• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি মিত্ৰজোঁট ৰাজ্য চৰকাৰৰ এবছৰ: মূল্যবৃদ্ধিৰ উপহাৰৰ বিৰুদ্ধে ধৰ্ণা ,গণ স্বাক্ষৰ অভিযান

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
May 11, 2022 2:36 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰৰ এবছৰ উপলক্ষে শাসকীয় পক্ষই বৰ্ষপূৰ্তি উদযাপন কৰাৰ সময়তে বঙাইগাঁৱত ৰাইজৰ দলে অত্যাৱশ্যকীয় সামগ্ৰীৰ ভয়ংকৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত এক ধৰ্ণা আৰু গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে ৷

বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত সমবেত হৈ ৰাইজৰ দলৰ কৰ্মী- সমৰ্থক সকলে হাতে হাতে মূল্যবৃদ্ধি ৰোধ কৰক, অসম চৰকাৰ হায় হায়, ৰন্ধন গেছ, পেট্ৰল, ডিজেল, মিঠাতেলৰ দাম কিয় বাঢ়িছে চৰকাৰে জবাব দিয়ক আদি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে ৷

Apply Now

লগতে ইয়াৰ পৰা বিভিন্ন শ্লোগান দি ৰাজ পথেৰে প্ৰতিবাদী সমদল কৰি গৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ নিত্য ব্যৱহাৰ্য সামগ্ৰী, জীৱন দায়িনী ঔষধকে ধৰি সকলো বস্তৰ অস্বাভাৱিক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবী জনাই জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে ৰাইজৰ দলৰ নেতা- কৰ্মীসকলে প্ৰতিবাদী সমদলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সভাই সমিতিয়ে ৰাইক সোধা পেট্ৰোল- ডিজেলৰ মূল্য কম হৈছে নে নাই, ৰাজ্যত কিছু ধন ৰাহি হ’বলৈ ধৰিছে নে নাই, ৰাইজৰ সুবিধা হৈছে নে নাই আদি কথাংশ মাইকযোগে প্ৰচাৰ কৰি ৰাইজক মূল্যবৃদ্ধিৰ বিৰুদ্ধে সজাগ কৰাৰ চেষ্টা চলোৱাৰ লগতে গণ স্বাক্ষৰ সংগ্ৰহ কৰে ৷
ইপিনে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি দীপক দাসে সংবাদ মাধ্যমৰ আগত ৰাজ্য চৰকাৰৰ এবছৰীয়া কাৰ্যকালত আমি বিফলতা দেখিবলৈ পাইছোঁ বুলি অভিমত ব্যক্ত কৰে৷

ৰাইজৰ দলৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি দাসে লগতে কয় যে, যিখন চৰকাৰক ৰাইজে বহু আশা কৰি ভোটদান কৰি আনিছিল এতিয়া সেইখন চৰকাৰৰ শাসনৰ দিনতে আমি দেখিবলৈ পাইছোঁ যে মৰণফান্দ এটা সৃষ্টি কৰাৰ দৰেহে হৈছে ৷ এইখন চৰকাৰে মূল্যবৃদ্ধিৰ জৰিয়তে ৰাইজৰ যি দূৰৱস্থা কৰিছে প্ৰতিজন ৰাইজে মুখ খুলি নকলেও সকলো ৰাইজে উপলব্ধি কৰিছে যে কি ধৰণৰ মূল্যবৃদ্ধি হ’বলৈ গৈ আছে আৰু ভৱিষ্যতে কি হ’ব৷

তেওঁ লগতে কয় ‘আজি প্ৰতিজন মানুহৰে গোটেই মাহটো চলিবলৈ অসুবিধা হৈছে ৷ তেওঁলোকে উপলব্ধি কৰিছেনে নাই আমি নাজানো ৷ তেওঁলোকক দেখা পাইছো বিজেপি মিত্ৰজোঁট ৰাজ্য চৰকাৰৰ এবছৰ: মূল্যবৃদ্ধিৰ উপহাৰৰ বিৰুদ্ধে ধৰ্ণা ,গণ স্বাক্ষৰ অভিযান  তেওঁলোকক এই ধৰণৰ কথা যেতিয়া সোধা হয় তেওঁলোকে কিছুমান যুক্তি নোহোৱা গছত গৰু উঠা কথা কৈ মানুহক অপমান কৰাৰ দৰে কৰি আছে ৷

গতিকে এই ধৰণৰ কাৰ্য বাদ দি তেওঁলোকে মূল্যবৃদ্ধি কেনেকৈ ৰোধ কৰিব পৰা যায়,সেই ব্যৱস্থা গ্ৰহণ কৰক ৷ লক্ষ্যণীয় যে এফালে তেওঁলোকে বিনামূলীয়া বস্তুৰ যোগান ধৰিছে,অন্যফালে মূল্যবৃদ্ধিৰে ৰাইজক কোঙা কৰি পেলাইছে ৷ অত্যাৱশ্যকীয় সা- সামগ্ৰী, ৰন্ধন গেছ, পেট্ৰল, ডিজেল, মিঠাতেল আদিৰ যি হাৰত মূল্যবৃদ্ধি ঘটিছে,সাধাৰণ মানুহে চলিব নোৱাৰা হৈছে ৷

সেই কথা চৰকাৰে উপলব্ধি কৰি ৰাইজৰ হকে কাম কৰক বুলিও কয় ৷ লগতে বৰ্তমান অসমত যোগানমন্ত্ৰী আছে নে নাই তাতো সন্দেহ ব্যক্ত কৰি যোগানমন্ত্ৰীৰ নাম ৰাইজে পাহৰিয়েই পেলাইছে বুলি মন্তব্য কৰে ।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd