আমেথি নহয়, মাতৃ ছোনিয়াৰ সমষ্টি ৰায়বেৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুলে; আজি দাখিল কৰিব মনোনয়ন

ৰাহুল গান্ধীয়ে নিজৰ পুৰণি সমষ্টি আমেথিৰ পৰা নহয়, উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ পুৰণি ভেটি ৰায়বেৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। শুকুৰবাৰে পুৱা কংগ্ৰেছে এই ঘোষণা কৰি দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অন্ত পেলাইছে।

শুকুৰবাৰে পুৱা কংগ্ৰেছে ৰাহুলৰ পুৰণি আসন আমেথিত দলৰ প্ৰাৰ্থীৰ নামো ঘোষণা কৰে। গান্ধী পৰিয়ালৰ ‘আস্থাভাজন’ কিশোৰীলাল শৰ্মাক তাত টিকট দিয়া হৈছিল। অহা ২০ জুনত আমেথি আৰু ৰায়বেৰেলীত পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

লগতে পঢ়কঃ IPL 2024: অন্তিম বলত শ্বাসৰুদ্ধকৰ জয়; অথলে গ’ল ৰিয়ান-যশস্বীৰ বেটিং বিক্ৰম, হায়দৰাবাদৰ হাতত ১ ৰানত পৰাস্ত ৰাজস্থান

শুকুৰবাৰে এই কেন্দ্ৰ দুটাৰ প্ৰাৰ্থীৰ মনোনয়নৰ অন্তিম দিন। সেয়ে, ৰাহুল আৰু কিশোৰীলালে আজি প্ৰাৰ্থী ঘোষণাৰ দিনাই মনোনয়ন দাখিল কৰিব লাগিব।

আমেথিৰ পৰা বিদায়ী বিজেপি সাংসদ স্মৃতি ইৰাণীয়ে ইতিমধ্যে মনোনয়ন দাখিল কৰিছে। আনহাতে, গেৰুৱা শিবিৰে উত্তৰ প্ৰদেশৰ মন্ত্ৰী দীনেশ প্ৰতাপ সিঙক ৰায়বেৰেলীত টিকট দিছে।

ইপিনে, সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে কিশোৰী লাল শৰ্মাৰ সৈতে মনোনয়ন পত্ৰ দাখিলৰ বাবে আমেথিত আৰু তাৰপিছত ৰাহুল গান্ধীৰ সৈতে ৰায়বেৰেলীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়কঃ প্ৰাজ্জ্বল ৰেভান্নাই ৪০০ মহিলাক ধৰ্ষণ কৰি ভিডিঅ’ বনাইছিল- কৰ্ণাটকত ৰাহুল গান্ধীৰ বিস্ফোৰণ

কংগ্ৰেছে দুয়োটা সমষ্টিতে ৰোডশ্ব’ অনুষ্ঠিত কৰাৰ বাবে বিস্তৃত প্ৰস্তুতি চলাইছে। শৰ্মাই ৰায়বেৰেলী আৰু আমেথিত দলীয় কৰ্মীৰ বৈঠকত ভাষণ দিছিল। কংগ্ৰেছৰ আইনী দলেও দুয়োটা সমষ্টি ভ্ৰমণ কৰি প্ৰস্তুতিৰ চূড়ান্ত ৰূপ দিছে।