NORTHEAST NOW (Assamese)

GDP-ক লৈ চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ- ‍‘মোদী থাকিলে সকলো সম্ভৱ’

August 12, 2020 1:20 pm · এন ই নাও নিউজ
Updated: August 12, 2020 1:30 pm

কংগ্ৰেছ দলৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধীক প্ৰায়ে মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ ভুমিকা গ্ৰহণ কৰা দেখা পোৱা যায়।

শেহতীয়াকৈ ৰাহুল গান্ধীয়ে দেশৰ অৰ্থব্যৱস্থা সম্পৰ্কত মোদী চৰকাৰক লক্ষ্য কৰি আক্ৰমনাত্মক মন্তব্য কৰিছে।

কেৰালাৰ ৱায়নাডৰ সাংসদ ৰাহুলে ইনফোচিচৰ সংস্থাপক এন আ্‌ৰ নাৰায়ণ মূৰ্তিৰ এটা বাতৰিৰ উদ্ধৃতি দি এটা স্ক্ৰিণশ্বটৰ সহায়ত লিখিছে ‍‘মোদী থাকিলে সম্ভৱ’।

উল্লেখ্য যে নাৰায়ণ মূৰ্তিয়ে আশংকা প্ৰকাশ কৰি কৈছিল যে মহামাৰী ক’ৰ’নাৰ বাব দেশৰ আৰ্থিক অৱস্থা প্ৰথমবাৰৰ বাবে স্বাধীনতাৰ পিছত সৰ্বাধিক বেয়া হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে।

তেওঁ লগতে কয় যে দেশৰ আৰ্থিক অৱস্থা অতি শীঘ্ৰে সুস্থিৰ অৱস্থালৈ ঘূৰাই অনাৰ বাবে চৰকাৰে প্ৰয়াস চলাব লাগে।

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে দেশৰ মুঠ ঘৰুৱা উৎপাদন (জি ডি পি)ৰ বিকাশৰ হাৰ আটাইতকৈ তললৈ যোৱাৰ সম্ভাৱনা আছে বুলিও নাৰায়ণ মূৰ্তিয়ে মন্তব্য কৰিছে।

নাৰায়ণ মূৰ্তিয়ে লগতে দেশৰ অৰ্থ ব্যৱস্থা সুস্থিৰ কৰিবলৈ দেশৰ প্ৰত্যেক স্তৰৰে ব্যৱসায়ীক সম্পূৰ্ণ ক্ষমতাৰে কাম কৰাৰ অনুমতি প্ৰদান কৰিব লাগে বুলিও পোষকতা কৰে।

Related News