কংগ্ৰেছ সভাপতি পদ ত্যাগ ৰাহুল গান্ধীৰ: এ পি চি চিৰ প্ৰতিক্ৰিয়া

পদবীত নাথাকিলেও দলক সদায় নেতৃত্ব দি যোৱাটো বিচাৰে অসম প্ৰদেশ কংগ্ৰেছে

Rahul Gandhi resigns as AICC president

ৰাহুল গান্ধী। ছবি সৌজন্য-- কংগ্ৰেছৰ টুইটাৰ হেণ্ডল।

অৱশেষত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদৰ পৰা অব্যাহতি লোৱা বুলি বুধবাৰে টুইটাৰযোগে ঘোষণা কৰিলে ৰাহুল গান্ধীয়ে।

টুইটাৰত চাৰি পৃষ্ঠাৰ এখন চিঠি আপলোড কৰাৰ লগতে ৰাহুল গান্ধীয়ে লিখিলে, “It is an honour for me to serve the Congress party, whose values and ideals have served as the lifeblood of our beautiful nation.”

লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছতেই কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সভাত নৈতিক দায়িত্ব স্বীকাৰ কৰি গান্ধীয়ে পদত্যাগ কৰিছিল যদিও পদত্যাগ গৃহীত হোৱা নাছিল।

তেওঁ এতিয়া আৰু দলৰ সভাপতি হৈ থকা নাই বুলি ঘোষণা কৰাৰ লগতে টুইটাৰ একাউন্টত তেওঁৰ পূৰ্বৰ ‘সভাপতি’ পদবী আঁতৰাই ‘ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য’ আৰু ‘সাংসদ’ হিচাপেহে পৰিচয় ৰাখিছে।

ইপিনে, ৰাহুল গান্ধীয়ে দলৰ সভাপতি পদ এৰা বুলি ঘোষণা কৰাৰ পাছতেই নৰ্থ-ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যই কয়, “ৰাহুল গান্ধীয়ে যদিও দলৰ সভাপতি পদটোহে এৰিছে আমি ভাবো তেওঁ এতিয়া দলৰ হৈ অধিক শক্তিশালীভাৱে মনোনিৱেশ কৰিব। আগন্তুক দিনত তেওঁ যি স্থিতিতেই নাথাকক তেওঁ দলটোক সন্মুখৰ পৰাই নেতৃত্ব দিব।”


দলৰ সভাপতিৰ দায়িত্বত থকা নথকাটো ৰাহুল গান্ধীৰ নিজৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰশীল বুলি মন্তব্য কৰি ভট্টাচাৰ্য্যই কয়, “তেওঁক আমি আৱেদন কৰাৰ হে অধিকাৰ আছিল গতিকে সিদ্ধান্ত তেওঁ নিজেই বিবেচনা কৰি লৈছে।”

উল্লেখ্য যে, লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছত ৰাহুল গান্ধীয়ে এই পৰাজয়ক মূৰ পাতি লৈ দলৰ সভাপতি পদ এৰিব বিচাৰিছিল। যোৱা ২৫ মে’ত তেওঁ কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সভাত পদত্যাগ পত্ৰ দাখিল কৰিছিল যদিও সভাই তেওঁক সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে আহ্বান জনাইছিল। সমান্তৰালভাৱে বিভিন্ন ৰাজ্যৰ কংগ্ৰেছ নেতৃত্বয়ো তেওঁক পদত্যাগ উঠাই লোৱাৰ বাবে অনুৰোধ জনাইছিল।

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা তৰুণ গগৈকে প্ৰমুখ্য কৰি বহু জ্যেষ্ঠ নেতায়ো ৰাহুল গান্ধীয়ে পদত্যাগ কৰাটো বিচৰা নাছিল। আনকি গুৱাহাটীত এখন সংবাদমেলত তৰুণ গগৈয়ে ৰাহুল গান্ধীক বাদ দি সৰ্বভাৰতীয় পৰ্য্যায়ত কংগ্ৰেছক নেতৃত্ব দিব পৰা নেতাৰ অভাৱৰ কথাও স্বীকাৰ কৰিছিল।

তেনেক্ষেত্ৰত এতিয়া দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৰ নেতৃত্বত কোন অধিষ্ঠিত হয় সেয়া লক্ষণীয় বিষয় হিচাপে বিবেচিত হৈছে।