ইন্দোৰত উপস্থিত হোৱাৰ পিছতে বোমাৰে উৰুৱাই দিয়া হ’ব! ভাৰত জোড়ো যাত্ৰাৰ মাজতে ৰাহুল গান্ধীলৈ মৃত্যুৰ ভাবুকি

Rahul Gandhi gets death threat

দলৰ হৃত গৌৰৱ পুনৰুদ্ধাৰৰ বাবে শীৰ্ষ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত অব্যাহত থকা ভাৰত জোড়ো যাত্ৰাই অকুণ্ঠ জনসমৰ্থন লাভ কৰিলেও পদযাত্ৰাৰ মাজতে আজি এক মৃত্যুৰ ভাবুকি লাভ কৰিছে ৰাহুল গান্ধীয়ে।

বৰ্তমান মহাৰাষ্ট্ৰত থকা ভাৰত জোড়ো যাত্ৰাই মধ্যপ্ৰদেশৰ ইন্দোৰত উপস্থিত হোৱাৰ লগে লগে বোমা বিস্ফোৰণেৰে ৰাহুল গান্ধীক হত্যা কৰা হ’ব বুলি এক পত্ৰ যোগে অজ্ঞাত আততায়ীয়ে ভাবুকি প্ৰেৰণ কৰিছে।

ইন্দোৰৰ জুনি থানা এলেকাৰ অন্তৰ্গত এখন মিঠাইৰ দোকানৰ বাহিৰত উদ্ধাৰ হৈছে এই ভাবুকি পত্ৰ। পত্ৰখন উদ্ধাৰৰ পিছতে আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি দোকানখনৰ বাহিৰত চিঠিখন এৰি থৈ যোৱা ব্যক্তিগৰাকীৰ সন্ধান আৰম্ভ কৰিছে।

জিলাখনৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত অৱগত কৰা অনুসৰি অচিনাক্ত ব্যক্তিগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৫০৭ ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে।

উল্লেখ্য যে যোৱা ৭ নৱেম্বৰত মহাৰাষ্ট্ৰত উপস্থিত হোৱাৰ পিছত কংগ্ৰেছৰ ভাৰত জোড়ো পদযাত্ৰাই ৰাজ্যখনৰ মাজেৰে যাত্ৰা অব্যাহত ৰাখিছে আৰু ২০ নৱেম্বৰত মধ্যপ্ৰদেশত উপস্থিত হ’ব।

ইফালে ১৯ নৱেম্বৰত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা কংগ্ৰেছ নেত্ৰী ইন্দিৰা গান্ধীৰ জন্ম বাৰ্ষিকী উপলক্ষে কংগ্ৰেছে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত অনুসৰি দিনটোত পদযাত্ৰাৰ সময়ত কোনো পুৰুষ সদস্য ৰাহুল গান্ধীৰ সৈতে নাথাকিব বুলি কংগ্ৰেছে জানিবলৈ দিছে।

ইয়াৰ পৰিৱৰ্তে ভাৰত জোড়ো যাত্ৰাৰ সময়ত যাত্ৰাৰ নেতৃত্ব বহন কৰা দলৰ নেতা ৰাহুল গান্ধীৰ সৈতে কেৱল মহিলা পদযাত্ৰী সকলে অংশগ্ৰহণ কৰিব বুলি দলৰ জ্যেষ্ঠ নেতা যোগাযোগ আৰু প্ৰচাৰ বিভাগৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এক বিবৃতিত প্ৰকাশ কৰিছে।

১৯ নৱেম্বৰৰ এই বিশেষ কাৰ্যসূচীত মহাৰাষ্ট্ৰৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ পৰাও দলৰ মহিলা প্ৰতিনিধিসকলে দিনটোৰ পদযাত্ৰাৰ অংশ হ’ব বুলিও তেওঁ উল্লেখ কৰিছে।