• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

কোকিল শইকীয়া by কোকিল শইকীয়া
June 13, 2026 6:32 pm
68
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

[যোৱা ৮ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ সকলো দলৰ প্ৰতিনিধিৰ উপস্থিতিত নতুন দিল্লীত এখন বৈঠক অনুষ্ঠিত হৈছিল। সেই বৈঠকত ৰাহুল দান্ধীয়ে দিয়া বক্তৃতাৰ এক মুকলি অনুবাদ]

আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। বহু বছৰ আগতে মোৰ এজন বন্ধুৰ সৈতে  তৰ্ক হৈছিল। মই তেওঁক কৈছিলোঁ, “তুমি যি কৰি আছা, সেয়া সম্পূৰ্ণ অন্যায়।” তেওঁ মোক উত্তৰ দিছিল, “পৃথিৱীখনেই অন্যায়েৰে ভৰা। সেয়েহে, উপায় নাই।” আজি ইয়াত কংগ্ৰেছ দলৰ বিষয়ে যিবোৰ কথা কোৱা হৈছে, মই সেইবোৰৰ  উত্তৰ দিবলৈ নাযাওঁ। মই এতিয়া নীলকন্ঠ শিৱৰ দৰে সকলো বিষ হজম কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে মোক বা কংগ্ৰেছক যিমান সমালোচনা কৰিছে সেইবোৰ   আমি হাঁহিমুখে সেয়া গ্ৰহণ কৰিম। কাৰণ আপোনালোক আৰু আমাৰ মাজত এক মৌলিক পাৰ্থক‍্য আছে।মই  অহংকাৰ কৰা নাই।আমাৰ কাম হৈছে মৰম, স্নেহেৰে  সকলোকে একত্ৰিত কৰা।

২০০৪ চনত মই প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। তেতিয়াৰ পৰা এতিয়ালৈ মই কংগ্ৰেছ দলৰ সাংসদ। ভাৰতৰ আন সকলো দলৰ তুলনাত আমাৰ দলটো বেলেগ। মই এই কথা সম্পূৰ্ণ বিনম্ৰতাৰে কৈছোঁ।

Apply Now

কিয়? কাৰণ আধুনিক ভাৰতৰ জন্ম হোৱাৰ আগতেই এক প্ৰতিৰোধী শক্তি হিচাপে এই দলটোৰ জন্ম হৈছিল। আন দলৰ দৰে কংগ্ৰেছ দলটো ৰাষ্ট্ৰই প্ৰদান কৰা সুৰক্ষাৰ মাজত এই দলটোৰ জন্ম হোৱা নাছিল।কংগ্ৰেছ দলটোৰ এটা  প্ৰতিৰোধ আন্দোলনৰ মাজত জন্ম হৈছিল, যিয়ে প্ৰতিৰোধ আন্দোলনে সকলো ভাৰতীয়কে সমান বুলি গন‍্য কৰে । সেয়েই আৰএছএছৰ দৃষ্টিভংগীৰ সৈতে আমাৰ মৌলিক বিৰোধ।প্ৰয়োজনত আমি মৃত্যুবৰণ কৰিম। কিন্তু বিজেপি বা আৰএছএছৰ সৈতে  কেতিয়াও আপোচ নকৰোঁ। আমাক শিৰচ্ছেদ কৰিলেও আমি আমাৰ মৌলিক আদৰ্শ ত্যাগ নকৰোঁ। এই দেশত লাখ লাখ কংগ্ৰেছ কৰ্মী ওলাব, যিসকলে ক’ব, “আমাৰ ডিঙি কাটি পেলাওক। কিন্তু আমি আৰএছএছৰ আগত শিৰনত নকৰোঁ।”

এই কথা ক’বলৈ মোৰ দুখ লাগিছে যে ইণ্ডিয়া এলায়েন্সৰ মাজত এতিয়াও কিছু বিভ্ৰান্তি আছে। বিভ্ৰান্তিটো হৈছে—আপোনালোকে, অৰ্থাৎ এছপি, টিএমচি আৰু আৰজেডিয়ে এতিয়াও বিশ্বাস কৰে যে পুৰণি ৰাজনৈতিক কৌশলবোৰে এতিয়াও আগৰ দৰে কাম দিব। ৰাষ্ট্ৰই সকলোকে সমান জ্ঞান কৰাৰ সময়তহে এই উপায়বোৰে কাম দিছিল । এতিয়া সেই পৰিস্থিতি আৰু নাই।বিজেপিয়ে ৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহ নিয়ন্ত্ৰণ কৰে। বিজেপিয়ে আনকি  আইনী ব্যৱস্থাও নিয়ন্ত্ৰণ কৰে। বিজেপিয়ে আমোলাতন্ত্ৰ নিয়ন্ত্ৰণ কৰে।  চোৰাংচোৱা সংস্থাসমূহ তেওঁলোকৰ নিয়ন্ত্ৰণত। বিজেপিয়ে আনকি নিৰ্বাচন আয়োগকো নিয়ন্ত্ৰণ কৰে।টিএমচিত মোৰ বহু বন্ধু আছে। তেওঁলোক নিশ্চিত আছিল যে পশ্চিমবংগৰ নিৰ্বাচনত তেওঁলোকে বিপুল বিজয় লাভ কৰিব। মই তেওঁলোকক বাৰে বাৰে কৈছিলোঁ, “আপোনালোকে সপোনৰ পৃথিৱীত বাস কৰিছে।” গুজৰাটত, মধ্যপ্ৰদেশ, ছত্তীশগড়, হাৰিয়ানা, মহাৰাষ্ট্ৰৰ নিৰ্বাচনী ফলাফলৰ পিছতো আপোনালোকে  শিক্ষা ল’ব পৰা নাই।

কংগ্ৰেছ দল এটা প্ৰতিৰোধৰ দল। কাম কৰিবলৈ বা জীয়াই থাকিবলৈ কংগ্ৰেছক ৰাষ্ট্ৰৰ নিৰপেক্ষতাৰ প্ৰয়োজন নাই। ৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহ যিমানেই দমন কৰা হ’ব, যিমানেই সেইবোৰ দখল কৰা হ’ব, ভাৰতৰ সংবিধান ৰক্ষা কৰিবলৈ কংগ্ৰেছ দলে সিমানেই অধিক আগ্ৰাসীভাৱে যুঁজ দিব। আমি সকলোৱে কংগ্ৰেছ দলৰ আদৰ্শসমূহ গ্ৰহণ কৰোঁ। সেই আদৰ্শবোৰ কি? সত্য, অহিংসা, সহানুভূতি আৰু কৰুণা।

আপোনালোক আমাৰ মিত্ৰ দল। আপোনালোকৰ লগত কাজিয়া পেচাল কৰাটো মোৰ কাম নহয়। অনুগ্ৰহ কৰি বুজিবলৈ চেষ্টা কৰক—২০২৪ চনৰ নিৰ্বাচনত আমি জয়ী হৈছিলোঁ। আমি ২০২৪ চনৰ নিৰ্বাচনত আমি পৰাজিত হোৱা নাছিলোঁ।

নীতিশজী কিয় আঁতৰি গ’ল, সেই বিষয়ে আপোনালোকে প্ৰশ্ন কৰিছে। তেওঁ মোৰ বাবে আঁতৰি যোৱা নাছিল। তেওঁ কংগ্ৰেছ দলৰ বাবেও আঁতৰি যোৱা নাছিল।

মই আপোনালোকক কৈছোঁ, যিবোৰ প্ৰতিষ্ঠান কিছু পৰিমাণে এতিয়া মুক্ত হৈ আছে  অদূৰ ভৱিষ‍্যতে সেইটোও নোহোৱা হ’ব।কাৰণ বিজেপি আৰু আৰএছএছে ৰাষ্ট্ৰৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ অধিক কঠোৰ কৰি আনিছে।

১০০ বছৰৰো অধিক সময় আগতে কংগ্ৰেছ দলেও ঠিক একেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল। ১৯২৭ চনৰ আগতে আমি এটা ৰাজনৈতিক দল আছিলোঁ। যিদিনা গান্ধীজিয়ে কৈছিল যে আমাক স্বাধীনতা লাগে, সেইদিনাই আমি এটা আন্দোলনলৈ ৰূপান্তৰিত হৈছিলোঁ। যদি ৰাজনৈতিক দল দল হিচাপে  কাম কৰিব নোৱাৰে, তেন্তে কি কৰা হ’ব? প্ৰতিৰোধে গঢ়ি তুলিব লাগিব। প্ৰতিৰোধেই একমাত্ৰ উপায়। মই নিজৰ চকুৰে সেয়া দেখিছোঁ। মই এই দেশৰ মাজেৰে ৪,০০০ কিলোমিটাৰ খোজ কাঢ়িছোঁ। গতিকে মই ক’ব পাৰোঁ, প্ৰতিৰোধে কাম কৰে।আপোনালোকক ৰাজনৈতিক দলৰ সচৰাচৰ কাঠামোৰ প্ৰয়োজন নাই। আপোনালোকক আমোলাতন্ত্ৰৰ প্ৰয়োজন নাই। আপোনালোকক চোৰাংচোৱা সংস্থাৰো প্ৰয়োজন নাই। প্ৰয়োজন হৈছে প্ৰতিৰোধৰ।

অৰ্থাৎ, মই প্ৰতিৰোধ কৰিম। মই অন্যায় হ’বলৈ নিদিওঁ। ইমানেই। ইয়াতেই শেষ।

এয়া এটা মনোভাৱ। এয়া কোনো সংগঠন নহয়। ই চিন্তা কৰাৰ এটা ধৰণ। আমি ভাল পাওঁ বা নাপাওঁ, এতিয়া আমি সেই পথেই গ্ৰহণ কৰিব লাগিব।

আমাৰ মানসিকতা সলনি হ’ব লাগিব। এতিয়াৰ মানসিকতা হ’ব লাগিব—আমি নিজৰ মাজৰ সৰুসুৰা কথাত লাগি থাকিব লাগিব নালাগিব। আমাক আক্ৰমণ কৰাৰ সুযোগ সংবাদমাধ্যমক দিব নালাগিব। আমি প্ৰতিৰোধ কৰিম ।আপোনালোকে ভাবি আছে যে প্ৰত্যাহ্বানটো হৈছে পৰৱৰ্তী নিৰ্বাচনত জয়ী হোৱা। সেই সিদ্ধান্ত ইতিমধ‍্যে হৈ গৈছে।অনুগ্ৰহ কৰি বুজক, ভাৰতৰ জনসাধাৰণৰ মাজত ইমান ক্ষোভ আছে যে পৰৱৰ্তী নিৰ্বাচনৰ ফল ইতিমধ্যে নিৰ্ধাৰিত।

সমস্যাটো হৈছে আৰএছএছৰ ভাৰতীয় ৰাষ্ট্ৰৰ ওপৰত নিয়ন্ত্ৰণ। সমস্যাটো হৈছে—জয়ী হ’ব পৰাকৈ এটা নিকা নিৰ্বাচন আপোনালোকে নাপাব।

সেয়েহে এতিয়া আমি প্ৰতিৰোধৰ মানসিকতা গঢ়ি তুলিব লাগিব। এই প্ৰতিৰোধ হ’ব লাগিব নিটৰ বিৰুদ্ধে, চি বি এচ চিৰ বিৰুদ্ধে। ভাৰত জোড়ো যাত্ৰাৰ প্ৰতিৰোধ।মুঠৰ ওপৰত প্ৰতিৰোধ আৰু প্ৰতিৰোধ। মই আপোনালোকক নিশ্চয়তা দিছোঁ, এই প্ৰতিৰোধে কাম দিব।

মোৰ দৃষ্টিভংগীৰ পৰা কওঁ, যিকোনো দিশৰ পৰা অহা যিকোনো সমালোচনা গ্ৰহণ কৰিবলৈ মই সম্পূৰ্ণ প্ৰস্তুত। কাৰণ মোৰ বাবে এয়া এক ধৰ্মীয় কৰ্তব্য। এয়া এক আধ্যাত্মিক কৰ্তব্য। এয়া এতিয়া আৰু কেৱল ৰাজনীতি নহয়।

সেয়েহে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ— ইণ্ডিয়া এলায়েন্সক একত্ৰিত কৰি সফল কৰিবলৈ যিমান অপমান সহ্য কৰিব লাগে, মই প্ৰতিটো অপমান সহ্য কৰিম।

আমি কেনেদৰে আগবাঢ়িব লাগিব? সেয়া অতি সহজ। আমি এটা গতবন্ধা ধাৰণাৰ পৰা ওলাই আহিব লাগিব।মমতা দিদি ১০০ শতাংশ নিশ্চিত নহয়, কিন্তু তেওঁ প্ৰায় ৯০ শতাংশ নিশ্চিত যে নিৰ্বাচনত তেওঁৰ ভোট চুৰি কৰা হৈছিল। উদ্ধৱজী ৪০ শতাংশ নিশ্চিত যে তেওঁৰ ভোট চুৰি কৰা হৈছিল। মোৰ ভাতৃ তেজস্বীও ৪০ শতাংশহে  নিশ্চিত। কিন্তু শুনক, মই ১০০ শতাংশ নিশ্চিত যে  নিৰ্বাচন চুৰি কৰা হৈছে। অনুগ্ৰহ কৰি আপোনালোকৰ মনৰ পৰা সকলো সন্দেহ আঁতৰাই পেলাওক।

