• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আয়োগৰ সৈতে হাত মিলাই ভোট ‘চুৰি’ কৰিছে বিজেপিয়ে; অসম-পশ্চিমবংগৰ নিৰ্বাচনী ফলাফলৰ পিছত কি ক’লে ৰাহুলে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:25 am
120
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত বিজেপি নেতৃত্বাধীন এনডিএৰ বিপুল জয়লাভৰ পিছত পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনতো গেৰুৱা ধুমুহাই উৰুৱাই নিলে তৃণমূল কংগ্ৰেছক। ২০৬খন আসনৰ সংখ্যাগৰিষ্ঠতাৰে পশ্চিমবংগত বিজেপিয়ে চৰকাৰ গঠন কৰিব।

সোমবাৰে সন্ধিয়া দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰাও নৰেন্দ্ৰ মোদীয়ে পৰিৱৰ্তনৰ বাৰ্তা প্ৰদান কৰে। কিন্তু পশ্চিমবংগত বিজেপিয়ে বিপুল সংখ্যক আসন লাভ কৰাৰ পাছত পুনৰ কংগ্ৰেছ সাংসদগৰাকীয়ে তেওঁলোকৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰে।

Apply Now

ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে অসম আৰু পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ভোট ‘চুৰি’ কৰি জয়লাভ কৰিছে। তেওঁ লগতে অভিযোগ কৰে যে এই ক্ষেত্ৰত নিৰ্বাচন আয়োগৰও সমৰ্থন আছিল।

ছ’চিয়েল মিডিয়াত এটা পোষ্টত ৰাহুলে কয় যে তেওঁ তৃণমূল নেত্ৰী মমতা বেনাৰ্জীৰ কথাত একমত। ভোটগণনাত মমতাই যি অনিয়মৰ অভিযোগ উত্থাপন কৰিছে, সেই অনিয়মৰ সৈতে তেওঁ একমত বুলি দাবী কৰে। তেওঁ দাবী কৰে যে ৰাজ্যত ‘১০০ৰো অধিক আসন কাঢ়ি নিয়া হৈছে’।

ৰাহুলে অভিযোগ কৰে যে মধ্যপ্ৰদেশ, হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনত একেধৰণৰ ঘটনা সংঘটিত হৈছিল, য’ত বিজেপিয়ে জয়লাভ কৰিছিল। মন কৰিবলগীয়া যে সোমবাৰে পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়।

তাত বিজেপিয়ে বাস্তৱিকতে তৃণমূল কংগ্ৰেছক ধূলিস্যাৎ কৰিছে। ফলাফল ঘোষণাৰ পিছতে নিৰ্বাচন আয়োগ আৰু বিজেপিৰ বিৰুদ্ধে সৰৱ হৈছে মমতা বেনাৰ্জীয়ে। গণনাত প্ৰৱঞ্চনা কৰা হৈছে বুলি অভিযোগ কৰে তেওঁ।

বিজেপিয়ে ‘১০০ৰো অধিক আসন লুণ্ঠন’ কৰা বুলি দাবী কৰে মমতাই। তৃণমূল নেত্ৰীগৰাকীয়ে গণনা কেন্দ্ৰত তেওঁক ‘হাৰাশাস্তি’ কৰা বুলিও অভিযোগ উত্থাপন কৰে। বংগত ২৯৪খন আসনৰ বিধানসভাত বিজেপিয়ে ২০৬খন আসন লাভ কৰিছে। তৃণমূল কংগ্ৰেছে ৮১খন আসন লাভ কৰে।

আনহাতে, অসমৰ ১২৬খন আসনৰ বিধানসভাত ৮২খন আসন লাভ কৰি একেৰাহে তৃতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ ওলাইছে। বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে মুঠ ১০২খন আসন লাভ কৰিছে।

মন কৰিবলগীয়া যে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে সোমবাৰে পশ্চিম বংগৰ নিৰ্বাচনৰ ফলাফলক ‘ভাৰতীয় গণতন্ত্ৰৰ বাবে ক’লা দিন’ বুলি অভিহিত কৰে। ভোটগণনাত ব্যাপক অনিয়ম আৰু কেন্দ্ৰীয় বাহিনীৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰিছে সমাজবাদী পাৰ্টিৰ মুৰব্বীগৰাকীয়ে।

Assam and Bengal are clear cases of the election being stolen by the BJP with the support of the EC.

We agree with Mamata ji. More than 100 seats were stolen in Bengal.

We have seen this playbook before:
Madhya Pradesh.
Haryana.
Maharashtra.
Lok Sabha 2024 etc

चुनाव चोरी,…

— Rahul Gandhi (@RahulGandhi) May 4, 2026

তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, ‘শাসকীয় ৰাজনীতিয়ে এতিয়া গণতন্ত্ৰক আৰু অধিক তললৈ নমাই নিব? আজি সমগ্ৰ দেশ ক্ষুব্ধ, গণতন্ত্ৰ কাতৰ।’ ২০২২ চনৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনতো একেধৰণৰ ঘটনা সংঘটিত হোৱা বুলিও অখিলেশে দাবী কৰে।

তেওঁ দাবী কৰে যে তাতো ৰাইজৰ ৰায়ক ‘মুকলিকৈ লুণ্ঠন’ কৰা হৈছে। আনহাতে কপিল ছিবালেও মমতাৰ বক্তব্যক সমৰ্থন কৰি কয় যে নিৰ্বাচনত তৃণমূল কংগ্ৰেছক বিজেপিয়ে নহয়, নিৰ্বাচন আয়োগ, কেন্দ্ৰীয় বাহিনী আৰু ভোটাৰসকলক বঞ্চনাৰ জৰিয়তে পৰাজিত কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd