• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাহুল গান্ধীৰ ‘ছাত্ৰো কি গুঞ্জ’ কাৰ্যসূচী সন্দৰ্ভত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলাৰ অভিযোগ তুলি বিধানসভাৰ চলিত অধিৱেশনত অন্তত এটা দিন শিক্ষা বিষয়ক লৈ বিশদ আলোচনাৰ আহ্বান

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
July 19, 2026 8:53 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ নেতৃত্বত দেশজুৰি আৰম্ভ হোৱা ছাত্ৰো কি গুঞ্জ শীৰ্ষক কাৰ্যসূচীৰ গুৰুত্ব, ইয়াৰ প্ৰভাৱ আৰু মোদী চৰকাৰৰ শিক্ষা নীতিয়ে ছাত্ৰ-ছাত্ৰীৰ মনত সৃষ্টি কৰা মানসিক চাপ সন্দৰ্ভত আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ পক্ষৰ পৰা এখন সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলত দলটোৰ জ্যেষ্ঠ নেতাসকলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ শিক্ষা নীতিক তীব্ৰ সমালোচনা কৰাৰ লগতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰে।

 

Apply Now

সংবাদমেলত বক্তব্য ৰাখি বিধায়ক আব্দুৰ ৰহিমে কয় যে এখন গণতান্ত্ৰিক দেশত চৰকাৰ আৰু ইয়াৰ প্ৰতিটো বিভাগৰ মন্ত্ৰীসকলৰ নৈতিকতা থকাটো অতি আৱশ্যকীয়। দেশৰ চিকিৎসা শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰখনত একাধিকবাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতেও কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজিলৈকে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰাৰ প্ৰয়োজনবোধ নকৰিলে বুলি তেওঁ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। বৰ্তমানৰ বিজেপি চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত আৰু জীৱনক লৈ হেতালি খেলিছে বুলি অভিযোগ উত্থাপন কৰি বিধায়কগৰাকীয়ে কয় যে সমগ্ৰ কাণ্ড প্ৰমাণ হোৱাৰ পিছতো প্ৰধানমন্ত্ৰীয়ে শিক্ষামন্ত্ৰীজনক পদত্যাগ কৰিবলৈ বাধ্য নকৰাটোৱে এই গোটেই পেপাৰ লিক কাণ্ডৰ সৈতে চৰকাৰখনৰ পোনপটীয়া সংপৃক্ততাকে স্পষ্ট কৰে। তেওঁ জৱহাৰলাল নেহৰুৰ কাৰ্যকালত ৰে’ল মন্ত্ৰী হৈ থকা লালবাহাদুৰ শাস্ত্ৰীয়ে এটা ৰে’ল দুৰ্ঘটনাৰ বাবে নৈতিক দায়িত্ব লৈ পদত্যাগ কৰাৰ প্ৰসংগ উল্লেখ কৰি বৰ্তমানৰ চৰকাৰৰ কোনো জবাবদিহিতা নাই বুলি কটাক্ষ কৰে। ইয়াৰ উপৰি লাডাখৰ বিশিষ্ট পৰিৱেশবিদ ছোনম ৱাংচুকক অনশনস্থলীৰ পৰা বলপূৰ্বক উঠাই নি ছফদৰজং হাস্পতালত একপ্ৰকাৰ বন্দী কৰি ৰখা কাৰ্যক তেওঁ তীব্ৰ গৰিহণা দিয়ে।

 

ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ডৰ দুৰৱস্থাৰ ছবিখন দাঙি ধৰি প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই কয় যে যিখন ৰাজ্যত স্বয়ং মুখ্যমন্ত্ৰীৰ নেতৃত্বত ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন কৰা হয়, তাত চৰকাৰী বিদ্যালয়ৰ অৱস্থা কেতিয়াও উন্নত হ’ব নোৱাৰে। বৰ্তমান ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষকৰ তীব্ৰ অভাৱ ঘটিছে, যাৰ বাবে বাধ্য হৈ অভিভাৱকসকলে নিজৰ সন্তানক চৰকাৰী খণ্ডৰ পৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ স্থানান্তৰ কৰিছে। চৰকাৰে ছাত্ৰ-ছাত্ৰীক সময়মতে পাঠ্যপুথি যোগান ধৰিব পৰা নাই আৰু অতি নিম্নমানৰ সস্তীয়া ইউনিফৰ্ম প্ৰদান কৰিছে বুলি অভিযোগ কৰি চিকিৎসা মহাবিদ্যালয়ৰ নামত কেৱল ডাঙৰ অট্টালিকাহে নিৰ্মাণ কৰা হৈছে কিন্তু তাত প্ৰয়োজনীয় চিকিৎসক, নাৰ্ছ বা কৰ্মচাৰী নাই বুলি তেওঁ প্ৰকাশ কৰে। আনকি মেডিকেল ব’ৰ্ডৰ পৰিদৰ্শনৰ সময়ত এখন মহাবিদ্যালয়ৰ চিকিৎসক-নাৰ্ছক অন্য এখনলৈ নি মিলাই থৈ অহাৰ দৰে ভেকোভাওনাহে চলিছে বুলি তেওঁ কয়। গুৱাহাটীত ছোনম ৱাংচুকৰ ফটো অংকন কৰাৰ অপৰাধত দুজন শিল্পীকে আটক কৰা কাৰ্যক কটাক্ষ কৰি তেওঁ কয় যে শিল্পী দুজনে ৱাংচুকৰ সলনি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ ছবি অংকন কৰা হ’লে চৰকাৰৰ পৰা পুৰস্কৃতহে হ’লহেঁতেন। ইয়াৰ উপৰি তেওঁ গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান আৰু উৰণীয়া সেতুৰ তলৰ ৰাস্তাবোৰৰ তথৈবচ অৱস্থাক লৈও ক্ষোভ প্ৰকাশ কৰে।

 

সংবাদমেলখনৰ আঁত ধৰি অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই বৰ্তমানৰ শিক্ষা ব্যৱস্থাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে সমগ্ৰ শিক্ষা ব্যৱস্থাটো ক্ৰমান্বয়ে বাণিজ্যিকীকৰণ হোৱাৰ বাবে শিক্ষাৰ্থীসকলৰ ওপৰত কেৱল অধিক নম্বৰ লাভ কৰাৰ এক ভয়াৱহ মানসিক বোজা জাপি দিয়া হৈছে, যাৰ ফলস্বৰূপে সাধাৰণ আৰু দৰিদ্ৰ পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থীসকল চৰম বৈষম্যৰ চিকাৰ হৈছে। শিক্ষা প্ৰতিষ্ঠানসমূহত নম্বৰৰ অন্ধ প্ৰতিযোগিতাৰ পৰিৱৰ্তে শিক্ষাৰ্থীসকলৰ বাবে এক সুস্থ, সহায়ক আৰু মানসিকভাৱে সম্পূৰ্ণ সুৰক্ষিত পৰিৱেশ গঢ়ি তোলাটো অত্যন্ত জৰুৰী বুলি বৰাই মন্তব্য কৰে। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কোটা আৰু ডেৰাডুনৰ কাৰ্যসূচীৰ সফলতাৰ পিছত ছাত্ৰো কি গুঞ্জ কাৰ্যসূচীৰ পৰৱৰ্তী অনুষ্ঠানসমূহত স্থানীয় ছাত্ৰ-ছাত্ৰী আৰু নিবনুৱা যুৱক-যুৱতীসকলৰ সৈতে বাৰ্তালাপ কৰি এখন যুৱ ইস্তাহাৰ বা ভৱিষ্যতৰ এক বিকল্প শিক্ষা-নিযুক্তি নীতিৰ খচৰা প্ৰস্তুত কৰিব বুলিও বৰাই জানিবলৈ দিয়ে।

 

প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা বৰ্তমানৰ এই পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে বিধানসভাৰ চলিত অধিৱেশনত অন্তত এটা দিনৰ বাবে হ’লেও কেৱল শিক্ষা বিষয়ক গুৰুত্বপূৰ্ণ বিষয়টো লৈ বিশদ আলোচনা কৰিবলৈ চৰকাৰক আনুষ্ঠানিকভাৱে আহ্বান জনাইছে।

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd