DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

কাশ্মীৰত ভাৰত জোড়ো যাত্ৰা: ৰাহুল গান্ধীৰ দেহত প্ৰথমবাৰলৈ দেখা পোৱা গ’ল জেকেট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2023 12:05 pm
Bharat Jodo Yatra
119
VIEWS
Share on FacebookShare on Twitter

প্ৰায় সামৰণি পৰাৰ দিশে অগ্ৰসৰ হৈছে ভাৰত জোড়ো যাত্ৰা। বিগত বৰ্ষৰ ৮ ছেপ্টেম্বৰৰ পৰা ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা এই পদযাত্ৰাই অৱশেষত প্ৰৱেশ কৰিছে কাশ্মীৰত। পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি কাশ্মীৰতেই সামৰণি পৰিব কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰা।

বৃহস্পতিবাৰে পঞ্জাৱৰ পৰা জম্মুত প্ৰৱেশ কৰাৰ সময়ত ‘ভাৰত জোড়ো যাত্ৰা’ৰ এই দীৰ্ঘদিনীয়া কাৰ্যসূচীৰ কালছোৱাত প্ৰথমবাৰৰ বাবে ৰাহুল গান্ধীক দেখিবলৈ পোৱা ঠাণ্ডা প্ৰতিহত কৰিব পৰা পোচাকত।

যাত্ৰাৰ সময়ছোৱাত প্ৰচণ্ড ঠাণ্ডাকো নেওচি কেৱল টি-চাৰ্ট পিন্ধি উত্তৰ ভাৰতৰ মাজেৰে পদযাত্ৰা কৰা গান্ধীক আজি প্ৰথমবাৰৰ বাবে জেকেট পৰিধান কৰা দেখিবলৈ পোৱা গ’ল। পুৱাৰে পৰা জম্মুৰ কেইবাটাও অঞ্চলত পাতলীয়া বৰষুণৰ বাবে অৱশেষত গান্ধীয়ে গৰম পোচাক পৰিধান কৰিব লগা হয় বুলি সন্দেহ কৰা হৈছে।

অৱশ্যে পিছত তেওঁ দেহৰ পৰা জেকেটটো খুলি লোৱা দেখা পোৱা গৈছে আৰু প্ৰতিদিনৰ দৰেই কেৱল বগা টি-চাৰ্ট পৰিধান কৰিয়েই পুনৰ যাত্ৰা কৰা দেখিবলৈ পোৱা গৈছিল। উল্লেখ্য যে যাত্ৰাৰ সময়ত গান্ধীৰ এই পোচাকক কেন্দ্ৰ কৰি ৰাজনৈতিক অৰিয়াঅৰিৰো সৃষ্টি হৈছিল।

শাসকীয় বিজেপিয়ে গান্ধীৰ টি-চাৰ্টৰ দৰৰ বিষয়ে উল্লেখ কৰি কটুক্তি কৰাৰ সমান্তৰালভাৱে প্ৰতি আক্ৰমণ চলাইছিল কংগ্ৰেছে। ৰাষ্ট্ৰীয় ৰাজনীতি তথা সংবাদ মাধ্যমত ৰাহুল গান্ধীৰ এই পোচাকত পৰিচ্ছদক লৈ চলিছিল ব্যাপক চৰ্চা।

পিছে এই সকলো চৰ্চাক আওকাণ কৰি ৰাহুল গান্ধীয়ে তেওঁৰ টি-চাৰ্টৰ ওপৰত গুৰুত্ব দিয়াতকৈ তেওঁৰ সৈতে যাত্ৰাত সংগ দিয়া দৰিদ্ৰ কৃষক-শ্ৰমিক সকলৰ পোচাকলৈ গুৰুত্ব দিবলৈ আহ্বান জনাইছিল ৰাজনৈতিক দল তথা সংবাদ মাধ্যমক।

উল্লেখ্য যে এতিয়ালৈকে ১২৫ দিনীয়া যাত্ৰাত প্ৰায় ৩৪০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিছে ৰাহুল গান্ধীৰ নেতৃত্বৰ ভাৰত জোড়ো যাত্ৰাই। অহা ২৫ জানুৱাৰীত জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ বাণীহালত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব গান্ধীয়ে।

তাৰ দুদিন পিছতে ২৭ জানুৱাৰীত অনন্তনাগ হৈ যাত্ৰাৰ অন্তিম গন্তব্যস্থান শ্ৰীনগৰত প্ৰৱেশ কৰিব পদযাত্ৰাই।

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd