• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘অসম বাজেট ২০২৪-২৫ এখন আনৰ পিঠাৰে বিহু পতা বাজেট’-ৰাইজৰ দল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2025 8:34 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া জাতিৰ আধাৰ নিৰ্মাণৰ বাবে যি বাজেট প্রস্তুত কৰিব লাগিছিল, অসম চৰকাৰৰ শেষৰখন পূৰ্ণাংগ বাজেটত ৰাজ্য চৰকাৰে সেয়া প্রতিফলিত কৰাত ব্যর্থ হল। হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰৰ শেষৰখন পূর্ণাংগ বাজেটখন এখন আনৰ পিঠাৰে বিহু পতা বাজেটৰ বাহিৰে অন্য একো নহয় বুলি প্রতিক্রিয়া ব্যক্ত কৰিছে ৰাইজৰ দলে। আনকি, পূর্বে দিয়া প্রতিশ্রুতিসমূহ পূৰণ কৰাৰ নিমিত্তে অসম বাজেট ২০২৪-২৫ত কোনো ধৰণৰ বিশেষ সিদ্ধান্ত দেখা পোৱা নগ’ল বুলি প্রতিক্রিয়া ব্যক্ত কৰিছে ৰাইজৰ দলে।

ৰাইজৰ দলে প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে, যিসময়ত অসমৰ নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে বিশেষ ব্যবস্থা গ্রহণ কৰিব লাগিছিল, সেইধৰণে কোনো পদক্ষেপ লোৱাৰ পৰিকল্পনা দেখা পোৱা নগ’ল। অসম চৰকাৰে পূৰ্বে প্ৰতিবছৰে ১ লাখকৈ নিযুক্তি দিয়াৰ কথা কৈছিল যদিও সোমবাৰে বিধানসভাত দিয়া তথ্য মতে জানুৱাৰী ২০২৫ লৈকে চৰকাৰী চাকৰি দিছে ১,১৯,৮৯৯ টা। এই কথাই দেখদেখকৈ প্ৰমাণ কৰে বিজেপি চৰকাৰৰ মিথ্যাচাৰিতা আৰু অসমৰ নিবনুৱাসকলক কৰা প্ৰৱঞ্চনা। কেৱল মাত্র ভোটবেংকৰ স্বাৰ্থত অৰুণোদয়ৰ লগতে অন্যান্য আঁচনিৰে কেইটামান টকা দি ৰাইজৰ মন ভুলাই আগন্তুক নির্বাচনত জয়ী হোৱাৰ কৌশলেই এই বাজেটত পৰিস্ফুত হৈছে। অর্থাৎ অসমীয়া মানুহক কর্মমুখী কৰি তোলাৰ বিপৰীতে এলেহুৱা কৰিবলৈ তথা অধিক অ-পেছাদাৰী কৰিবলৈ বাজেটত বিভিন্ন লোভনীয় আঁচনি ঘোষণা কৰা হৈছে বুলি উল্লেখ কৰিছে ৰাইজৰ দলে। কিন্তু তাতো বিফল হৈছে অসম চৰকাৰ।

Apply Now

বিজেপিয়ে দিয়া নির্বাচনী প্রতিশ্রুতি অনুযায়ী অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক মাহে ৩০০০ টকাকৈ দিয়াতো চূড়ান্ত ভাবে ব্যর্থ হৈছে ৰাজ্য চৰকাৰ। চলিত চৰকাৰৰ কাৰ্যকাল আৰু মাত্ৰ এটা বছৰ আছে। তেনে প্রেক্ষাপটত চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি নূন্যতম ৩৫০ টকাৰ যি দাবী আছিল, সেই দাবী পূৰণত আজিও কৰিব নোৱাৰিলে। বিপৰীতে, অসম চৰকাৰে শেষৰখন বাজেটত চাহ শ্ৰমিকৰ নূন্যতম দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা সম্পর্কে কোনো গুৰুত্বই আৰোপ নকৰিলে ৰাজ্য চৰকাৰে। ইফালে এখনৰ পাছত সিখনকৈ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয় নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰি আহিছে অসম চৰকাৰে। কিন্তু সংখ্যা বাঢ়িলেও আন্তঃগার্থনিৰ অভাৱ। বহুকেইখন এনে শৈক্ষিক প্রতিষ্ঠানত অংশকালীন প্ৰৱক্তা, কৰ্মচাৰী আদিৰে কাম চলাই আছে।

সেই সন্দর্ভতো এই বাজেটত সঠিক আৰু স্পষ্ট পৰিকল্পনা দেখা পোৱা নগ’ল বুলি উল্লেখ কৰিছে ৰাইজৰ দলে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে, অসমৰ প্ৰকৃত উন্নয়ন কৰিবলৈ হ’লে জলসিঞ্চন ব্যবস্থাকে আদি কৰি বানপানী নিয়ন্ত্রণ, কৃষিখণ্ডৰ ব্যৱস্থাপনা, মাটি বিতৰণ সম্পৰ্কত চৰকাৰে গুৰুত্ব আৰোপ কৰিব লাগিব। তেওঁ কয় যে এই বাজেটমতে ৰাজ্য চৰকাৰে দিবলগীয়া পুঁজিতকৈ ধাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰাহে অধিকাংশ ধন লাভ কৰিব অসমে। ২০২৪-২৫ বাজেটখনত অসম চৰকাৰে ব্যয় ধাৰ্য কৰিছে ১,৫৫,৯৮৫.১৪ কোটি টকা। তেওঁ বিশ্লেষণ দাঙি ধৰি কয় যে ব্যয়ৰ প্ৰতি ১০০ টকাৰ ভিতৰত কেন্দ্ৰীয় কৰৰ পৰা আহিব ২৮.৬৩ টকা, কেন্দ্রীয় চৰকাৰৰ পৃষ্ঠপোষকতাত থকা আঁচনিৰ পৰা আহিব ১৫.৯৩ টকা, বিত্তীয় কমিশ্যনৰ গ্ৰাণ্টৰ পৰা ২.৮৮ টকা, কেন্দ্ৰৰ অন্যান্য আঁচনিৰ পৰা ২০ পইচা আৰু ধাৰৰ পুঁজিৰ পৰা আহিব ২৩.২৮ টকা। অর্থাৎ ১০০ টকাৰ ভিতৰত ৭০.৯২ টকায়েই আহিব ধাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা।

বাকী ২৯.০৮ টকা আহিব ৰাজ্য চৰকাৰৰ পৰা আহিব। এয়াই অসম চৰকাৰৰ শেষৰখন পূর্ণাংগ বাজেটৰ প্ৰকৃত অৱস্থা বুলি উল্লেখ কৰে অখিল গগৈয়ে। লগতে তেওঁ কয় যে অসম চৰকাৰৰ শেষৰ খন পূৰ্ণাংগ বাজেটত সৰু-সুৰা কেইটামান ঘোষণা কৰিলেও প্রকৃততে কৃষকসকলৰ বাবে নিৰ্বাচনী টোপ দিয়াৰ বাদে একো নাই। ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয় যে অসমীয়া হাতৰ পৰা ব্যৱসায় এতিয়া পুঁজিপতি বা ধৰ্ণাঢ্য ব্যক্তিৰ হাতলৈ গৈছে। কিন্তু নিবনুৱা মুক্ত সমাজ এখন গঢ়িবলৈ গাঁৱে প্রতি উদ্যোগ নিৰ্মাণত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ নকৰিলে এই বাজেটত। ‘বজাৰ আমাৰ, ব্যৱসায় আমাৰ’ নহলে অসমৰ প্ৰকৃত উন্নয়ন কেতিয়াও সম্ভৱ নহয় বুলি মন্তব্য কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am
Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd