নেশ্যনেল হেৰাল্ড গোচৰত একেৰাহে তৃতীয় দিনাও কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ইডিৰ মাৰাথন জেৰা অব্যাহত আছে। ইফালে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত দলীয় সমৰ্থকসকলে বিক্ষোভ অব্যাহত ৰাখিছে। পিছত আৰক্ষীয়ে আহি তেওঁলোকক গ্ৰেপ্তাৰ কৰে। বিক্ষোভকাৰী আৰু আৰক্ষীৰ সংঘৰ্ষত কাৰ্যালয়ৰ সন্মুখৰ বেৰিকেড ভাঙি যায়।
সোমবাৰৰ পৰাই দিল্লীৰ গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত কংগ্ৰেছ কৰ্মীসকলে বিক্ষোভ প্ৰদৰ্শন অব্যাহত ৰাখিছে। কেৱল প্ৰতিশোধমূলক ৰাজনীতিৰ বাবেই ৰাহুলক জেৰা কৰা হৈছে বুলি কংগ্ৰেছে অভিযোগ কৰিছে। এনে অৱস্থাত আপাততঃ সাধাৰণ কৰ্মীৰ বাবে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ দুৱাৰ বন্ধ হৈ আছে। খবৰ আহিছে যে বুধবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ বাহিৰে আন কোনোৱে কাৰ্যালয়ত প্ৰৱেশ কৰিব নোৱাৰিব।
উল্লেখ্য যে নেশ্যনেল হেৰাল্ড গোচৰত সোমবাৰে প্ৰথমবাৰৰ বাবে ৰাহুলক চমন কৰা হৈছিল। সেইদিনা পুৱা ১১ বজাৰ পৰা নিশা ১১ বজালৈ জেৰা কৰা হৈছিল প্ৰাক্তন কংগ্ৰেছ সভাপতিগৰাকীক। ইডিৰ বিষয়াসকল ৰাহুলৰ সঁহাৰিত সন্তুষ্ট নহৈ মঙলবাৰে পুনৰ জেৰা অব্যাহত ৰাখিছিল।
ইয়াৰ পিছতে বুধবাৰে পুৱা পুনৰ ৰাহুল ইডিৰ কাৰ্যালয়ত উপস্থিত হয়। ইয়াৰ পূৰ্বে মঙলবাৰে তেওঁ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ কাৰ্যালয় এৰি মাতৃ ছোনিয়া গান্ধীক চাবলৈ ছাৰ গংগাৰাম হাস্পতাললৈ গৈছিল। যোৱা দেওবাৰৰ পৰা চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধী। ৰাহুলৰ লগত আছিল তেওঁৰ ভগ্নী তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী।
ছোনিয়াক এই গোচৰত ২৩ জুনত ইডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। ৬ জুনত তেওঁক ইডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ চমন জাৰি কৰা হৈছিল। কিন্তু ৭৫ বছৰীয়া কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কৰ’নাত আক্ৰান্ত হোৱাৰ পিছত তদন্তকাৰী সংস্থাটোৰ পৰা নতুন তাৰিখ বিচাৰিছিল। ইয়াৰ পিছতে ইডিয়ে তেওঁক জনায় যে ২৩ জুনত প্ৰবীণ নেত্ৰীগৰাকীও হাজিৰ হ’ব লাগিব।