DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

কোহলীৰ সমৰ্থনত ৰাহুল গান্ধী,ক’লে ‘তেওঁলোকক ক্ষমা কৰক’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 2, 2021 8:47 pm
Rahul Gandhi to Virat Kohli
201
VIEWS
Share on FacebookShare on Twitter

একাংশ ধৰ্মোন্মাদ লোকৰ পৰা ভাৰতৰ ক্ৰিকেট অধিনায়ক বিৰাট কোহলীৰ পৰিয়াললৈ সামাজিক মাধ্যমত ভাবুকি ভৰা বাৰ্তা প্ৰেৰণৰ পিছত কোহলীৰ সমৰ্থনত থিয় দিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

কোহলীৰ সমৰ্থনত ৰাহুল গান্ধীয়ে আজি টুইটাৰত এটা টুইট পোষ্ট কৰে।

টুইটটোত তেওঁ লিখে, “মৰমৰ বিৰাট, এই লোকসকল ঘৃণাৰে ভৰি আছে কিয়নো কোনেও তেওঁলোকক কোনো প্ৰেম নিদিয়ে। তেওঁলোকক ক্ষমা কৰক। দলটোক সুৰক্ষা দিয়ক।”

 

Dear Virat,

These people are filled with hate because nobody gives them any love. Forgive them.

Protect the team.

— Rahul Gandhi (@RahulGandhi) November 2, 2021

ইয়াৰ পূৰ্বে আজি দিল্লী মহিলা আয়োগে কোহলীৰ সন্তানলৈ অহা ভাবুকিৰ বিৰুদ্ধে তদন্তৰ খতিয়ান বিচাৰি দিল্লী আৰক্ষীলৈ এক জাননী প্ৰেৰণ কৰিছিল।

উল্লেখ্য যে, ডুবাইত অনুষ্ঠিত টি-২০ বিশ্বকাপত পাকিস্তানৰ হাতত ভাৰতৰ পৰাজয়ৰ পিছত বিৰাট কোহলীৰ কন্যা সন্তানটিৰ বিৰুদ্ধে ঘৃণনীয় মন্তব্য ছচিয়েল মিডিয়াত প্ৰকাশ পাইছিল।

পাকিস্তানৰ বিৰুদ্ধে মেচখনৰ পাছতে ভাৰতীয় দলৰ বেগী বলাৰ মহম্মদ ছামিক ধৰ্মৰ ভিত্তিত ইণ্টাৰনেটত আক্ৰমণৰ লক্ষ্য কৰি লৈছিল একাংশ ধৰ্মোন্মাদ লোকে। তাৰ পিছতেই দলৰ অধিনায়ক কোহলীয়ে ছামিক ধৰ্মৰ দোহাই দি আক্ৰমণ কৰা সকলক সমালোচনা কৰিছিল।

এক সংবাদ মেলত কোহলীয়ে মন্তব্য কৰিছিল যে কাৰোবাক তেওঁলোকৰ ধৰ্মৰ ওপৰত আক্ৰমণ কৰাটো মানুহ হিচাপে কৰিব পৰা আটাইতকৈ শোচনীয় কাম। ধৰ্ম মানুহৰ ব্যক্তিগত বস্তু।

কোহলীৰ এই মন্তব্যৰ পাছতে ধৰ্মোন্মাদ এচামে কোহলীৰ পৰিয়াললৈ ভাবুকি প্ৰেৰণ কৰিছিল। কোহলীৰ ন মহীয়া কন্যা সন্তানটিক বলাৎকাৰৰ ভাবুকি দিয়া হৈছিল সামাজিক মাধ্যমত।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ধৰ্মোন্মাদ আচৰণৰ একাংশ লোকৰ আক্ৰমণৰ বলি হোৱা মহম্মদ ছামিৰ কাষতো থিয় হৈ ৰাহুল গান্ধীয়ে এক টুইট কৰিছিল আৰু ছামিক সমৰ্থন জনাইছিল।

Recent News

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

মাতৃভূমিৰ পৰা বহু নিলগৰ চেন্নাইত পঞ্চভূতত বিলীন হ’ল অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ

মাতৃভূমিৰ পৰা বহু নিলগৰ চেন্নাইত পঞ্চভূতত বিলীন হ’ল অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ

Assam Career

Assam Career : ভাৰতীয় ক্ৰান্তীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানত বিভিন্ন পদ খালী, কিদৰে কৰিূব আবেদন?

Assam Career

Assam Career : ভট্টদেৱ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ কুৰিটা খালী পদ পূৰণৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd