• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিযুক্তিৰ নামত বিজেপিত সংঘটিত হোৱা কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবী ৰাইজৰ দলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2023 7:38 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিযুক্তিৰ নামত বিজেপিৰ নেতা পালিনেতাই যে ব্যাপক ধনৰ লেন দেনত লিপ্ত হৈছিল, সেইয়া এতিয়া দিনৰ পোহৰৰ দৰেই স্বচ্ছ হৈ পৰিছে বুলি অভিহিত কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। তেখেতে কয় এটা বিতৰ্কিত আত্মহত্যাৰ ঘটনাৰ পিছতেই সমগ্ৰ কেলেংকাৰী পোহৰলৈ অহাত গ্ৰেপ্তাৰ হৈছে বিজেপি কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যানিবাহক অনুৰাগ চলিহা, বিজেপি নেতা দ্বিবন ডেকা, তৃষ্ণা শৰ্মা, নলবাৰী জিলাৰ বিজেপি নেতা অসীম চক্ৰৱৰ্তী, ৰেখান্ত দাস আৰু পলাতক হৈ আছে অভিমন্যু দাস, নিপন ভৰালী।

অনুৰাগ চলিহাৰ স্বীকাৰোক্তি অনুসৰি প্রতিটো চাকৰিৰ বাবদ আঢ়ৈ লাখকৈ টকা দিয়া হৈছে ওপৰ মহলক আৰু তেওঁৰ মতে AIIDC ৰ অধ্যক্ষ শান্তনু পূজাৰী জড়িত এই ‘কেচ ফৰ জব স্কেম’ ত। শান্তনু পূজাৰী হ’ল AIIDC ৰ অধ্যক্ষ আৰু ৰাজ্যিক বিজেপিৰ অফিচ ইনচাৰ্জ। লগতে তেওঁ অসম ফুটবল সংস্থাৰো উপ-সভাপতি।

Apply Now

ইন্দ্ৰাণীৰ মৃত্যুৰ ঘটনাৰ ২ দিন পূৰ্বেও শান্তনু পূজাৰীৰ সৈতে যোৰহাটত বাহৰ পাতি আছিল দ্বিবন ডেকাই। যি কথা ইতিমধ্যে মৃত্যুৰ পূৰ্বে ইন্দ্ৰাণী আৰু দ্বিবন ডেকাৰে হোৱা টেলিফোনিক বাৰ্তালাপত স্পষ্ট হৈ পৰিছে। শান্তনু পূজাৰীৰ জৰিয়তে দ্বিবন ডেকাই একাংশ চাকৰি প্রত্যাশীৰ পৰা ধন সংগ্ৰহ কৰাৰ ইতিমধ্যেই অভিযোগ উঠিছে।

পূৰ্বেও ধনৰ বিনিময়ত ৰাজ্যৰ পিএনআৰডি বিভাগত চাকৰি দিয়াৰ অভিযোগ উঠিছিল শান্তনু পূজাৰী আৰু দ্বিবন ডেকাৰ বিৰুদ্ধে ৷ সেই সময়ত যোৰহাটৰ এখন বহু বিতৰ্কিত ধাৱাত বহি চাকৰিৰ ক’লা বজাৰ মেলাৰ কথা উল্লেখ কৰে ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে ৷ 

ধাৱাখনৰ স্বত্বাধিকাৰীৰ পত্নীকো বৃহৎ ধনৰ বিনিময়ত চাকৰি দিয়া বুলি ইতিমধ্যেই অভিযোগ উঠিছে। আনহাতে যোৰহাটৰ এগৰাকী যুৱ ব্যৱসায়ীৰ পত্নীকো ধনৰ বিনিময়ত চাকৰি প্রদানৰ উঠিছে চাঞ্চল্যকৰ অভিযোগ।

যোৰহাটৰ আন এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীৰ কন্যাক অসম আৰক্ষীত চাকৰি দিয়াৰ নামতো শান্তনু-দ্বিবন চক্ৰই লৈছিল বৃহৎ ৮ লাখ টকাৰ অগ্ৰিম ধন বুলি অভিযোগ উঠিছে।  APSC ত চাকৰি দিয়াৰ নামতো দ্বিবন ডেকাই ৰাজ্যৰ একাংশ চৰকাৰী চাকৰি প্রত্যাশীৰ পৰা ধন সংগ্ৰহ কৰাৰ তথ্য পোহৰলৈ আহিছে। ৩ গৰাকী প্রাৰ্থীৰ পৰা ৩০ লাখ টকা লোৱাৰ অভিযোগ উঠিছে গেঙটোৰ বিৰুদ্ধে।

অন্যহাতে বাতৰিত প্রকাশ পোৱা মতে অভিমন্যু দাস আৰু অনুৰাগ চলিহাৰ বাসগৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল শতাধিক এডমিট কাৰ্ড আৰু নথি পত্ৰ । নলবাৰীৰ অসীম চক্ৰৱৰ্তীৰ বাসগৃহত মহানগৰ আৰক্ষীয়ে জব্দ কৰিছে কিষাণ মৰ্চাৰ সম্পাদক হেমন্ত দাসৰ কন্যাৰ চাকৰিৰ এপ্রিমেণ্টৰ কপি।

বিজেপিৰ যুৱ মৰ্চাৰ এগৰাকী সদস্যা সান্তনা ডেকাই চানমাৰি থানাত এজাহাৰ দাখিল কৰিছে। কেৱল শান্তনাৰ পৰাই বিজেপিৰ দালাল চক্ৰই সংগ্ৰহ কৰিছে ১৩ লাখ টকা। শান্তনাৰ লগতে একেই নিশা তিনিখন এজাহাৰ দাখিল কৰা হয় চানমাৰি থানাত । হৰেশ্বৰ কলিতা নামৰ এজন ব্যক্তিয়েও দিয়ে এজাহাৰ।

প্রকাশিত খবৰ অনুসৰি -বৰপেটাৰ ১৩গৰাকী, গুৱাহাটীৰ ১৯ গৰাকী, নগাওঁৰ ৮ গৰাকী, বাইহাটা চাৰিআলিৰ ৩ গৰাকী,লখিমপুৰ-নলবাৰীৰ ১গৰাকীকৈ মুঠ ৫৫ গৰাকী প্ৰাৰ্থীৰ পৰা ধন লোৱাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।

ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নাম উচ্চাৰণ হৈছে ধন বিচৰা কেইবাটাও ভাইৰেল অডিঅ’ত। প্রাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিজেপিৰ সভাপতি ভৱেশ কলিতালৈ প্ৰেৰণ কৰা বিস্ফোৰক পত্ৰত অভিযোগ – দলৰ কৰ্মীয়ে চাকৰিৰ নামত অবাধে সংগ্ৰহ কৰিছে ধন। তাৰোপৰি বদলি কৰা হ’ল তদন্তৰ দায়িত্বত থকা মধ্য মণ্ডলৰ ডিচিপি অক্ষৎ গাৰ্গ কো সেয়েহে ভৱেশ কলিতা, শান্তনু পূজাৰীকো তদন্তৰ আওতালৈ অনাৰ দাবী জনাইছে ৰাইজৰ দলে। লগতে এই নিযুক্তি কেলেংকাৰী সন্দৰ্ভত চি.বি.আই তদন্ত দাবী কৰিছে ৰাইজৰ দলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd