• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মোডীৰ বাবে ৮ হাজাৰ কোটিটকীয়া বিমান ,সেনাৰ বাবে নন-বুলেটপ্ৰুফ বাহন কিয়? ৰাহুলৰ প্ৰশ্ন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 10, 2020 4:59 pm

2 min read

Rahul_Gandhi_
2.9k
VIEWS
Share on FacebookShare on Twitter

মাৰ্কিন ৰাষ্ট্ৰপতিয়ে ব্যৱহাৰ কৰাৰ দৰেই প্ৰায় একে ধৰণৰ অতি সুৰক্ষিত বিমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবেও আমদানি কৰাৰ বিষয়ত আজি কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে পুনৰবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

টুইটাৰত এখন নন-বুলেটপ্ৰুফ বাহনেৰে যাত্ৰা কৰা কেইগৰাকীমান সেনাৰ কথোপকথনৰ এটা ভিডিঅ’ প্ৰকাশ কৰি ৰাহুলে প্ৰশ্ন কৰে যে যিটো সময়ত দেশৰ সুৰক্ষাৰ বাবে নিয়োজিত সেনাক নন-বুলেটপ্ৰুফ বাহনেৰে সীমান্তলৈ পঠোৱা হৈছে সেই সময়তে প্ৰধান মন্ত্ৰী মোডীৰ বাবে ৮ হাজাৰ ৪০০ কোটিটকীয়া বিমান কিয় আমদানি কৰা হল?

हमारे जवानों को नॉन-बुलेट प्रूफ़ ट्रकों में शहीद होने भेजा जा रहा है और PM के लिए 8400 करोड़ के हवाई जहाज़!

क्या यह न्याय है? pic.twitter.com/iu5iYWVBfE

— Rahul Gandhi (@RahulGandhi) October 10, 2020

ৰাহুলে প্ৰকাশ কৰা সেনাৰ ভিডিঅ’টোত কেইজনমান সেনাই তেওঁলোকক নন-বুলেটপ্ৰুফ বাহনেৰে যাত্ৰা কৰিবলৈ দিয়াৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে।

ৰাহুলে কয় যে সীমান্তত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সেনাৰ জোৱানসকলে প্ৰচণ্ড শীতৰ মাজতো কৰ্তব্য পালন কৰি আহিছে।

এনেক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে কেৱল নিজৰ সুৰক্ষাৰ কথা চিন্তা কৰি বিদেশৰ পৰা ৮ হাজাৰ কোটিটকীয়া বিমান আনিছে।

পঞ্জাৱত ৰাহুল গান্ধীয়ে ট্ৰেক্টৰৰ কুছনত বহাকলৈ বিজেপিয়ে কৰা সমালোচনাৰ উত্তৰ দি ৰাহুল গান্ধীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে যদি কৰদাতাৰ ধনেৰে ক্ৰয় কৰা ৮ হাজাৰ কোটিটকীয়া বিমানত উঠিব পাৰে তেন্তে তেওঁ ট্ৰেক্টৰৰ কুছনত বহাত আপত্তি ক’ত?

উল্লেখ্য প্ৰধানমন্ত্ৰী মোডীৰ বাবে শেহতীয়াকৈ বিদেশৰ পৰা দুখন অত্যাধুনিক বিমান অনা হৈছে।

এই বিমানত সংযুক্ত প্ৰযুক্তিয়ে আনকি শত্ৰুই মাৰি পঠিওৱা মিছাইলো ওফৰাই দিব পাৰে।

ইয়াত থকা ছেল্ফ প্ৰটেকছন ছ্যুটে সকলো বিপদৰ পৰা বিমানৰ আৰোহীক ৰক্ষা কৰিব পাৰে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd