NORTHEAST NOW (Assamese)

আমি ক্ষমতালৈ আহিলে অগ্নিবীৰ আঁচনি ডাষ্টবিনত পেলাই দিম – প্ৰতিশ্ৰুতি ৰাহুলৰ

May 25, 2024 8:42 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ঘোষণা কৰিছে যে বিৰোধী ঐক্য ইণ্ডিয়া ক্ষমতালৈ আহিলে অগ্নিবীৰ প্ৰকল্প বাতিল কৰা হ’ব।  ডাষ্টবিনত এই আঁচনি পেলাই দিয়া হ’ব বুলি ঘোষণা কৰে ৰাহুল গান্ধীয়ে।

বৃহস্পতিবাৰে পূব দিল্লীৰ দিলশাদ গাৰ্ডেনত ৰাহুল গান্ধীয়ে এখন বৈঠকত ভাষণ দিয়ে। সেই বৈঠকৰ পৰাই কংগ্ৰেছ নেতাগৰাকীয়ে অগ্নিবীৰকে ধৰি কেইবাটাও বিষয়ত মোডীক তীব্ৰ আক্ৰমণ কৰে।

ৰাহুলে কয় যে নৰেন্দ্ৰ মোদীয়ে বিচাৰে যে ভাৰতত দলিত, জনজাতীয়, সংখ্যালঘু, পিছপৰা শ্ৰেণীৰ লোকৰ কোনো অধিকাৰ নাথাকক। তেওঁলোকে কোনো ঠাই পোৱা উচিত নহয়। আগতে ৰজা, মহাৰাজে যিদৰে শাসন কৰিছিল, সেইদৰে তেওঁ শাসন কৰিব বিচাৰে। ইয়াৰ বিৰুদ্ধে যুঁজ দিছে কংগ্ৰেছ দলে।

তাৰোপৰি ৰাহুলে কয় যে আমি বিচাৰো দৰিদ্ৰ কৃষক, শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ী, দলিত, আদিবাসীসকলে একেলগে এই দেশখন গঢ়ি তোলক। যেতিয়ালৈকে আমাৰ সংবিধান আছে, এইসকল লোকৰ কন্ঠ কোনেও ৰোধ কৰিব নোৱাৰে। সেইবাবেই সংবিধানক আক্রমণ কৰা হৈছে৷

ইয়াৰ উপৰিও ৰাহুলে মোডীয়ে ঈশ্বৰৰ দূত বুলি কৰা মন্তব্যকো সমালোচনা কৰে। তেওঁৰ প্ৰশ্ন হ’ল, যদি মোডীক ভগৱানে পঠিয়াইছিল, তেন্তে গংগাত মৃতদেহ ওপঙি থকাৰ সময়ত, কোভিডৰ সময়ত চিকিৎসালয়ৰ সন্মুখত মৃতদেহ গোট খাই থকাৰ সময়ত তেওঁ কিয় কাঁহী-বাতি বজাবলৈ কৈছিল!

ৰাহুল গান্ধীৰ কটুক্তি, “যুৱক-যুৱতীয়ে ঈশ্বৰৰ দূতগৰাকীৰ পৰা সংস্থাপন বিচাৰিলে তেওঁ কয় যে নলাত গেছ আছে, সেই নলাটো পাইপ লগালে গেছ ওলাব। সেই গেচত জুই জ্বলাই পকোৰা বিক্ৰী কৰক।

Related News