অনুগ্ৰহ কৰি এই কথাটোও বুজক যে ছ’চিয়েল মিডিয়াত নিজৰ উপস্থিতি গঢ়ি তুলিবলৈ বছৰৰ পিছত বছৰ লাগে। এসপ্তাহৰ ভিতৰত স্বাভাৱিকভাৱে সেয়া হৈ নুঠে।ইউটিউবত মোৰ এক কোটি অনুগামী আছে। কিন্তু মোৰ একাউণ্টটো সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰা হৈছে।যদি আপোনালোকে ভাবি আছে যে ছ’চিয়েল মিডিয়াৰ সমৰ্থনেই সৰ্বস্ব, তেন্তে আপোনালোকে বেলেগ এখন পৃথিৱীত বাস কৰি আছে। সংবাদমাধ্যম, ছ’চিয়েল মিডিয়া, আইনী ব্যৱস্থা, আমোলাতন্ত্ৰ আৰু চোৰাংচোৱা সংস্থাসমূহ—এই চৰকাৰক ক্ষমতাত ৰাখিবলৈ সকলোৱে একেলগে কাম কৰি আছে।কিন্তু এই চৰকাৰ বাচি নাথাকিব। কাৰণ এই চৰকাৰে আমাৰ গণতন্ত্ৰ ধ্বংস কৰিছে। ই ভাৰতীয় জনসাধাৰণৰ ভৱিষ্যৎ ধ্বংস কৰিছে। ইৰাণত যি ঘটিছে, তাৰ পিছত এতিয়া যি ঘটিবলৈ গৈ আছে, সেয়া চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰত। সেয়া নিয়ন্ত্ৰণৰ বাহিৰত আৰু ই জনসাধাৰণক সংগঠিত কৰাৰ বাবে আমাৰ বাবে এক নতুন সুযোগ আনি দিছে। আমি সমন্বয়হীন আৰু একেলগে কাম নকৰোঁ বুলি থকা ধাৰণাটোও আঁতৰাই পেলাওক। এইবোৰ বিজেপি আৰু সংবাদমাধ্যমত থকা তেওঁলোকৰ বন্ধুসকলে প্ৰচাৰ কৰা ধাৰণা। এয়া সত্য নহয়।মই এতিয়াই নিশ্চয়তা দিব পাৰোঁ যে এই কোঠাত বহি থকা প্ৰতিজন ব্যক্তি এই যুঁজত আমাৰ লগত থাকিব। ডি এম কেও থাকিব। কিয়নো তেওঁলোকেও ভাৰতৰ ধাৰণাটোত বিশ্বস কৰে।হয়, আমাৰ মাজত মতবিৰোধো আছে। কিন্তু যদি আপোনালোকে মোক কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীক গৈ আলিংগন কৰিবলৈ কয়, মই সেয়া নোৱাৰোঁ আৰু নকৰোঁ। কাৰণ তেওঁৰ সৈতে মোৰ ৰাজনৈতিক যুঁজ আছে।

সেয়েহে আমি নমনীয় হ’ব লাগিব। আমি বুজিব লাগিব যে বিৰোধী দুৰ্বল আৰু বিশৃংখল বুলি প্ৰমাণ কৰিবলৈ বিজেপিয়ে উঠিপৰি লাগিছে। মই লক্ষ্য কৰিছোঁ যে আমাৰ আলোচনাত প্ৰায়ে একধৰণৰ হতাশাৰ সুৰ থাকে। বহুতে ভাবে, “হে ভগৱান, আমি বিজেপিক কেনেকৈ পৰাজিত কৰিম?”

মই আপোনালোকক কওঁ—আমি যদি একত্ৰিত হৈ থিয় দিওঁ আৰু প্ৰতিৰোধ কৰোঁ, তেন্তে তেওঁলোকক পৰাভূত কৰাটো ইমান জটিল নহয়।যোৱা নিৰ্বাচনত এই কোঠাত থকা মোৰ বাহিৰে আন কোনেও বিশ্বাস কৰা নাছিল যে আমি বিজেপিক পৰাজিত কৰিব পাৰিম। এতিয়া এই কোঠাত থকা প্ৰতিজন ব্যক্তিয়ে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিব লাগিব যে আমি তেওঁলোকক পৰাজিত কৰিম।

নিজৰ ওপৰত আস্থা আৰু বিশ্বাস  ৰাখক। মই আপোনালোকক নিশ্চয়তা দিছোঁ—এখনৰ পিছত আন এখন ৰাজ্যত, এটাৰ পিছত আন এটা নিৰ্বাচনত তেওঁলোকৰ পতন ঘটিব। শেষত আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।

(ভাবানুবাদঃ কোকিল শইকীয়া)

কোকিল শইকীয়া

কোকিল শইকীয়া

সাংবাদিক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm
আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd