• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভোটাৰ জালিয়াতিৰ তদন্তৰ দাবীঃ উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে আবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 14, 2025 3:55 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বেংগালুৰুত ভোটাৰ তালিকাৰ জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছিল। এই জালিয়াতিৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিবৰ বাবে কৰা আবেদন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে।

ন্যায়াধীশ সূৰ্য কান্ত আৰু জয়মল্য বাগচিৰ বিচাৰপীঠে ৰোহিত পাণ্ডে দাখিল কৰা এই গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। এই গোচৰ সন্দৰ্ভত ভাৰতীয় নিৰ্বাচন আয়োগৰ কাষ চাপিবলৈ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।

Apply Now

লাইভ ল’ৰ প্ৰতিবেদন অনুসৰি বিচাৰপীঠে কয় যে, “আমি এই আবেদনখন গ্ৰহণ কৰিবলৈ আগ্ৰহী নহয়। আবেদনকাৰীয়ে পৰামৰ্শ লাভ কৰাৰ লগে লগে নিৰ্বাচন আয়োগৰ সন্মুখত বিষয়টো উত্থাপন কৰিব পাৰে।”

তেওঁ আবেদনত বেংগালুৰু মহাদেৱপুৰা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাত হাজাৰ হাজাৰ ভুৱা আৰু অবৈধ প্ৰৱেশৰ দাবীৰ স্বতন্ত্ৰ তদন্ত বিচাৰিছিল। তেওঁ যুক্তি দিছিল যে ইয়াৰ দ্বাৰা সংবিধানৰ ৩২৬ (সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ) আৰু ৩২৪ (নিৰ্বাচন আয়োগৰ ভূমিকা) অনুচ্ছেদ উলংঘা কৰা হৈছে।

পাণ্ডেয়ে স্বতন্ত্ৰ অডিট নকৰালৈকে ভোটাৰ তালিকাত অধিক পৰিৱৰ্তন ৰোধ কৰিবলৈ আদালতৰ আদেশো বিচাৰিছিল। ভুৱা আৰু নকল ভোটাৰ চিনাক্তকৰণৰ পদ্ধতিকে ধৰি স্বচ্ছ ভোটাৰ তালিকা ব্যৱস্থাপনাৰ বাবে নির্বাচন আয়োগক গাইডলাইন প্রণয়ন কৰিবলৈ আহবান জনায়৷ লগতে জনসাধাৰণৰ সহজ তদন্তৰ বাবে মেচিনেৰে পঢ়িব পৰা ফৰ্মেটত ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ দাবী উত্থাপন কৰে।

উল্লেখ্য যে ৭ আগষ্টত গান্ধীয়ে প্ৰদান কৰা ভাষণৰ পিছত এই আৱেদন কৰিছে, য’ত তেওঁ নিৰ্বাচন আয়োগে ভোটাৰ প্ৰৱঞ্চনাৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টিক সহায় কৰাৰ অভিযোগ উত্থাপন কৰিছে। ছমাহৰ পৰ্যালোচনাৰ অন্তত কংগ্ৰেছে মহাদেৱপুৰাত এক লাখৰো অধিক অমিলৰ দাবী কৰে। গান্ধীয়ে উল্লেকৰা অনুসৰি ১১,৯৬৫ টা ভুৱা ভোটাৰ,

৪০,০০৯টা ভুৱা বা অবৈধ ঠিকনা, একে ঠিকনাতে ১০,৪৫৪ জন “বাল্ক ভোটাৰ”

৪,১৩২খন অবৈধ ফটো, ৬ নং প্ৰপত্ৰৰ অপব্যৱহাৰ ৩৩,৬৯২ নতুন ভোটাৰ পঞ্জীয়ন কৰাৰ অভিযোগ উত্থাপন কৰিছে।

গান্ধীয়ে অভিযোগ কৰে যে নিৰ্বাচন আয়োগে এই বিষয়সমূহ লুকুৱাবলৈ ডিজিটেল ভোটাৰ তালিকা শ্বেয়াৰ কৰিবলৈ অস্বীকাৰ কৰে। অৱশ্যে নিৰ্বাচন আয়োগে এই দাবীসমূহ “মিছা আৰু বিভ্ৰান্তিকৰ” বুলি নাকচ কৰে।

দুদিন পিছত নিৰ্বাচন আয়োগে বিহাৰৰ ডিজিটেল খচৰা ভোটাৰ তালিকাক ফটোলৈ ৰূপান্তৰিত কৰাৰ ফলত বৃহৎ পৰিসৰৰ বিশ্লেষণ কঠিন হৈ পৰে।  যিহেতু ডিজিটেল তালিকাত ভুল ধৰা পেলোৱাটো সহজ, আনহাতে স্কেন কৰা তালিকাত নহয়।

ইফালে নিৰ্বাচন আয়োগে ২৪ জুনৰ পৰা বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধন আৰম্ভ কৰিছিল, য’ত পুৰণি প্ৰৱেশ পত্ৰ সন্নিবিষ্ট কৰা হৈছিল। ১ আগষ্টত প্ৰকাশ পোৱা খচৰাখনত ৭.২ কোটি ভোটাৰৰ তালিকাভুক্ত কৰা হৈছিল, য’ত ৬৫.৬ কোটিৰ নাম (মৃত, ডুপ্লিকেট বা বদলি) আঁতৰোৱা হৈছিল।

১ ছেপ্টেম্বৰলৈকে দাবী আৰু আপত্তি মুকলি আছিল। ৩০ ছেপ্টেম্বৰত প্ৰকাশ পোৱা চূড়ান্ত ভোটাৰ তালিকাত আৰু ৪৭ লাখ ভোটাৰক বাদ দিয়া হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm
ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

July 24, 2026 12:23 pm
নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

July 24, 2026 11:16 am
বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm
ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

July 24, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd