ৰাহুল গান্ধীৰ লোকসভাৰ সদস্য পদ বাতিল কৰা হৈছে। কংগ্ৰেছে বিষয়টোত এটা গণ আন্দোলন আৰম্ভ কৰাৰ ভাবুকি দিছে। ৰাহুল গান্ধী নেহৰু-গান্ধী পৰিয়ালৰ প্ৰথম ব্যক্তি নহয় যাৰ সাংসদ পদ প্ৰত্যাহাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে তেওঁৰ আইতাক আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীৰ লোকসভাৰ সদস্য পদো খাৰিজ কৰা হৈছিল।
ইন্দিৰা গান্ধীয়ে ১৯৭১ চনৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল। তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল সংযুক্ত সমাজতান্ত্ৰিক দলৰ ৰাজ নাৰায়ণে। এক লাখতকৈও অধিক ভোটত নিৰ্বাচনত ইন্দিৰা গান্ধী জয়ী হৈছিল।
কিন্তু ফলাফল ঘোষণা হোৱাৰ পিছত ৰাজ নাৰায়ণে এলাহাবাদ উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰে। তেওঁ ইন্দিৰা গান্ধীক চৰকাৰী বিষয়াসকলক ব্যৱহাৰ কৰি নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছিল।
লগতে পঢ়ক: বিজেপি-আৰএছএছৰ চক্ৰবেহুত ৰাহুল! অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত তেওঁৰ বিৰুদ্ধে গোচৰৰ তালিকা
১৯৭৫ চনৰ ১২ জুনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জগমোহনলাল সিনহাই গোচৰটোৰ ৰায় প্ৰদান কৰে। তেওঁ তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক দোষী সাব্যস্ত কৰিছিল।
ইয়াৰ উপৰিও, আদালতে ৰায়বৰেলীৰ নিৰ্বাচনো নাকচ কৰে। ন্যায়াধীশ সিনহাই ৰায়টোত উল্লেখ কৰিছিল যে ইন্দিৰা গান্ধী ছয় বছৰৰ বাবে ৰাজহুৱা প্ৰতিনিধি হৈ থাকিব নোৱাৰে।
অৱশ্যে, শেষত ৰায়টো কাৰ্যকৰী কৰিব পৰা নগ’ল। ১৯৭৫ চনৰ ২৫ জুনত ইন্দিৰা চৰকাৰে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। ফখৰুদ্দিন আলী আহমেদ সেই সময়ত ৰাষ্ট্ৰপতি আছিল।
২০১৩ চনত উচ্চতম ন্যায়ালয়ে জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ ৰ ওপৰত কেন্দ্ৰ বনাম লিলি থমাছ গোচৰত এক ঐতিহাসিক ৰায় দিছিল। ইয়াত কোৱা হৈছিল, “যদি এজন ৰাজহুৱা প্ৰতিনিধি দুবছৰ বা ততোধিক সময়ৰ বাবে কাৰাগাৰলৈ যায়, তেনেহ’লে তেওঁৰ সদস্য পদ তৎক্ষণাৎ বাতিল হ’ব।”
লগতে পঢ়ক: বিজেপি বিলাস! ১০০ কোটি টকা ব্যয়েৰে মধ্য প্ৰদেশত নিৰ্মাণ কৰিব ১০ মহলীয়া দলীয় কাৰ্যালয়
বৃহস্পতিবাৰে, গুজৰাটৰ চুৰাট জিলা আৰু সত্ৰ আদালতে ৰাহুল গান্ধীক মোডীৰ উপাধি সন্দৰ্ভত তেওঁৰ বিতৰ্কিত মন্তব্যৰ বাবে দোষী সাব্যস্ত কৰে। ন্যায়াধীশ এইচ এইচ বাৰ্মাই তেওঁক দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল।
লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰায় ঘোষণা হোৱাৰ পিছতে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰে। শুকুৰবাৰে তেওঁৰ সচিবালয়ৰ পৰা এই সন্দৰ্ভত এটা নিৰ্দেশ জাৰি কৰা হৈছিল।
নিৰ্দেশনাত সংবিধানৰ অনুচ্ছেদ ১০২ (১) আৰু জনপ্ৰতিনিধিত্ব আইন, ১৯৫১-ৰ ধাৰা ৮ উল্লেখ কৰা হৈছিল। অধ্যক্ষৰ সচিবালয়ে বৃহস্পতিবাৰৰ পৰা ৰাহুল গান্ধীৰ সাংসদ পদ বৰ্খাস্ত কৰাৰ নিৰ্দেশ দিছে।
লগতে পঢ়ক: যুদ্ধ বন্ধ কৰিব কোনে? এইবাৰ ইউক্ৰেইনলৈ চাৰিখন মিগ-২৯ যুঁজাৰু বিমান পঠালে স্লোভাকিয়াই
ৰাহুল গান্ধীয়ে কালি সাংসদ পদৰ পৰা বৰ্খাস্ত হোৱাৰ পিছত টুইট কৰে। তেওঁ কয় যে তেওঁ ভাৰতৰ কণ্ঠস্বৰৰ বাবে যুঁজ অব্যাহত ৰাখিব। কংগ্ৰেছে ইতিমধ্যে বিষয়টোকলৈ প্ৰতিবাদমুখৰ হৈ পৰিছে।