বিজেপিয়ে খিলঞ্জীয়া মানুহৰ ভূমি কাঢ়ি নি পুঁজিপতিক দান কৰে : ঝাৰখণ্ডত ৰাহুল গান্ধী

শনিবাৰে ২১ দিনত প্ৰৱেশ কৰিলে কংগ্ৰেছৰ ভাৰত জুড়ো ন্যায় যাত্ৰাই। ২১ দিনৰ দিনা  ঝাৰখণ্ডৰ দেওঘৰত প্ৰৱেশ কৰিলে ৰাহুল গান্ধীয়ে। 

উল্লেখ্য যে কেইদিনমান আগতে ঝাৰখণ্ডৰ তদানীন্তন মুখ্যমন্ত্ৰী হেমন্ত ছুৰেনক ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। জেএমএম-কংগ্ৰেছ মিত্ৰজোঁট চৰকাৰৰ নতুন মুখ্যমন্ত্ৰী চম্পাই ছুৰেনে সোমবাৰে বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব। 

ৰাহুল গান্ধীয়ে কয় যে বিজেপিয়ে এই চৰকাৰখন ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে। ঝাৰখণ্ড মুক্তি মৰ্চা আৰু কংগ্ৰেছকে ধৰি বিজেপি বিৰোধী দলসমূহে এই অভিযোগ উত্থাপন কৰিছে।

লগতে ৰাহুল গান্ধীয়ে কয় যে বিজেপিৰ ধনশক্তি আৰু কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা আছে। কিন্তু কংগ্ৰেছে ভয় নকৰে। আমি আমাৰ যুঁজ অব্যাহত ৰাখিম। বিজেপিয়ে ঝাৰখণ্ডতো ষড়যন্ত্ৰ কৰি আছে। কিন্তু তেওঁলোকৰ এই ষড়যন্ত্ৰ বিফল হ’ব।

লগতে গান্ধীয়ে কয় যে বিজেপিৰ বাবে ঝাৰখণ্ডৰ যুৱক-যুৱতীসকলে সাংঘাতিক সমস্যাৰ সন্মুখীন হৈছে।। বিজেপিয়ে বিমুদ্ৰাকৰণ কৰিছিল আৰু জিএছটি কাৰ্যকৰী কৰিছিল, কিন্তু ই যুৱক-যুৱতীসকলক লাভান্বিত কৰা নাছিল। তেওঁলোক আজি নিবনুৱা।

“কংগ্ৰেছে জনজাতীয় সকলৰ বাবে বন অধিকাৰ আইন আৰু আদিবাসী বিধেয়ক আনিছিল। জনজাতীয় সকলৰ সৰনা ধৰ্ম সংহিতাৰ বাবেও বহুতো পদক্ষেপ লোৱা হৈছে। কিন্তু বিজেপিয়ে জনজাতীয় লোকসকলক লৈ চিন্তিত নহয়। তেওঁলোকে কেৱল খিলঞ্জীয়া লোকসকলৰ ভূমি কাঢ়ি নিব বিচাৰে। সেই ভূমি তেওঁলোকৰ কৰ্পোৰেট বন্ধুসকলক দান কৰে। ঝাৰখণ্ডৰ মাটিতে বিৰচা মুণ্ডাই জনজাতীয় লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিল। সেই ভূমিত, বৰ্তমানৰ ব্ৰিটিছ ‘মোদানীয়ে’ জনজাতীয় লোকসকলৰ পানী আৰু বাসস্থান কাঢ়ি নিব বিচাৰে। কিন্তু কংগ্ৰেছ জনজাতীয় লোকসকলক সুৰক্ষা দিয়াৰ যুঁজত প্ৰতিশ্ৰুতিবদ্ধ।” লগতে গান্ধীয়ে কয়। 

কোৱাৰ প্ৰয়োজন নাই, ‘মোদানী’ৰ দ্বাৰা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোডী আৰু ব্যৱসায়ী গৌতম আদানিক বুজাইছিল। তেওঁ পূৰ্বেও এই শব্দপটো ব্যৱহাৰ কৰিছিল।