ৰাহুলে কাকো ঠেলা-ঠেলি কৰা নাই, ভুৱা এজাহাৰ দাখিল কৰিছে বিজেপিয়ে : প্ৰিয়ংকা গান্ধী
“বিজেপিয়ে ভালকৈয়ে জানে যে বি আৰ অম্বেদকাৰক কৰা অপামান দেশৰ মানুহে সহ্য নকৰে। সেয়ে বিজেপিয়ে বিষয়টোৰ পৰা সাধাৰণ মানুহৰ দৃষ্টি আঁতৰাব খুজিছে।” এই মন্তব্য প্ৰিয়ংকা গান্ধীৰ।
তেওঁ লগতে কয় যে লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাটো আচলতে চৰকাৰৰ হতাশ মনোভাৱৰ প্ৰতীক।
অনিৰ্দিষ্টকালৰ বাবে (Sine Die) লোকসভা অধিৱেশন স্থগিত ৰখাৰ পিছত প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কয় যে সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ মুখামুখি হৈ চৰকাৰে ভয় খাইছে। এই চৰকাৰখনে আদানী বিষয়ত বিতৰ্কৰ হ’ব বুলি আশংকা কৰিছে।
আজিৰ দিনটোতে কংগ্ৰেছৰ সাংসদগৰাকীয়ে কয় যে আমাৰ দেশৰ সংবিধানখন বাবাছাহেব আম্বেদকাৰ, আমাৰ দেশৰ জনসাধাৰণ আৰু স্বাধীনতা সংগ্ৰামীসকলে নিৰ্মাণ কৰিছিল। তেওঁলোকৰ প্ৰতি কোনো অসন্মান দেশে সহ্য নকৰে।
সাংবাদিকসকলে ৰাহুল গান্ধীৰ বিৰুদ্ধে এফআইআৰ সন্দৰ্ভত তেওঁৰ মতামত সোধাত তেওঁ কয় যে আচলতে ই চৰকাৰৰ হতাশ মনোভাৱৰ প্ৰতীক। চৰকাৰ ইমানেই হতাশ হৈ পৰিছে যে ভুৱা এফআইআৰ দাখিল কৰিছে। ৰাহুলে কাকো ঠেলা-ঠেলি কৰা নাই। মই তেওঁৰ ভগ্নী। মই তেওঁক ভালদৰে চিনি পাওঁ। তেনেকুৱা কাম তেওঁ কেতিয়াও কৰিব নোৱাৰে।