NORTHEAST NOW (Assamese)

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 16, 2025 8:19 pm
ফটো সংগৃ্হীত

লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে পুনৰবাৰ নিৰ্বাচন আয়োগৰ ওপৰত তীব্ৰ আক্ৰমণৰ সূচনা কৰিছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ব্যাপক ভাৱে ভোট ৰিগিং হোৱা বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে এই ষড়যন্ত্ৰৰ দ্বাৰাই বিজেপি লাভবান হৈছে। বিশেষকৈ মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু কৰ্ণাটকৰ দৰে গুৰুত্বপূৰ্ণ ৰাজ্যত ভুৱা ভোটাৰ সংযোজন কৰা হৈছে বুলি বিৰোধী নেতাগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে।

কৰ্ণাটকৰ মহাদেৱপুৰা বিধানসভা সমষ্টিত প্ৰায় এক লাখ ভুৱা ভোটাৰ আছে বুলি কংগ্ৰেছে দাবী কৰাৰ পিছত এই বিতৰ্ক অধিক জোৰদাৰ হৈ পৰিছে। উল্লেখযোগ্য যে, এই সমষ্টিত ২০২৪ চনত বিজেপিয়ে ৩২,৭০৭ টা ভোটত জয়লাভ কৰিছিল। কংগ্ৰেছৰ শীৰ্ষ নেতাগৰাকীয়ে কয়, “৫০ হাজাৰ ভোটতকৈ কম ব্যৱধানত প্ৰায় ৭০খন আসন কংগ্ৰেছে হেৰুৱাইছে, ইয়াত ভোট ৰিগিঙৰো ভূমিকা আছে।”

এই পৰিপ্ৰেক্ষিততে ৰাহুল গান্ধীয়ে বিহাৰৰ সাছাৰামৰ পৰা ১৭ আগষ্টত ‘ভোটাধিকাৰ পদযাত্ৰা’ আৰম্ভ কৰিব। প্ৰায় ১৬ দিন ধৰি চলিবলগীয়া এই পদযাত্ৰাৰ অন্তত ১ ছেপ্টেম্বৰত পাটনাত এখন বৃহৎ সমাবেশৰ আয়োজন কৰা হ’ব। প্ৰায় ১৩০০ কিলোমিটাৰ এই পদযাত্ৰাত আৰজেডি নেতা তেজস্বী যাদৱসহ ভাৰত মিত্ৰজোঁটৰ অন্য নেতাসকলৰো যোগদানৰ সম্ভাৱনা আছে।

ইফালে নিৰ্বাচন আয়োগে ১৭ আগষ্টৰ বিয়লি দিল্লীৰ নেশ্যনেল মিডিয়া চেণ্টাৰত সংবাদমেলৰ আয়োজন কৰাৰ কথা ঘোষণা কৰিছে। ৰাজনৈতিক মহলত অনুমান কৰা হৈছে যে, ৰাহুল গান্ধীৰ উত্থাপিত ভুৱা ভোটাৰ আৰু ভোট ৰিগিঙৰ অভিযোগেই এই আলোচনাৰ কেন্দ্ৰবিন্দু হ’ব।

Related News