি সম্পৰ্কক প্ৰশ্ন কৰাৰ বাবে তেওঁক লক্ষ্য কৰা হৈছিল। কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে দেশৰ প্ৰতিৰক্ষা খণ্ডত আদানিৰ ঘনিষ্ঠ চীনা ঔদ্যোগিক কোম্পানীৰ “অংশগ্ৰহণ” সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে।

শনিবাৰে ৰাহুলে সাংবাদমেলত কয়, “মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে, মই আদানীয়ে তেওঁৰ বিমানত তেওঁৰ সৈতে যোৱা ফটোখনক লৈ প্ৰশ্ন উত্থাপন কৰিছিলো। ইয়াৰ পিছত দেশৰ বিভিন্ন বিমানবন্দৰ অবৈধভাৱে আদানিক হস্তান্তৰ কৰা হৈছিল।”

লগতে পঢ়ক: ”মোডী মানে দুৰ্নীতি”: ৰাহুল গান্ধী দোষী সাব্যস্ত হোৱাৰ পিছতে ভাইৰেল বিজেপি নেত্ৰীৰ পুৰণি টুইট

মোডীৰ সৈতে আদানিৰ সম্পৰ্ক “দীৰ্ঘদিনীয়া” বুলি দাবী কৰে ৰাহুলে। তেওঁ মন্তব্য কৰে, “কিন্তু মই নাজানো তেওঁ (আদানি) ক’ৰ পৰা আহি লম্ভিল।‘’

 মোদীৰ ৰাজ্যৰ আদালতৰ ৰায় ব্যৱহাৰ কৰি তেওঁক সাংসদ হিচাপে বৰ্খাস্ত কৰা হ’লেও তেওঁ দেশৰ স্বাৰ্থত যুঁজ অব্যাহত ৰাখিব বুলি সদৰী কৰি ৰাহুলে কয়, “মই ভয় নকৰোঁ। তেওঁলোকে (বিজেপি) ইমান দিনে সেইটো বুজিব পৰা নাই।”

গুজৰাটৰ চুৰাটৰ এখন আদালতে বৃহস্পতিবাৰে ৰাহুল গান্ধীক ‘মোডী’ উপাধিৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ বাবে দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল। ইয়াৰ ভিত্তিত শুকুৰবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় সংবিধানৰ ১০২(১)-ই অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইনৰ (১৯৫১) অনুচ্ছেদ ৮ ৰ অধীনত ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰে।

সংবাদমেলত ৰাহুলৰ দাবী, “প্ৰধানমন্ত্ৰীয়ে সংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ শংকিত হৈছিল। সেয়ে এইটো কৰা হ’ল।”

লগতে পঢ়ক: ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ; গুৱাহাটীত আটক কেইবাজনো কংগ্ৰেছী বিধায়ক

তেওঁ লগতে প্ৰশ্ন কৰে যে কেনেকৈ আদানিৰ এটা প্ৰতিৰক্ষা প্ৰতিষ্ঠানে ৰাতিটোৰ ভিতৰতে ২০,০০০ কোটি টকা লাভ কৰিছিল। কেইমাহমান আগতে শ্ৰীলংকাৰ বিদ্যুৎ পৰিষদৰ অধ্যক্ষই কলম্বোৰ ওপৰত আদানিক বিদ্যুৎ প্ৰকল্পটো দিয়াৰ বাবে মোডীয়ে হেঁচা প্ৰয়োগ কৰাৰ অভিযোগৰ কথাও সোঁৱৰাই দিয়ে।

বিজেপি শিবিৰে তেওঁৰ ব্ৰিটেইন ভ্ৰমণৰ সময়ত “দেশক অপমান” কৰা বুলি কৰা অভিযোগ খণ্ডন কৰি ৰাহুলে কয়, “মই কোনো দেশবিৰোধী মন্তব্য কৰা নাই। তেওঁলোকৰ (বিজেপি) সমস্যাটো হ’ল যে তেওঁলোকে আদনিৰ অপমানক দেশৰ বাবে অপমান বুলি বিবেচনা কৰে। ”

লণ্ডনৰ পৰা উভতি আহি বৃহস্পতিবাৰে সংসদত প্ৰৱেশ কৰাৰ আগতে ৱায়ানাডৰ তদানীন্তন কংগ্ৰেছ সাংসদ ৰাহুলে কৈছিল, “মই ভাৰত বিৰোধী একো কোৱা নাছিলো (লণ্ডনৰ আলোচনা চক্ৰত)। যদি তেওঁলোকে মোক সুযোগ দিয়ে, মই সংসদৰ ভিতৰতো সেই কথা কম।‘’

লগতে পঢ়ক:ৰাহুলৰ দৰে আইতাক ইন্দিৰা গান্ধীয়েও হেৰুৱাইছিল সাংসদ পদ! কি আছিল আদালতৰ ৰায়?

শনিবাৰে এখন সংবাদমেল সম্বোধন কৰি ৰাহুলে কয়, “মই সংসদত বক্তব্য ৰাখিব বিচাৰিছিলো। কিন্তু মোক ক’বলৈ অনুমতি দিয়া হোৱা নহ’ল। ক’বলৈ বিচাৰি প্ৰথম চিঠিখন দিছিলো। দ্বিতীয় চিঠিখনো দিছিলো। অধ্যক্ষৰ সৈতে সাক্ষাতো কৰিছিলো। কিন্তু মই কোৱাৰ সুযোগ নাপালো।”

Related News