• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাপ্পু নহয় ৰাহুল গান্ধী, ৰাজনৈতিক চতুৰতাৰে লগোৱা হৈছে ‘পাপ্পু’ টেগ!

ৰাহুল গান্ধীক বুদ্ধিমান-দূৰদৰ্শী ব্যক্তি আখ্যা ৰঘূৰাম ৰাজনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2023 4:05 pm
Raghuram Rajan on Pappu
152
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৰাজনীতিত পাপ্পু নামেৰে চৰ্চিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী। শাসকীয় বিজেপি দল আৰু একাংশ সংবাদ মাধ্যমে ৰাহুল গান্ধীক পাপ্পু নামেৰে দেশবাসীৰ সন্মুখত চিনাকি কৰাই দিছে। পিছে ৰাহুল গান্ধীৰ পাপ্পু নামাকৰণত সন্মত নহয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ তথা অৰ্থনীতিবিদ ৰঘূৰাম ৰাজন।

ৰাহুল গান্ধীক ‘পাপ্পু’ নামেৰে নিন্দা কৰা কাৰ্যক বিৰোধ কৰি ৰঘূৰাম ৰাজনে কংগ্ৰেছ সাংসদ গৰাকীক বুদ্ধিমান আৰু দূৰদৰ্শী ব্যক্তি আখ্যা দিয়ে আৰু তেনে এগৰাকী ব্যক্তিক ‘পাপ্পু’ বুলি অভিহিত কৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।

ৰঘূৰাম ৰাজনৰ মতে, ৰাহুল গান্ধীয়ে ৰাজনীতিত প্ৰৱেশ কৰাৰ পৰাই তেওঁৰ নামত চতুৰতাৰে ‘পাপ্পু’ টেগ সংযোজন কৰা হৈছে। বিজেপিৰ ‘ট্ৰল আৰ্মী’ আৰু আই টি চেলে ৰাহুল গান্ধীক মূৰ্খ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ দিনে নিশাই কাম কৰি আহিছে বুলি অভিযোগ কৰে ৰাজনে।

বিশিষ্ট অৰ্থনীতিবিদ গৰাকীয়ে কয় যে, বিজেপিৰ সাধাৰণ কৰ্মচাৰীৰ লগতে আনকি বিজেপিৰ শীৰ্ষ নেতাসকলেও কংগ্ৰেছ নেতাগৰাকীক পোনপটীয়াকৈ পাপ্পু বুলি সম্বোধন কৰিছিল। কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীৰ ভাবমূৰ্তি এনেদৰে ম্লান কৰাৰ প্ৰয়াস কৰা হৈছে যে ৰাজনৈতিকভাৱে তেওঁ এতিয়াও বেকফুটত আছে।

ৰঘূৰাম ৰাজনে কয়, “ৰাহুল গান্ধী কোনো কাৰণতে পাপ্পু বা মূৰ্খ নহয়। তেওঁ যথেষ্ট বুদ্ধিমান। তেওঁক পাপ্পু বুলি প্ৰচাৰ কৰাটো অতি দুৰ্ভাগ্যজনক। প্ৰায় এটা দশক ধৰি মই তেওঁৰ লগত আছিলো। বহু দিশত কথা-বাৰ্তা হৈছো। কোনো কাৰণতে ৰাহুল পাপ্পু নহয়। তেওঁ এজন স্মাৰ্ট, যৌৱন, বুদ্ধিমান মানুহ।”

ৰাহুল গান্ধীৰ সমৰ্থনত ৰাজনে লগতে কয়, “কেনে ধৰণৰ কথাক অধিক গুৰুত্ব দিয়া উচিত, সেয়া বুজি পোৱাটো অত্যন্ত প্ৰয়োজনীয় বুলি মই ভাবো। কি কামৰ বাবে কাৰ যোগ্যতা বেছি, ক’ত ৰিস্ক বেছি, সেয়া বুজিব লাগিব। মই ভাবো ৰাহুলে সেয়া বহুত ভালকৈ কৰিব পাৰে।”

পিছে ৰাজনে ৰাহুল গান্ধীৰ প্ৰশংসা কৰিলেও এই প্ৰশংসা মানি ল’ব পৰা নাই বিজেপিয়ে। বিজেপিৰ মতে ৰঘূৰাম ৰাজন কংগ্ৰেছৰ সমৰ্থক আৰু সেয়া পৃথকে কোৱাৰ প্ৰয়োজন নাই। যোৱা ১৪ ডিচেম্বৰত ৰাজনে ৰাহুল গান্ধীক সংগ দি ‘ভাৰত জোড়ো যাত্ৰা’ত অংশগ্ৰহণ কৰিছিল।

ইয়াৰ পিছতে বিজেপিৰ নেতা-কৰ্মীসকলে ৰঘূৰাম ৰাজনে এতিয়া কংগ্ৰেছত পোনপটীয়াকৈ যোগদান কৰাটোৱেই সম্ভৱ বুলি কটুক্তি কৰিছিল। কিন্তু এই কটুক্তিৰ উত্তৰত ৰাজনে কোনো ৰাজনৈতিক দলত যোগদান নকৰে বুলি স্পষ্ট কৰি দিছিল।

উল্লেখ্য যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ পদৰ কাৰ্যকাল সমাপ্তিৰ পাছত দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ পিছৰ পৰাই কেন্দ্ৰীয় চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে মাত আহিছে ৰাজনে। বিশিষ্ট অৰ্থনীতিবিদ গৰাকীয়ে বিশেষকৈ বিজেপি চৰকাৰৰ অৰ্থনৈতিক নীতিৰ বিষয়ত যথেষ্ট সৰৱ হৈ আহিছে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd