উচ্চাকাংক্ষী মাতৃৰ হেঁচাত ৰাজনীতিলৈ আহিছে ৰাহুল গান্ধী : কংকনা ৰানাৱট

উচ্চাকাংক্ষী মাতৃৰ হেঁচাত ৰাজনীতিত প্ৰৱেশ কৰিছিল ৰাহুল গান্ধীয়ে – এই মন্তব্য কৰিছে অভিনেত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী কংগনা ৰানাৱটে । 

ইণ্ডিয়া টুডেক দিয়া এক সাক্ষাৎকাৰত কংকনাই কয়, ‘ৰাহুল গান্ধী নিজৰ উচ্চাকাংক্ষী মাতৃৰ কামনাৰ বলি। মই ভাবো ৰাহুল গান্ধী পিতৃতন্ত্ৰৰ ভুক্তভোগী।”

কংগনাৰ মতে গান্ধীক দেখিলেই অকলশৰীয়া যেন লাগে। ৬০ বছৰ সম্পূৰ্ণ হ’বলৈ গৈ থকা ৰাহুল গান্ধী এতিয়াও যুৱক হিচাপে ৰাজনীতিত আছে।

বলীউডৰ পৰা পোনপটীয়াকৈ ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিছে কংগনা ৰানাৱটে। হিমাচল প্ৰদেশৰ জীয়ৰী কংকনা। হিমাচল প্ৰদেশৰে মাণ্ডী সমষ্টিৰ পৰা তেওঁক প্ৰক্ষেপ কৰিছে বিজেপিয়ে। 

নিৰ্বাচনী প্ৰচাৰৰ সময়ত নৰেন্দ্ৰ মোডীৰ বিভিন্ন পদক্ষেপক প্ৰশংসা কৰাৰ লগতে বিভিন্ন বিষয়ত কংগ্ৰেছকো লক্ষ্য কৰি লৈছে কংকনাই।

কংগনাই ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী সন্দৰ্ভত কয়, “সিহঁতে সুখেৰে জীয়াই থকাৰ যোগ্য। বেছি দেৰি হোৱা নাই। সিহঁতৰ মাকে সিহঁতক সঠিকভাৱে পথ প্ৰদৰ্শন কৰা উচিত।”