DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপি মিত্ৰজোঁট ৰাজ্য চৰকাৰৰ এবছৰ: মূল্যবৃদ্ধিৰ উপহাৰৰ বিৰুদ্ধে ধৰ্ণা ,গণ স্বাক্ষৰ অভিযান

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
May 11, 2022 2:36 pm
বিজেপি মিত্ৰজোঁট ৰাজ্য চৰকাৰৰ এবছৰ: মূল্যবৃদ্ধিৰ উপহাৰৰ বিৰুদ্ধে ধৰ্ণা ,গণ স্বাক্ষৰ অভিযান

প্ৰতিনিধিত্বমূলক ছবি

90
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য চৰকাৰৰ এবছৰ উপলক্ষে শাসকীয় পক্ষই বৰ্ষপূৰ্তি উদযাপন কৰাৰ সময়তে বঙাইগাঁৱত ৰাইজৰ দলে অত্যাৱশ্যকীয় সামগ্ৰীৰ ভয়ংকৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত এক ধৰ্ণা আৰু গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে ৷

বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত সমবেত হৈ ৰাইজৰ দলৰ কৰ্মী- সমৰ্থক সকলে হাতে হাতে মূল্যবৃদ্ধি ৰোধ কৰক, অসম চৰকাৰ হায় হায়, ৰন্ধন গেছ, পেট্ৰল, ডিজেল, মিঠাতেলৰ দাম কিয় বাঢ়িছে চৰকাৰে জবাব দিয়ক আদি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে ইয়াৰ পৰা বিভিন্ন শ্লোগান দি ৰাজ পথেৰে প্ৰতিবাদী সমদল কৰি গৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ নিত্য ব্যৱহাৰ্য সামগ্ৰী, জীৱন দায়িনী ঔষধকে ধৰি সকলো বস্তৰ অস্বাভাৱিক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবী জনাই জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে ৰাইজৰ দলৰ নেতা- কৰ্মীসকলে প্ৰতিবাদী সমদলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সভাই সমিতিয়ে ৰাইক সোধা পেট্ৰোল- ডিজেলৰ মূল্য কম হৈছে নে নাই, ৰাজ্যত কিছু ধন ৰাহি হ’বলৈ ধৰিছে নে নাই, ৰাইজৰ সুবিধা হৈছে নে নাই আদি কথাংশ মাইকযোগে প্ৰচাৰ কৰি ৰাইজক মূল্যবৃদ্ধিৰ বিৰুদ্ধে সজাগ কৰাৰ চেষ্টা চলোৱাৰ লগতে গণ স্বাক্ষৰ সংগ্ৰহ কৰে ৷
ইপিনে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি দীপক দাসে সংবাদ মাধ্যমৰ আগত ৰাজ্য চৰকাৰৰ এবছৰীয়া কাৰ্যকালত আমি বিফলতা দেখিবলৈ পাইছোঁ বুলি অভিমত ব্যক্ত কৰে৷

ৰাইজৰ দলৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি দাসে লগতে কয় যে, যিখন চৰকাৰক ৰাইজে বহু আশা কৰি ভোটদান কৰি আনিছিল এতিয়া সেইখন চৰকাৰৰ শাসনৰ দিনতে আমি দেখিবলৈ পাইছোঁ যে মৰণফান্দ এটা সৃষ্টি কৰাৰ দৰেহে হৈছে ৷ এইখন চৰকাৰে মূল্যবৃদ্ধিৰ জৰিয়তে ৰাইজৰ যি দূৰৱস্থা কৰিছে প্ৰতিজন ৰাইজে মুখ খুলি নকলেও সকলো ৰাইজে উপলব্ধি কৰিছে যে কি ধৰণৰ মূল্যবৃদ্ধি হ’বলৈ গৈ আছে আৰু ভৱিষ্যতে কি হ’ব৷

তেওঁ লগতে কয় ‘আজি প্ৰতিজন মানুহৰে গোটেই মাহটো চলিবলৈ অসুবিধা হৈছে ৷ তেওঁলোকে উপলব্ধি কৰিছেনে নাই আমি নাজানো ৷ তেওঁলোকক দেখা পাইছো বিজেপি মিত্ৰজোঁট ৰাজ্য চৰকাৰৰ এবছৰ: মূল্যবৃদ্ধিৰ উপহাৰৰ বিৰুদ্ধে ধৰ্ণা ,গণ স্বাক্ষৰ অভিযান  তেওঁলোকক এই ধৰণৰ কথা যেতিয়া সোধা হয় তেওঁলোকে কিছুমান যুক্তি নোহোৱা গছত গৰু উঠা কথা কৈ মানুহক অপমান কৰাৰ দৰে কৰি আছে ৷

গতিকে এই ধৰণৰ কাৰ্য বাদ দি তেওঁলোকে মূল্যবৃদ্ধি কেনেকৈ ৰোধ কৰিব পৰা যায়,সেই ব্যৱস্থা গ্ৰহণ কৰক ৷ লক্ষ্যণীয় যে এফালে তেওঁলোকে বিনামূলীয়া বস্তুৰ যোগান ধৰিছে,অন্যফালে মূল্যবৃদ্ধিৰে ৰাইজক কোঙা কৰি পেলাইছে ৷ অত্যাৱশ্যকীয় সা- সামগ্ৰী, ৰন্ধন গেছ, পেট্ৰল, ডিজেল, মিঠাতেল আদিৰ যি হাৰত মূল্যবৃদ্ধি ঘটিছে,সাধাৰণ মানুহে চলিব নোৱাৰা হৈছে ৷

সেই কথা চৰকাৰে উপলব্ধি কৰি ৰাইজৰ হকে কাম কৰক বুলিও কয় ৷ লগতে বৰ্তমান অসমত যোগানমন্ত্ৰী আছে নে নাই তাতো সন্দেহ ব্যক্ত কৰি যোগানমন্ত্ৰীৰ নাম ৰাইজে পাহৰিয়েই পেলাইছে বুলি মন্তব্য কৰে ।

Recent News

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

এফচিআইৰ গাফিলতি: হাফলঙত মাত্ৰ দুদিনৰ বাবেহে মজুত আছে খাদ্য!

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd