• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ইন্দোৰত উপস্থিত হোৱাৰ পিছতে বোমাৰে উৰুৱাই দিয়া হ’ব! ভাৰত জোড়ো যাত্ৰাৰ মাজতে ৰাহুল গান্ধীলৈ মৃত্যুৰ ভাবুকি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2022 1:57 pm
Rahul Gandhi gets death threat
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দলৰ হৃত গৌৰৱ পুনৰুদ্ধাৰৰ বাবে শীৰ্ষ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত অব্যাহত থকা ভাৰত জোড়ো যাত্ৰাই অকুণ্ঠ জনসমৰ্থন লাভ কৰিলেও পদযাত্ৰাৰ মাজতে আজি এক মৃত্যুৰ ভাবুকি লাভ কৰিছে ৰাহুল গান্ধীয়ে।

বৰ্তমান মহাৰাষ্ট্ৰত থকা ভাৰত জোড়ো যাত্ৰাই মধ্যপ্ৰদেশৰ ইন্দোৰত উপস্থিত হোৱাৰ লগে লগে বোমা বিস্ফোৰণেৰে ৰাহুল গান্ধীক হত্যা কৰা হ’ব বুলি এক পত্ৰ যোগে অজ্ঞাত আততায়ীয়ে ভাবুকি প্ৰেৰণ কৰিছে।

Apply Now

ইন্দোৰৰ জুনি থানা এলেকাৰ অন্তৰ্গত এখন মিঠাইৰ দোকানৰ বাহিৰত উদ্ধাৰ হৈছে এই ভাবুকি পত্ৰ। পত্ৰখন উদ্ধাৰৰ পিছতে আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি দোকানখনৰ বাহিৰত চিঠিখন এৰি থৈ যোৱা ব্যক্তিগৰাকীৰ সন্ধান আৰম্ভ কৰিছে।

জিলাখনৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত অৱগত কৰা অনুসৰি অচিনাক্ত ব্যক্তিগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৫০৭ ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে।

উল্লেখ্য যে যোৱা ৭ নৱেম্বৰত মহাৰাষ্ট্ৰত উপস্থিত হোৱাৰ পিছত কংগ্ৰেছৰ ভাৰত জোড়ো পদযাত্ৰাই ৰাজ্যখনৰ মাজেৰে যাত্ৰা অব্যাহত ৰাখিছে আৰু ২০ নৱেম্বৰত মধ্যপ্ৰদেশত উপস্থিত হ’ব।

ইফালে ১৯ নৱেম্বৰত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা কংগ্ৰেছ নেত্ৰী ইন্দিৰা গান্ধীৰ জন্ম বাৰ্ষিকী উপলক্ষে কংগ্ৰেছে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত অনুসৰি দিনটোত পদযাত্ৰাৰ সময়ত কোনো পুৰুষ সদস্য ৰাহুল গান্ধীৰ সৈতে নাথাকিব বুলি কংগ্ৰেছে জানিবলৈ দিছে।

ইয়াৰ পৰিৱৰ্তে ভাৰত জোড়ো যাত্ৰাৰ সময়ত যাত্ৰাৰ নেতৃত্ব বহন কৰা দলৰ নেতা ৰাহুল গান্ধীৰ সৈতে কেৱল মহিলা পদযাত্ৰী সকলে অংশগ্ৰহণ কৰিব বুলি দলৰ জ্যেষ্ঠ নেতা যোগাযোগ আৰু প্ৰচাৰ বিভাগৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এক বিবৃতিত প্ৰকাশ কৰিছে।

১৯ নৱেম্বৰৰ এই বিশেষ কাৰ্যসূচীত মহাৰাষ্ট্ৰৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ পৰাও দলৰ মহিলা প্ৰতিনিধিসকলে দিনটোৰ পদযাত্ৰাৰ অংশ হ’ব বুলিও তেওঁ উল্লেখ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd