• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মমতাৰ জৰিয়তে বিজেপিক ৰুধিবলৈ ৰাজ্যৰ লগতে এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়তো ৰাইজৰ দলৰ কুচকাৱাজ

ৰাষ্ট্ৰীয় পৰ্যায়ত মমতাৰে অখিলৰ তিনিখন বৈঠক আৰু অসমত ভূপেন বৰাৰে সৈতে কুচকাৱাজ আৰম্ভ ৰাইজৰ দলৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 7, 2021 8:58 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় পৰ্য্যায়ত ৰাইজৰ দলৰ কুচ-কাৱাজ ইতিমধ্যে আৰম্ভ কৰিলে।

অসমত ৰাইজৰ দলে যিদৰে কংগ্ৰেছৰে মিত্ৰতা বিচাৰে ঠিক সেইদৰে ৰাষ্ট্ৰীয় পৰ্য্যায়তো সৰ্বভাৰতীয় আঞ্চলিক ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা বিচাৰিছে ৰাইজৰ দলে। উদ্দেশ্য এটাই ‘বিজেপিক শাসনৰ পৰা উৎখাত কৰা’।

Apply Now

তৃতীয় বাৰলৈ মমতা বেনাৰ্জীক সাক্ষাতৰ বাবে কলকাতালৈ গৈছিল বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, উদ্দেশ্য এটাই মমতা বেনাৰ্জীৰ জৰিয়তে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আঞ্চলিক ৰাজনৈতিক দল হিচাপে ৰাইজৰ দলক চামিল কৰোৱা।

ইতিমধ্যে দুবাৰকৈ মমতা বেনাৰ্জীক সাক্ষাৎ কৰিলে অখিল গগৈয়ে। সাক্ষাতৰ সময়ছোৱাত অখিল গগৈলৈ বাম্পাৰ অফাৰ দিছিল মমতা বেনাৰ্জীয়ে। তৃণমূলৰ অসম শাখাৰ ৰাজ্যিক সভাপতি পাতিবলৈ ইচ্ছুক যদিও সেই কথা পোনছাটেই নস্যাৎ কৰিলে অখিল গগৈয়ে।

কিন্তু সৰ্বভাৰতীয় পৰ্য্যায়ত নিজৰ অৱস্থিতি প্ৰকট কৰাৰ মন ৰাইজৰ দলৰ। বিগ ব্ৰাডাৰ হিচাপে কংগ্ৰেছক লৈ বিভিন্ন আঞ্চলিক ৰাজনৈতিক দল একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ ইতিমধ্যে কুচকাৱাজ আৰম্ভ হৈছে।

কাৰাগাৰৰ পৰা জয়ী হোৱাৰ বাবেই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিৰোধীৰ মহাজোঁটত অখিল গগৈ থকাটো বিচাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

ঠিক সেইদৰে অসমতো সেই প্ৰাসংগিকতা সৃষ্টি কৰাৰ মন ৰাইজৰ দলৰ। সেয়েহে বাৰম্বাৰ কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ পাশত আৱদ্ধ হ’বলৈ চেষ্টা চলাই আছে ৰাইজৰ দলে। কিন্তু প্ৰশ্নবোধক হিচাপে থিয় দিছে AIUDF।

AIUDF থাকিলে কোনোপধ্যে কংগ্ৰেছৰ লগত মিত্ৰতা কৰিব নোৱাৰে ৰাইজৰ দলে। কিয়নো ৰাইজৰ দলৰ মতে ‘বিজেপি-AIUDF একেই সাম্প্ৰদায়িক ।

এনেবোৰ চৰ্চা চলি থকাৰ মাজতে কালি প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি ভুপেন বৰা আৰু কাৰ্য্যকৰী সভাপতি ৰাণা গোস্বামীক সাক্ষাৎ কৰে ৰাইজৰ দলৰ নেতৃত্বই। ভুপেন বৰাক শুভেচ্ছা জনোৱাৰ লগতে উপ নিৰ্বাচনত ৰাইজৰ দলৰ সৈতে একত্ৰিতভাৱে নিৰ্বাচন খেলাৰ এক পৰিৱেশ সৃষ্টি কৰিবলৈ আহ্বান জনায় ৰাইজৰ দলে।

উপ-নিৰ্বাচনত এটাও সমষ্টি এৰি দিব নোৱাৰিব AIUDF ক ।এই চৰ্ত লৈয়ে কংগ্ৰেছৰ সৈতে উপ নিৰ্বাচনত একত্ৰিত হৈ প্ৰতিদ্বন্দিতা কৰাৰ মন ৰাইজৰ দলৰ।

যিকেইটা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’বলৈ গৈ আছে সেই সমষ্টিকেইটাত একেবাৰে ভেটি নাই AIUDF ৰ।

অৱশ্যে, ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰৰ বিজেপি গমনৰ যো-জা চলি আছে বা সেই সমষ্টিত AIUDF ৰ গুৰুত্ব কিছু পৰিমাণে আছে।

তাৎপৰ্য্যপূৰ্ণভাৱে থাওৰা সমষ্টিটো কংগ্ৰেছে ৰাইজৰ দলক এৰি দিয়াৰ সম্ভাৱনা আছে। কিয়নো এজন বিজেপি বিৰোধী বিধায়কক জয়ী কৰাই অনাৰ স্বাৰ্থত সমষ্টিটোত প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিছিল ধৈৰ্য্য কোঁৱৰে। কিন্তু বিশ্বাসঘাতকতা কৰি বিজেপিত যোগদান কৰিলে সুশান্ত বৰগোহাঁইয়ে।

মুঠৰ ওপৰত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সমান্তৰালকৈ এতিয়া অসমতো বিজেপিক উৎখাত কৰাৰ লক্ষৰে কংগ্ৰেছক বিগ ব্ৰাডাৰ হিচাপে আদৰি ল’বলৈ প্ৰস্তুত ৰাইজৰ দল।

ইপিনে, ৰাইজৰ দলৰ মিত্ৰতাক আদৰণি বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ। বিজেপিক পৰাহত কৰিবলৈ বিৰোধীৰ ঐক্যৰ প্ৰয়োজন বুলি তেওঁ সদৰী কৰে।

নিৰ্বাচনত জয়ী হওঁক বা নহওঁক, বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ ঐক্যতাই যে ৰাজনৈতিক ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব সেয়া ধুৰূপ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd