ভাতৃ বৰুণ গান্ধীয়ে কংগ্ৰেছত যোগদান কৰিব নেকি? কি ক’লে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে?

বেছ কিছুদিন ধৰি বিজেপি সাংসদ তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাতৃ বৰুণ গান্ধীৰ ঘৰ বাপচি অৰ্থাৎ কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনাক লৈ দেশৰ সংবাদ মাধ্যমত চৰ্চা লাভ কৰি আহিছে। এই চৰ্চাৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত প্ৰথমবাৰ মুখ খুলিছে।

উল্লেখ্য যে কংগ্ৰেছ নেতা ৰাহুলা গান্ধী এতিয়া ভাৰত জোড়ো যাত্ৰাত ব্যস্ত আছে। বৰ্তমান ভাৰত জোড়ো যাত্ৰাই পাঞ্জাৱৰ মাজেৰে কাশ্মীৰৰ দিশে যাত্ৰা কৰিছে। তেনে সময়তে ৰাহুল গান্ধীয়ে সম্বোধন কৰা এক সংবাদ মেলত সাংবাদিকে ভাতৃ বৰুণ গান্ধীয়ে কংগ্ৰেছত যোগদান কৰাৰ সন্দৰ্ভত তেওঁক এক প্ৰশ্ন কৰে।

লগতে পঢ়ক: নিসংগতাত ভুগিছে কিম জং-উন! টেটুলৈকে মদ গিলি দিনে-ৰাতি হেনো কৰিছে কন্দাকটা

ৰাহুল গান্ধীয়ে উক্ত প্ৰশ্নৰ উত্তৰ পোনপটীয়াকৈ নিদি কয় যে বৰুণ গান্ধীৰ মতাদৰ্শ পৃথক। বৰুণ গান্ধীৰ আৰএছএছৰ মতাদৰ্শৰ প্ৰতি আনুগত্য আছে।

“মোক শিৰচ্ছেদ কৰিলেও মই কেতিয়াও আৰএছএছৰ কাৰ্যালয়লৈ যাব নোৱাৰো। মোৰ পৰিয়ালৰ এটা মতাদৰ্শ আছে, চিন্তাধাৰা আছে। তেওঁ (বৰুণ) এটা সময়ত, হয়তো আজিও সেই আৰএছএছৰ মতাদৰ্শকে মানি লৈ নিজৰ কৰি লৈছিল। যিটোক মই কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো। মোৰ বাবে অসম্ভৱ।” ৰাহুল গান্ধীয়ে সাংবাদিকৰ আগত এইদৰ কয়।

লগতে পঢ়ক: ৰাস্তাত পেলালে জলন্ত চিগাৰেটৰ টুকুৰা: আদালতে বিহিলে ৫৫ হাজাৰ টকাৰ জৰিমনা!

ৰাহুল গান্ধীয়ে লগতে কয়, “মই নিশ্চিতভাৱে বৰুণক সাক্ষাৎ কৰিব পাৰো, সাৱটি ধৰিব পাৰো, কিন্তু তেওঁৰ সেই মতাদৰ্শক কেতিয়াও মানি ল’ব মানি ল’ব নোৱাৰো।” 

ৰাহুল গান্ধীয়ে লগতে দৃঢ়তাৰে কয় যে আৰ এছ এছ আৰু কংগ্ৰেছৰ মাজত মতাদৰ্শগত যুঁজ চলি আছে।