NORTHEAST NOW (Assamese)

ৰাহুল গান্ধীৰ প্ৰশ্ন মোদী চৰকাৰক : চাউল থকাৰ পিছতো খালী পেটে আছে বহু লোক

April 16, 2020 10:49 am · এন ই নাও নিউজ

ক’ৰ’না ভাইৰাছে দেশজুৰি সংকটৰ সৃষ্টি কৰাৰ সময়তে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে।

তেওঁ কেন্দ্ৰীয় চৰকাৰক উদ্দেশ্যি কয় যে গুদামত চাউল ভৰ্তি হৈ আছে আৰু বহুতে খালী পেটে ৰৈ আছে, সংকটৰ সময়ত এয়া অমানৱীয়।

তেওঁ লগতে চৰকাৰক জৰুৰীকালীন ৰেছন কাৰ্ড জাৰি কৰাৰ বাবেও আহ্বান জনায়। এই ৰেছন কাৰ্ড সেইসকল লোকৰ বাবে যিয়ে লকডাউনৰ সময়ত চাউলৰ বাবে হাহাকাৰ কৰি আছে।

আনহাতে দেশৰ বহু লাখ লাখ লোকে ৰেছন কাৰ্ডৰ বাবে পি ডি এছৰ লাভ পাবলৈ সক্ষম হোৱা নাই। এনেদৰে ৰাহুল গান্ধীয়ে টুইটযোগে চৰকাৰক আহ্বান জনায়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ৱায়ানাডৰ সাংসদ ৰাহুল গান্ধীয়ে মিডিল-ইষ্টৰ পৰা ভাৰতীয় শ্ৰমিকসকলক ওভটাই অনাৰ দাবী তুলিছিল।

এই সন্দৰ্ভত ৰাহুল গান্ধীয়ে কৈছিল যে ক’ৰ’না সংকটৰ বাবে হাজাৰ-হাজাৰ শ্ৰমিক চিন্তিত হৈ পৰিছে, সেয়ে আমাৰ এই ভাই-ভনী সকলক বিশেষ বিমানেৰে ভাৰতলৈ অনাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে।

Related News