লোকসভাত বিৰোধী দলৰ নেতা হ’ব ৰাহুল গান্ধী, ঘোষণা কংগ্ৰেছৰ

সংসদত ৰাহুল গান্ধী। ফাইল ফটোঃ সংগ্ৰহীত।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লোকসভাৰ নেতা কৰাৰ প্ৰস্তাৱ পূৰ্বেই কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৰ্ধিত বৈঠকত গ্ৰহণ কৰা হৈছিল। এইবাৰ দিল্লীত অনুষ্ঠিত ‘ইণ্ডিয়া’ৰ বৈঠকত সৰ্বসন্মতিক্ৰমে ৰাহুলক বিৰোধী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়।

মঙলবাৰে নিশা সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে। তেওঁ কয়, `বিৰোধী দলৰ নেতা পদৰ বাবে ৰাহুল গান্ধীক সৰ্বসন্মতিক্ৰমে মনোনীত কৰা হৈছে।’

কে চি বেনুগোপালে লগতে কয় যে কংগ্ৰেছ সংসদীয় দলৰ নেত্ৰী ছোনিয়া গান্ধীয়ে এই সন্দৰ্ভত লোকসভাৰ প্ৰটেম অধ্যক্ষলৈ এখন পত্ৰ লিখিছে।

লগতে পঢ়কঃ APSC কেলেংকাৰি: বিশেষ আদালতে নাকচ কৰিলে SIT ৰ প্ৰতিবেদন, পুনৰ তদন্তৰ নিৰ্দেশ

যোৱা ৮ জুনত দিল্লীত কংগ্ৰেছ ৱৰ্কিং সমিতিৰ বৰ্ধিত বৈঠক অনুষ্ঠিত হয়। তাতে ৰাহুলক লোকসভাৰ নেতা কৰাৰ প্ৰস্তাৱ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয়। এইবাৰ তৃণমূল, সমাজবাদী পাৰ্টিকে ধৰি বিভিন্ন বিৰোধী দলৰ প্ৰতিনিধিৰ সন্মতি সাপেক্ষে ১৮ নং লোকসভাত ৰাহুল গান্ধীক বিৰোধী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়।

এইবাৰ লোকসভা নিৰ্বাচনত ৰাহুলে কেৰালাৰ ওৱেনাড আৰু উত্তৰ প্ৰদেশৰ ৰায়েবৰেলী দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে। নিৰ্বাচনত দুয়োটা সমষ্টিৰ পৰা চাৰে তিনি লাখৰো অধিক ভোটত ৰাহুলে জয়লাভ কৰিছে।

একে সময়তে কংগ্ৰেছ দলৰ ফলাফলো এইবাৰ ভাল হৈছে। ৯৯খন আসনেৰে তেওঁলোক ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰধান অংশীদাৰ।

লগতে পঢ়কঃ মানস ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী চক্ৰ উৎখাত

এইবাৰ এটা কথা স্পষ্ট হৈ পৰিছে যে ১০ বছৰৰ পাছত নৰেন্দ্ৰ মোডী চৰকাৰে সংসদত তীব্ৰ বিৰোধিতাৰ সন্মুখীন হ’ব লাগিব। বহুদিনৰ মূৰত বিৰোধী শিবিৰেও অধ্যক্ষ পদৰ প্ৰাৰ্থী দিছে। বুধবাৰে অধ্যক্ষ নিৰ্বাচনত শাসক শিবিৰৰ প্ৰাৰ্থী ওম বিৰলাৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈছে কংগ্ৰেছ সাংসদ কে সুৰেশ।