• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পদ খালী আছে অথচ নিযুক্তি নাই; প্ৰমাণসহ ‘দলিত বিৰোধী’ মোডী চৰকাৰক তীব্ৰ সমালোচনা ৰাহুলৰ!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 1, 2025 8:59 am
97
VIEWS
Share on FacebookShare on Twitter

অনুসূচিত জাতি আয়োগৰ গুৰুত্বপূৰ্ণ পদ খালী হৈ আছে। কিন্তু তাত চৰকাৰে কাকো নিযুক্তি দিয়া নাই। শুকুৰবাৰে এনে অভিযোগ উত্থাপন কৰে বিৰোধী নেতা ৰাহুল গান্ধীয়ে। ত্থ প্ৰমান দাঙি ধৰি তেওঁৰ অভিযোগ এই চৰকাৰ দলিত বিৰোধী।

শুকুৰবাৰে ৰাহুল গান্ধীয়ে নিজৰ এক্স হেণ্ডেলত মোডী চৰকাৰক তীব্ৰ সমালোচনা কৰি লিখিছে- ‘’বিজেপি চৰকাৰৰ দলিত বিৰোধী মানসিকতাৰ আন এক প্ৰমাণ পোহৰলৈ আহিছে। অনুসূচিত জাতি আয়োগে দলিতসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কাম কৰে। সেই কাৰ্যালয়ক ইচ্ছাকৃতভাৱে আওকাণ কৰা হৈছে। এই বিভাগৰ দুটা গুৰুত্বপূৰ্ণ পদ বিগত এবছৰ ধৰি খালী হৈ আছে। কিন্তু চৰকাৰৰ কোনো কাণসাৰ নাই।‘’

ছ’চিয়েল মিডিয়াত ৰাহুলে লগতে লিখিছে যে এই আয়োগ এটা সাংবিধানিক সংস্থা। ফলত অনুসূচিত জাতি আয়োগক দুৰ্বল কৰি তোলাটো দলিতসকলৰ সাংবিধানিক আৰু সামাজিক অধিকাৰৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ। আয়োগ নাথাকিলে দলিতৰ কথা কোনে শুনিব? তেওঁলোকৰ অভিযোগৰ তদন্ত কোনে কৰিব? প্ৰধানমন্ত্ৰীলৈ মোৰ অনুৰোধ অনুসূচিত জাতি আয়োগৰ বিষয়াৰ খালী পদ শীঘ্ৰে পূৰণ কৰক যাতে দলিতৰ অধিকাৰ সুনিশ্চিত হয়। আৰু চৰকাৰে নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰিব পাৰে।

भाजपा सरकार की दलित विरोधी मानसिकता का एक और सबूत देखिए!

दलितों के अधिकारों की रक्षा करने वाले राष्ट्रीय अनुसूचित जाति आयोग को जानबूझकर उपेक्षित कर दिया गया है – इसके दो अहम पद पिछले एक साल से ख़ाली पड़े हैं।

यह आयोग एक संवैधानिक संस्था है – इसे कमज़ोर करना दलितों के संवैधानिक…

— Rahul Gandhi (@RahulGandhi) February 28, 2025

ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে অভিযোগ কৰিছিল যে দলিত সম্প্ৰদায়ৰ কোনো লোকক গুৰুত্বপূৰ্ণ চৰকাৰী পদত নিযুক্তি দিয়া হোৱা নাই। যোৱা বছৰ ৰাহুল গান্ধীয়ে এই বিষয়ত মোডী চৰকাৰৰ বিৰুদ্ধে মাত মাতিছিল আৰু কৈছিল- “মোডী চৰকাৰৰ কাৰ্যকালত গুৰুত্বপূৰ্ণ চৰকাৰী প্ৰতিষ্ঠানসমূহত দলিত, জনজাতীয় আৰু অ’বিচি সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব অতি কম। ইফালে, কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ পদত নিৰ্বাচিতভাৱে আৰ এছ এছৰ প্ৰতিনিধি নিযুক্তি দিয়া হৈছে। নৰেন্দ্ৰ মোদীয়ে ‘ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ’ৰ জৰিয়তে ব্যক্তিগত সংস্থাৰ উচ্চপদস্থ বিষয়াক নিযুক্তি দিছে য’ত আই এ এছ বিষয়া নিযুক্তি দিব লাগে। যাৰ বাবেই ইউ পি এছ চিৰ প্ৰতিযোগিতামূলক পৰীক্ষা অৰ্থহীন হৈ পৰিছে। এই চৰকাৰী নীতিয়ে দলিতসকলৰ অধিকাৰ আৰু সংকুচিত কৰিছে।”

Recent News

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

‘দোষী সাব্যস্ত নহ’লেও অভিযুক্তক দিনৰ পিছত দিন জিম্মাত ৰাখিছে’; ইডিক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

‘দোষী সাব্যস্ত নহ’লেও অভিযুক্তক দিনৰ পিছত দিন জিম্মাত ৰাখিছে’; ইডিক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd