• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় ৰাজনীতিত পৰমাণু বোমা ফুটালে ৰাহুল গান্ধীয়ে! কঁপি উঠিব পাৰে চৰকাৰৰ ভেটি

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 2, 2025 2:36 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে “ভোট চুৰি” চলি আছে আৰু নিৰ্বাচন আয়োগৰ পোনপটীয়াকৈ এই ষড়যন্ত্ৰত হাত আছে।

তেওঁৰ ভাষাত, “আমাৰ হাতত এনে প্ৰমাণ আছে যিবোৰ পৰমানু বোমাৰ দৰে বিস্ফোৰণ ঘটাব – য’ত সমগ্ৰ দেশেই বুজিব যে আয়োগে কেনেকৈ বিজেপিৰ হৈ জয়ী হ’বলৈ ভোট চুৰিৰ সুবিধা প্ৰদান কৰিছে।”

Apply Now

সংসদৰ বাহিৰত সাংবাদিকৰ সৈতে মুখামুখি হৈ ৰাহুলে কয়, “এতিয়া আমাৰ হাতত মুকলি আৰু বন্ধ গোচৰ আছে। আয়োগে বিজেপিৰ সপক্ষে ভোট চুৰি কৰাত সহায় কৰিছে – মই এই বিষয়ে ১০০ শতাংশ নিশ্চিত। আমি নিজাববীয়াকৈ তদন্ত চলাইছো, ৬ মাহ ধৰি। যি তথ্য আমি লাভ কৰিছো সেইটোৱে ‘এটম বোম’। এই প্ৰমান সন্মুখলৈ আহিলে নিৰ্বাচন আয়োগ নাথাকিবই।”

তেওঁ লগতে কয়, ‘মধ্যপ্ৰদেশ, লোকসভা আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত আমাৰ সন্দেহ আছিল। মহাৰাষ্ট্ৰত ১ কোটি নতুন ভোটাৰ সংযোজন হ’ল। তাৰ পিছত নিৰ্বাচন আয়োগৰ পৰা সহায় নোলোৱাকৈ আমি নিজাববীয়াকৈ তদন্ত চলাইছিলো। এই ষড়যন্ত্ৰত জড়িতসকল—ওপৰৰ পৰা তললৈ—কোনেও ৰেহাই নাপাব। তেওঁলোকে দেশ বিৰোধী কাম কৰিছে, এয়া দেশদ্ৰোহ। অৱসৰৰ পিছতো আমি বিচাৰি উলিয়াম।”

ইপিনে, নিৰ্বাচন আয়োগে এক বিবৃতি প্ৰকাশ কৰি ৰাহুলৰ অভিযোগক ‘ভুল আৰু বিভ্ৰান্তিকৰ’ বুলি অভিহিত কৰে। আয়োগে কয়, “২০২৪ চনৰ নিৰ্বাচনৰ এবছৰতকৈও অধিক সময় পাৰ হৈ গ’ল। এতিয়ালৈকে ১০খন নিৰ্বাচনী আৱেদন দাখিল কৰা হৈছে, ইয়াৰে এখনো আৱেদন কোনো পৰাজিত কংগ্ৰেছ প্ৰাৰ্থীয়ে দাখিল কৰা নাই।”

আয়োগে লগতে কয়, “একেলগে লাখ লাখ নিৰ্বাচনী বিষয়াক দোষাৰোপ কৰি তেওঁলোকৰ বিৰুদ্ধে ভাবুকি দি ভুল তথ্য প্ৰচাৰ কৰাটো অতি দুৰ্ভাগ্যজনক। সময়ত আইনী ব্যৱস্থা নলৈ এতিয়া সংবাদ মাধ্যমৰ জৰিয়তে এনে অভিযোগ উত্থাপন কৰাটো দুৰ্ভাগ্যজনক আৰু দায়িত্বহীন আচৰণ।”

আনহাতে, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে ৰাহুলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, “ৰাহুল গান্ধীয়ে বাৰে বাৰে সাংবিধানিক প্ৰতিষ্ঠানক আক্ৰমণ কৰি আছে। এয়া কোনো নতুন কথা নহয়। ২০১৪ চনত যেতিয়া মোডীয়ে প্ৰথমবাৰৰ বাবে জয়ী হৈছিল, তেতিয়া আমাৰ চৰকাৰ নাছিল। কেৰেলা, তামিলনাডু, পঞ্জাৱ, পশ্চিম বংগত কংগ্ৰেছে জয়ী হৈছিল – তেতিয়া কেনেকৈ?”

ৰিজিজুৰ মন্তব্য, “কংগ্ৰেছে যেতিয়া পৰাস্ত হয় তেতিয়া নিৰ্বাচন আয়োগক দোষাৰোপ কৰে। আদালতৰ ৰায় ভাল নাপালে ন্যায়পালিকাক দোষাৰোপ কৰে। এয়া গণতন্ত্ৰক দুৰ্বল কৰাৰ গভীৰ ষড়যন্ত্ৰ।”

যোৱা মাহত ৰাহুলে দাবী কৰিছিল যে কৰ্ণাটকৰ এখন আসনক কেন্দ্ৰ কৰি হোৱা অনিয়মৰ ‘১০০ শতাংশ সুনিৰ্দিষ্ট প্ৰমাণ’ আছে। সেই সময়ত নিৰ্বাচন আয়োগে সেই অভিযোগক ‘ভুল আৰু ভিত্তিহীন’ বুলি খাৰিজ কৰিছিল। কৰ্ণাটকৰ মুখ্য নিৰ্বাচনী বিষয়াই কয় যে, “ভুল সংযোজন বা বিলোপৰ বিৰুদ্ধে আইন অনুসৰি আপীল কৰাৰ অধিকাৰ আছে। কিন্তু কোনো আপীল দাখিল কৰা হোৱা নাই।”

দীৰ্ঘদিন ধৰি নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপন হৈ আহিছে যদিও শেহতীয়াকৈ ৰাহুল গান্ধীৰ অভিযোগে এক নতুন মাত্ৰা সংযোজন কৰিছে। তেওঁৰ মতে, আয়োগে বিজেপিৰ সৈতে গোপন বুজাবুজি কৰি ভোট চুৰি কৰাত সহায় কৰিছে যাতে বিজেপিয়ে নিৰ্বাচনৰ পৰা লাভৱান হয়। মহাৰাষ্ট্ৰত এক কোটি নতুন ভোটাৰ সংযোজন, মধ্যপ্ৰদেশত অনিয়ম, কৰ্ণাটকত ভোটাৰ তালিকাত সন্দেহজনক সংযোজন – এই সকলোবোৰ সেই গোপন বুজাবুজিৰ অংশ।

যদি সঁচাকৈয়ে আয়োগে বিজেপিৰ বাবে কাম কৰি আছে, তেন্তে ই গণতান্ত্ৰিক গাঁথনিৰ প্ৰতি গভীৰ ভাবুকি। সংবিধান মতে নিৰ্বাচন আয়োগ এটা স্বতন্ত্ৰ আৰু নিৰপেক্ষ সংস্থা, কিন্তু যদি ই শাসকীয় দলৰ আহিলা হৈ পৰে, তেন্তে সাধাৰণ নাগৰিকৰ ভোটাধিকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন হয়। আয়োগৰ কাম হ’ব লাগে সকলো ৰাজনৈতিক দলকে সমান ব্যৱহাৰ কৰা। এই পৰিস্থিতিত তাৎক্ষণিক স্বচ্ছ আৰু নিৰপেক্ষ তদন্তৰ প্ৰয়োজন যাতে সত্য প্ৰকাশ পায় আৰু গণতন্ত্ৰৰ প্ৰতি মানুহৰ আস্থা অটুট থাকে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd